Fri. Jan 17th, 2025
Hmas Israel war

কাটাৰৰ বিদেশ মন্ত্ৰী মোহম্মদ বিন আব্দুল ৰহমান বিন অল থানিয়ে জনোৱা মতে শুক্ৰবাৰে গাজাৰ স্থানীয় সময় পুৱা 7 বজাৰ পৰা হামাচ আৰু ইজৰাইলৰ মাজত আৰম্ভ হ’ব লগীয়া 4 দিনীয়া শান্তি চুক্তি কাৰ্যকৰী হ’ব । এই তথ্য আলজাজিৰা নিউজ চেনেলৰ ।

ইজৰাইল আৰু হামাচৰ মাজত লগা যুদ্ধৰ ফলত দুয়ো পক্ষৰ আৱদ্ধ হৈ পৰা সাধাৰণ লোকৰ প্ৰত্যাৰ্পনৰ বাবে সাময়িক ভাবে যুদ্ধ স্থগিত ৰখাৰ এক দাবী উথাপন হৈ আহিছিল । সেই অনুসৰি সাময়িক শান্তি চুক্তি কাৰ্যকৰী হোৱাৰ লগে লগে 24 নৱেম্বৰৰ পিছবেলা 4 বজাত হামাচৰ হাতত বন্দী হৈ থকা সাধাৰণ লোকৰ 13 জনক মুক্ত কৰি দিয়া হ’ব আৰু সাধাৰণ লোকৰ বাবে ঔষধ-খাদ্য আদি সাহায্য সামগ্ৰী লৈ অহা ট্ৰাক সমূহ ৰাফাহৰ ফালৰ পৰা গাজাত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব বুলি কাটাৰৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপত্ৰৰ উদ্ধিতিৰে আলজাজিৰা নিউজ চেনেলত প্ৰকাশ ।

উল্লেখযোগ্য যে এই বছৰৰ অক্টোবৰ মাহৰ 7 তাৰিখে পেলেষ্টাইনৰ ইছলামিক উগ্ৰপন্থী গোট হামাচৰ দ্বাৰা ইজৰাইলৰ সীমান্তবৰ্তী এলেকাত কৰা এক ধাৰাবাহিক ৰকেট আক্ৰমণৰ পিছত প্ৰত্যাক্ৰমণ ৰূপে হামাচৰ ঘাটি ধ্বংস কৰাৰ বাবে ইজৰাইলে পেলেষ্টানৰ ভিতৰ ভাগত হামাচৰ ওপৰত আক্ৰমণ কৰে । দুই পক্ষৰ এই যুদ্ধত এতিয়ালৈকে গাজাত 14,800 জন লোকৰ মৃত্যু হৈছে ইয়াৰে 4,600 জন শিশু বুলি এক তথ্যত প্ৰকাশ । ইজৰাইলৰ চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা মতে হামাচৰ আক্ৰমণত ইজৰাইলৰ 1200 জন লোকৰ মৃত্যু হৈছে । হামাচ-ইজৰাইলৰ এই যুদ্ধত অত্যধিক হাৰত হোৱা সাধাৰণ লোক আৰু শিশুৰ মৃত্যুৰ সংখ্যাই বিশ্বৰ বহ দেশত উদ্দেগৰ সৃষ্টি কৰিছে । আমাৰ পূৰ্বৰ বাতৰিত এই বিষয়ে প্ৰকাশ কৰা হৈছে ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *