Fri. Feb 7th, 2025
আফগান দূতাবাস

এক লিখিত ঘোষণাত আফঘানিস্তান দূতাবাসৰ ফালৰ পৰা জনোৱা হৈছে ,তেওঁলোকে দুখজনক ভাবে জনাব লগা হৈছে যে তালিবান আৰু ভাৰত চৰকাৰৰ নিৰবচিন্ন হেঁচাত আফঘানিস্তানৰ ইছলামিক গণৰাজ্যৰ ভাৰতৰ দিল্লীস্থ দূতাবাস 1 অক্টোবৰ,2023ৰ পৰা কাৰ্যকৰী হোৱাকৈ স্থায়ীভাবে বন্ধ কৰা হৈছে ।

দ্য ইণ্ডিয়াণ এক্সপ্ৰেচৰ এক বাতৰি অনুসৰি ভাৰতৰ দিল্লীস্থ দূতাবাসৰ কাম-কাজ বন্ধৰ ঘোষণাৰ সম্পূৰ্ণ দুমাহৰ পিছত আজি দূতাবাসৰ কাম-কাজ বন্ধ ঘোষণা কৰি ভাৰত চৰকাৰক অনুৰোধ জনায় যে ভাৰত চৰকাৰে যেন পূৰ্বৰ আফঘান গণতন্ত্ৰৰ জাতীয় পতাকা দূতাবাসৰ আৱাসত উৰাই ৰখাৰ অনুমতি দিয়ে ।

আফঘান দূতাবাসৰ ফাৱৰ পৰা আফঘান জনসাধাৰণৰ ইচ্ছাক সমৰ্থন কৰি উল্লেখ কৰা হয় যে যি সকলে সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি লোৱা এখন চৰকাৰ গঠন হোৱাত বাধা প্ৰদান কৰিছিল আৰু কোটি কোটি ছোৱালীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰাত ই কূটনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰিছিল ।

দূতাবাসৰ ফাৱৰ পৰা আৰু জনোৱা হয় যে আফগান ৰাষ্ট্ৰদূতৰ কাম-কাজৰ দায়িত্ব তেওঁলোকে ভাৰত চৰকাৰৰ হাতত অৰ্পন কৰিছে । ইয়াৰ পিছৰ পৰ্যায়ত এই মিছন বন্ধ ৰখা হ’ব নে তালিবান প্ৰতিনিধিলৈ হস্তান্তৰ কৰা হ’ব এই বিকল্পৰ সন্ধান কৰাটো এতিয়া সম্পূৰ্ণ ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *