কাটাৰত কৰ্মৰত আঠ জন ভাৰতীয় পূৰ্ব নৌ-বাহিনীৰ বিষয়া-কৰ্মচাৰীক কাটাৰৰ এখন আদালতে মৃ্ত্য়ু দণ্ডৰ আদেশ দিয়াৰ পিছত ভাৰত চৰকাৰে কাটাৰৰ আদালতত আপীল কৰিছে । জানিব পৰা মতে ভাৰত চৰকাৰৰ এই আপীল কাটাৰৰ কৰ্টে গ্ৰহণ কৰিছে আৰু ইয়াৰ শুনানি অতি সোনকালে হ’ব বুলি জনোৱা হৈছে ।
উল্লেখযোগ্য যে এই বছৰৰ অক্টোবৰ 26 তাৰিখত কাটাৰৰ কৰ্ট অৱ ফাৰ্ট ইঞ্চটেঞ্চ ( Qatar’s Court Of First Instance )য়ে অল দহৰা গ্লবেল টেকন’লজীজ এণ্ড কনচাল্টেঞ্চি চাৰ্ভিচেজ ( Al Dahra Global Technologies and Consultancy Services ) নামৰ এক প্ৰাইভেট কম্পেনীত কৰ্মচাৰী ৰূপে থকা তথা ভাৰতৰ নৌ- বাহিনীৰ পূৰ্ব কৰ্মচাৰী আঠজন ভাৰতীয়ক মৃ্ত্যু দণ্ডৰ ৰায় প্ৰদান কৰে । এই লোক কেইজনক যোৱা বছৰ অৰ্থাৎ 2022 চনৰ আগষ্ট মাহত আটক কৰা হৈছিল ।
কাটাৰত মৃত্যু দণ্ডৰে দণ্ডিত পূৰ্ব নৌ-বাহিনীৰ বিষয়া এই আঠজন ভাৰতীয় লোক হৈছে ক্ৰমে কেপ্টেইন নৱটেজ সিং গিল, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ ৱাৰ্মা, কেপ্টেইন সৌৰভ ৱাসিষ্ট, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ পুৰেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুনাকৰ পাকালা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা আৰু নাৱিক ৰাগেশ । কাটাৰৰ চোৰাংচোৱা বিভাগে এই আঠজন ভাৰতীয়ক দোহাৰ পৰা আটক কৰিছিল । ইণ্ডিয়া টুডেৰ এক বাতৰি অনুসৰি এই আঠজন ভাৰতীয়ক মধ্য-প্ৰাচ্যৰ এক কম্পেনীত কৰ্মৰত থাকোতে ইজৰাইলৰ হৈ চোৰাংচোৱাগিৰী কৰাৰ সন্দেহত 2022 চনৰ 30 আগষ্টত আটক কৰা হৈছিল ।
[…] অভিযোগত কাটাৰত মৃত্যুদণ্ডৰে দণ্ডিত ভাৰতীয় ন…ৰ শাস্তি হ্ৰাস কৰা হৈছে । বিবিচিৰ এক […]