Sat. Nov 2nd, 2024

কোচিন ইউনিভাৰচিটি অৱ চায়েঞ্চ এণ্ড টেকনোলজি (CUSAT)ত অনুস্থিত হোৱা এক সংগীতানুষ্ঠানত ঠেলা-হেঁচা আৰু দৌৰা-দৌৰিত ইউনিভাৰ্চিনিখনৰ 4 জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱা ঘটনাত পুলিচে এক কেছ ৰেজিষ্টাৰ কৰিছে আৰু প্ৰত্যক্ষ্যদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিছে ।

আনফালে প্ৰদেশ উচ্চ শিক্ষামন্ত্ৰী আৰ বিন্ধুয়ে উচ্চ শিক্ষাৰ প্ৰিঞ্চিপাল চেক্ৰেটেৰী,কোচিন বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ আৰু ৰেজিষ্ট্ৰাৰ সমণ্বিতে তিনিজনীয়া এক কমিটি গঠন কৰি ঘটনাটো অনুসন্ধান কৰি বিতং তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে । এই তথ্য কেৰেলাৰ পৰা প্ৰকাশিত অনমনোৰমা বাতৰি প্ৰতিষ্ঠানৰ ।

উল্লেখযোগ্য যে কোচিন ইউনিভাৰ্চিটি অৱ চায়েঞ্চ এণ্ড ডেকনোলজিৰ বাৰ্ষিক টেকনিকেল উৎসৱ ধিষ্ণাৰ অংশ হিচাপে কালি শনিবাৰে এখন মুকলি ষ্টেডিয়ামত নিখিতা গান্ধীৰ এক সংগীতানুষ্ঠান আয়োজন কৰা হৈছিল । বৰষুণৰ বাবে দৰ্শকৰ মাজত লৰা-ধপৰা আৰম্ভ হোৱাত ঠেলা-হেঁচা আৰু গছকত 4 গৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 60 জনৰো অধিক লোক আহত হয় ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোনে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *