পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা বহু প্ৰত্যাশিত ৰাজস্থান বিধান সভাৰ নিৰ্বাচন আজি সন্ধ্যা 6 বজাৰ লগে লগে অন্ত পৰে । সন্ধ্যা 5 বজা পৰ্য্যন্ত 68 শতাংশ ভোট দান হোৱা এই নিৰ্বাচনত সন্ধ্যা 6 বজাত ভোটকেন্দ্ৰ বন্ধ কৰালৈকে মুঠ 69 শতাংশ ভোট দান হয় ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰৰ নিৰ্বাচনত মুঠ 5,26,90,146 জন ভোটাৰে ভোট দানৰ অধিকাৰ সাব্যস্ত কৰাৰ সুবিধা লাভ কৰে ।
ইলেকচন কমিচনৰ তথ্য অনুসৰি মুঠ 68.24% শতাংশ ভোট দাতাই সন্ধ্যা 5 বজালৈকে ভোট দান কৰে । কিন্তু শেষতীয়া তথ্য অনুসৰি সন্ধ্যা 6 বজাত ভোটদান সামৰণি পৰালৈকে 69 শতাংশ ভোট দান হয় ।
মুঠ 200 খন বিধান সভা সমষ্টিৰ 199 খনত ভোট গ্ৰহণ হোৱা ৰাজস্থান বিধান সভাৰ এই বাৰৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল 5,26,90,146 জন আৰু মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল 1,875 জন । ইয়াৰে 183 গৰাকী মহিলা প্ৰাৰ্থী ।
মুঠ পুলিং ষ্টেশ্চনৰ সংখ্যা আছিল 51,507 টা ।
ৰাজস্থানৰ এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপি দুই দলৰ সমৰ্থকৰ বিশেষ উৎসাহ দেখা যায় যদিও কে চন্দ্ৰ শেখৰ ৰাওৰ নেতৃতাধীন ভাৰত ৰাষ্ট্ৰীয় সমিথি ( BRS) দলৰ সমৰ্থকো পিছ পৰি ৰোৱা নাই । কংগ্ৰেছ ,বিজেপি আৰু বি আৰ এছ ৰ মাজত তিনিকোণীয়া প্ৰতিযোগিতাত কোন দলে বিজয়ৰ হাঁহি মাৰে সেইটো 3 ডিচেম্বৰৰ হ’ব লগীয়া ভোট গণনাই নিৰ্ণয় কৰিব ।
3 ডিচেম্বৰত হ’ব লগীয়া ভোট গণনাত কেৱল ৰাজস্থানেই নহয় 2023 ইতিমধ্যে নিৰ্বাচন সম্পন্ন হৈ যোৱা মিজোৰাম,,মধ্যপ্ৰদেশ ,চটিশগড়ৰৰ নিৰ্বাচনী ফলাফলো একে দিনাই প্ৰকাশ কৰা হ’ব বুলি আশা কৰা যায় ।
2023 চনত হব লগীয়া পাঁচ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ তিনিখন ৰাজ্য মিজোৰাম,মধ্যপ্ৰদেশ ,চটিশগড়ৰ নিৰ্বাচন ইতিমধ্যে সম্পন্ন হৈ গৈছে । অহা 30 নৱেম্বৰত বাকী থকা ৰাজ্য তেলেংগানাৰ নিৰ্বাচন অনুস্থিত হ’ব । আশাকৰা মতে এই আটাই কেইখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল প্ৰকাশ কৰা হব অহা 3 ডিচেম্বৰত ।
[…] অনুস্তিত হ’ব লগীয়া 5 খন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ তেলেংগানাৰ বাদে বাকী চাৰিখন ৰাজ্যৰ […]
[…] যোগ্য যে এই বছৰৰ ২৫ নৱেম্বৰত ৰাজস্থান বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰ হৈছিল আৰু যোৱা ডিচেম্বৰৰ […]