Tue. Mar 25th, 2025
Picture of a ship in the sea

দেওবাৰে আগবেলা গ্ৰীচৰ সমীপৰ এক দ্বীপ লেচবুজৰ ওচৰত সাগৰীয় ধুমুহাৰ কবলত পৰি নিমখ কঢ়িয়াই নিয়া এখন জাহাজ সমুদ্ৰত ডুব যোৱাত 4জন ভাৰতীয় সহ 13জন জাহাজ কৰ্মী সন্ধানহীন হয় ।

কম’ৰোচ দ্বীপপুঞ্জত পঞ্জীকৃত দ্য ৰেপ্টৰ নামৰ জাহাজখনে ঈজীপ্তৰ পৰা ইস্তানবুললৈ 6,000 টন নিমখ কঢ়িয়াই নিছিল ।
এই জাহাজখনৰ মুঠ কৰ্মচাৰীৰ সংখ্যা আছিল 14 জন । ইয়াৰে আঠ গৰাকী ঈজিপ্টিচিয়ান,চাৰি গৰাকী ভাৰতীয় আৰু দুগৰাকী চিৰিয়ান নাগৰিক ।
দ্য টাইমচ অৱ ইণ্ডিয়াৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি পুৱা 7 বজাত জাহাজত এক যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে । সহায়ৰ বাবে বাৰ্তা প্ৰেৰণ কৰাৰ ঠিক কিছু পিছতে লেচবুৰ দক্ষিণ-পশ্চিমত প্ৰায় আঠ কিলোমিটাৰ নিলগত জাহাজখন সমুদ্ৰত ডুব যায় ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *