নেটফ্লিক্সৰ হিট ধাৰাবাহিক “ফৌদা”ত অভিনয় কৰা প্ৰখ্যাত ইজৰাইলী অভিনেতা ইডান আমেদি গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ সেনাৰ হৈ যুঁজি থকাৰ সময়ত গুৰুতৰভাৱে আহত হৈছে । পৰিয়াল আৰু চিকিৎসালয়ৰ পৰা পোৱা খবৰ অনুসৰি ৩৫ বছৰীয়া আমেদি বৰ্তমান টেল আভিভৰ সমীপৰ শ্বেবা টেল হাশ্বোমেৰ মেডিকেল চেণ্টাৰত সংকটজনক অৱস্থাত আছে । এই খবৰ চি এন এনৰ বাতৰিত প্ৰকাশ ।
উল্লেখযোগ্য যে কুৰ্দি বংশৰ আমেডিয়ে ২০১৭ চনত “ফৌদা” ছবিত ইজৰাইলী বিশেষ বাহিনীৰ এটা সদস্যৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি লাভ কৰাৰ পূৰ্বে ২০১০ চনত গায়ক-গীতিকাৰ হিচাপে খ্যাতি লাভ কৰিছিল। শেহতীয়াকৈ হামাছে উচটনি দিয়া ৭ অক্টোবৰৰ আক্ৰমণৰ পিছত তেওঁ গাজাত ইজৰাইলৰ সেনাৰ অভিযানত স্বেচ্ছাই যোগদান কৰিছিল।
আঘাতৰ কিছু সময়ৰ পূৰ্বে ইজৰাইলৰ এটা টেলিভিছন চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমেডীয়ে গাজাত হামাছে নিৰ্মাণ কৰা সুৰংগৰ বিস্তৃত নেটৱৰ্কৰ ওপৰত আলোকপাত কৰে। হামাছে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু সুৰংগ ধ্বংসৰ কথা উল্লেখ কৰি ইজৰাইলী বাহিনীয়ে কৰা আৱিষ্কাৰত তেওঁ বিস্ময় প্ৰকাশ কৰি চলি থকা অভিযানক তীব্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে গাজাত স্থল আক্ৰমণ তীব্ৰতৰ কৰি হামাছৰ সুৰংগ আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে, যাৰ ফলত দুয়োপক্ষৰ লোকৰ মৃত্যু হৈছে। আইডিএফৰ অভিযোগ যে হামাছে সমগ্ৰ ষ্ট্ৰিপটোকে সামৰি লোৱা সুৰংগৰ এক জটিল নেটৱৰ্ক নিৰ্মাণ কৰিছে, যিয়ে বিভিন্ন উদ্দেশ্য যেনে ব্যক্তি আৰু সামগ্ৰী পৰিবহণ, গোলাবাৰুদ সংৰক্ষণ, হামাছৰ বাবে নিয়ন্ত্ৰণ কেন্দ্ৰ হিচাপে কাম কৰে।
অক্টোবৰৰ শেষৰ ফালৰ পৰা এই সংঘাতত যথেষ্ট ক্ষয়-ক্ষতি হৈছে আৰু যুদ্ধত ১৮৫ জনতকৈ অধিক ইজৰাইলী সৈনিক আৰু ২৩ হাজাৰৰো অধিক পেলেষ্টাইনী নিহত হোৱাৰ বাতৰি পোৱা গৈছে বুলি আইডিএফ আৰু গাজাত হামাছৰ নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।
মন্ত্ৰী চিলি ট্ৰপাৰ আৰু গায়ক শ্লোমো আৰ্টজিকে ধৰি ইজৰাইলৰ বিশিষ্ট ব্যক্তিসকলে আমেদিৰ মংগলৰ বাবে উদ্বেগ প্ৰকাশ কৰি তেওঁৰ শীঘ্ৰে আৰোগ্য কামনা কৰিছে। গাজাত পৰিস্থিতি উত্তেজিত হৈ আছে, চলি থকা সামৰিক কাৰ্য্যকলাপ আৰু বৃদ্ধি পোৱা হত-আহতৰ ফলত ইজৰাইল আৰু হামাছৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে ।
বিশেষকৈ সংঘাতৰ অসামৰিক প্ৰভাৱৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় নিৰীক্ষণ আৰু নিন্দা কৰাৰ মাজতো হামাছৰ সুৰংগ নেটৱৰ্ক ভাঙি পেলোৱাৰ বাবে আইডিএফৰ অবিৰত প্ৰচেষ্টা অব্যাহত আছে।
আমেদিয়ে নিজৰ জীৱনৰ বাবে যুঁজি থকাৰ সময়তে গাজাত সংঘাত তীব্ৰতৰ হৈয়েই আছে । এই সংঘাতৰ তাৎক্ষণিক সমাধানৰ সম্ভাৱনা অনিশ্চিত ৰূপতেই আছে ।