Mon. Jul 14th, 2025
Bang;ladesh Army General Waker-Uz-Zaman
বাংলাদেশৰ সেনাবাহিনীৰ সেনাপ্ৰধান ৱাকাৰ-উজ-জামান ( ফটো-বিজিনেচ টুডে )

যোৱা প্ৰায় এমাহৰো অধিক কাল সংৰক্ষণ ব্যৱস্থাৰ প্ৰতিবাদত বাংলাদেশৰ ৰাজনৈতিক দল আৱামী লিগৰ নেতা তথা পূৰ্ব প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাৰ বিৰোদ্ধে চলা ছাত্ৰ আন্দোলন আৰু হিংসাত্মক প্ৰতিবাদে যোৱা সোমবাৰে ভীষণ ৰূপ ধাৰণ কৰে । ফলত প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাই পদত্যাগ কৰি দেশ এৰি পলায়ণ কৰিবলৈ বাধ্য হয় । নিজ দেশৰ পৰা পলায়ণ কৰি শ্বেইখ হাচিনাই চুবুৰীয়া দেশ ভাৰতত আশ্ৰয় গ্ৰহণ কৰে । তেওঁ ভাৰতৰ গাজিয়াবাদৰ হিণ্ডন বায়ু সেনাৰ ঘাটিত ৰাতিটো কটায় । ইতিমধ্যে তেওঁ ইউনাইটেড কিংডমত ৰাজনৈতিক আশ্ৰয়ৰ বাবে অনুমতি বিচাৰিছে । অনুমতি নিশ্চিত নোহোৱালৈকে তেওঁ তাতে আৰু কিছু দিন কটোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

ছাত্ৰ আন্দোলনৰ আলম লৈ বাংলাদেশত গৃহযুদ্ধ সদৃশ এক অৰাজক পৰিস্থিতি সৃষ্টি কৰি ৰাজনৈতিক সুবিধা আদায় কৰাৰ আঁৰত পাকিস্তান সমৰ্থিত আতংকবাদী সংগঠন জামাত-ই-ইছলামীৰ হাত আছে বুলি সন্দেহ কৰা হৈছে । বাংলাদেশৰ এই প্ৰতিবাদে ইতিমধ্যে হিন্দু-বিৰোধী প্ৰতিবাদলৈ ৰূপান্তৰ হৈছে । মিৰপুৰৰ ISKCON চেণ্টাৰত প্ৰতিবাদী সকলে আক্ৰমন কৰে আৰু জ্বলাই দিয়া হয় । বিজিনেচ টুডেৰ এক বাতৰিত এই খবৰ প্ৰকাশ । প্ৰতিবাদী নেতৃত্বই সোমবাৰে “ঢাকা চলো” আহ্বান দিয়াৰ লগে লগে হাজাৰ হাজাৰ প্ৰতিবাদী লোকেৰে ঢাকাৰ ৰাজপথ ভৰি পৰে । প্ৰতিবাদী সকলে আৱামী লিগৰ নেতা আৰু সদস্য সকলক আক্ৰমণৰ লক্ষ্য কৰি লয় । মিৰপুৰৰ জেল,প্ৰধানমন্ত্ৰীৰ বাসভৱনত আক্ৰমণ কৰে আৰু গৃহমন্ত্ৰীৰ ঘৰ জ্বলাই দিয়ে ।

উল্লেখযোগ্যে যে বাংলাদেশত হিন্দুৰ জনসংখ্যা 1 কোটি 31 লাখ । হিন্দুৰ ওপৰত আক্ৰমণ হ’লে, এই লোক সকল আশ্ৰয় সন্ধানত ভাৰতত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে । সেয়ে বাংলাদেশৰ সীমামূৰীয়া ৰাজ্য আৰু অঞ্চলত সমূহত সীমা সুৰক্ষা বাহিনী (BSF)ৰ ফালৰ পৰা সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দিয়া হৈছে । উল্লেখযোগ্য যে ভাৰতৰ 4096 কিলোমিটাৰ দৈৰ্ঘৰ সীমা বাংলাদেশৰ লগত সংলগ্ন ।

এক বাতৰি প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত গঠন হ’ব লগীয়া অন্তৱৰ্তীকালীন চৰকাৰৰ ভাবী প্ৰ্ৰধানমন্ৰী মোহম্মদ ইউনুচে বাংলাদেশৰ এই প্ৰতিবাদ ভাৰতলৈও বিয়পি পৰাৰ আশংকা প্ৰকাশ কৰে । লগতে তেওঁ বাংলাদেশৰ বৰ্ত্তমানৰ অশান্ত পৰিস্থিতিৰ প্ৰতি ভাৰতে বাংলাদেশৰ “ভিতৰুৱা সমস্যা” বুলি গণ্য কৰি দেখিও নেদেখাৰ ভাও জোৰাৰ বাবে অন্তৰৰ দুখ প্ৰকাশ কৰে । তেওঁ কয় যে এইটো ভায়েকৰ ঘৰ জ্বলা দেখিও আনজন ভায়েকে নেদেখাৰ ভাও জুৰাৰ দৰে হৈছে ।

ইতিমধ্যে বাংলাদেশৰ শাসন ক্ষমতা সেনাবাহিনীয়ে নিজৰ নিয়ন্ত্ৰণলৈ নিছে । নোবেল বঁটা বিজয়ী তথা বাংলাদেশৰ গ্ৰামীন বেংকৰ প্ৰতিষ্ঠাতা মোহম্মদ ইউনুচক প্ৰধানমন্ত্ৰী ৰূপে লৈ এক অন্তৱৰ্তীকালিন চৰকাৰ গঠন কৰা হ’ব বুলি সেনাবাহিনীৰ ফালৰ পৰা জনোৱা হৈছে । ইতিমধ্যে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে কাৰাগাৰত বন্দী হৈ থকা বাংলাদেশ নেচনেলিষ্ট দলৰ নেতা বেগম খাদেদা জিয়াক জেলৰ পৰা মুক্ত কৰি দিছে ।

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত উদ্ভৱ হোৱা এই ৰাজনৈতিক অস্থিৰতাৰ ওপৰত ভাৰত চৰকাৰে এক সজাগ দৃষ্টি ৰখা বুলি জানিব পৰা গৈছে । শ্বেইখ হাচিনাই দেশ এৰি ভাৰতত আশ্ৰয় লোৱাৰ পিছতে পৰিস্থিতিৰ বুজ ল’বলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক তৎকালীন বৈঠক আহ্বান কৰে । এই বৈঠকত বিদেশ মন্ত্ৰী এস জয়শংকৰে ঘটনাৰ আলোকপাত কৰে । বৈঠকত প্ৰধান মন্ত্ৰীৰ সুৰক্ষা উপদেষ্টা অজিত ডোভালেও অংশ গ্ৰহন কৰে । বাংলাদেশত উদ্ভৱ হোৱা অস্থিৰ ৰাজনৈতিক পৰিস্থিতি তথা ক্ষমতা সলনিৰ ওপৰত বিদেশ মন্ত্ৰী এস জয়শংকৰে দুয়ো সদনতে আজি সম্বোধন কৰিব বুলি জানিব পৰা গৈছে ।

Create your website

Naivedyanandan Sonowal

By khabartaza24

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

One thought on “জ্বলন্ত বাংলাদেশ : অন্তৱৰ্তীকালিন চৰকাৰ গঠনৰ প্ৰচেষ্টা”

Leave a Reply

Your email address will not be published. Required fields are marked *