Wed. Jan 1st, 2025
A photo of demonstration against genocideফটো- pexel.com

হামাছক সমূলঞ্চে ধ্বংস কৰাৰ বাবে ইজৰাইলে পেলেষ্টাইনত চলাই থকা মিলিটেৰী অভিযানত হামাছৰ সুৰংগত ৫ জন পণবন্দীৰ মৃতদেহ উদ্ধাৰ কৰিছে-এই তথ্য ইণ্ডিয়া টুডেৰ বাতৰিত প্ৰকাশ ।

বৰদিনৰ পূৰ্বে ঘেৰাও কৰি ৰখা পেলেষ্টাইনী এনক্লেভৰ সমগ্ৰ গাজাত ইজৰাইলৰ পৃথক পৃথক বিমান আক্ৰমণত ৭৮ জন লোক নিহত হয়। এই অস্থিৰতাৰ মাজতে ইজৰাইলী সেনাই গাজাৰ হামাছৰ বিস্তৃত সুৰংগ নেটৱৰ্কৰ পৰা পাঁচজন ইজৰাইলী পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰ কৰে। এই পণবন্দীসকলক, কৰুণভাৱে, বন্দীত্বৰ সময়ত হত্যা কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে । স্থানীয় সময় অনুসৰি দেওবাৰে পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই জনোৱা মতে, গাজাই বৰদিনৰ পূৰ্বে আটাইতকৈ মাৰাত্মক ৰূপ ধাৰণ কৰে।

এই তথ্য নিশ্চিত কৰি ইজৰাইলী সেনাই জনায় যে উত্তৰ গাজাৰ হামাছৰ ভূগৰ্ভস্থ সুৰংগ নেটৱৰ্কৰ পৰা বন্দী অৱস্থাত নিহত পাঁচজন ইজৰাইলী পণবন্দীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দক্ষিণ গাজাৰ খান ইউনিছত ইজৰাইলৰ পৃথক বিমান আক্ৰমণত আৰু ৮ জন লোকৰ মৃত্যু হোৱা বুলি চিকিৎসকে জনায়।

ঘটনাৰ বিবৰণি এনে ধৰণৰ :

দেওবাৰে নিশাৰ পৰা গাজাত আৰম্ভ হোৱা ইজৰাইলৰ আক্ৰমণ বৰদিনৰ দিনা সোমবাৰে পুৱালৈকে অব্যাহত আছিল। স্থানীয় বাসিন্দা আৰু পেলেষ্টাইনী সংবাদ মাধ্যমৰ মতে ইজৰাইলে মধ্য গাজাৰ আল-বুৰেইজত আকাশ আৰু স্থল গোলাবৰ্ষণ তীব্ৰতৰ কৰি তুলিছে।

প্ৰতিক্ৰিয়া আৰু অভিযোগ :

পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আশ্ৰাফ আল কিদ্ৰাই সংবাদ সংস্থা ৰয়টাৰক জনাইছে যে মাগাজী শৰণাৰ্থী শিবিৰত মহিলা আৰু শিশু সহ ৭০ জন লোক নিহত হয়।আনহাতে এক বিবৃতি যোগে হামাছে এই বিমান আক্ৰমণক “ভয়ংকৰ হত্যাকাণ্ড” আৰু “নতুন যুদ্ধাপৰাধ” বুলি অভিহিত কৰিছে।

ইজৰাইলৰ দখলত থকা পেলেষ্টাইনৰ পশ্চিম পাৰৰ চহৰ বেথলেহমত বহু বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উদযাপন কৰা বৰদিনৰ উৎসাহ যুদ্ধৰ মাজতে স্তিমিত হৈ পৰা দেখা গ’ল ।উল্লেখযোগ্য যে ২০০০ বছৰ পূৰ্বে খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্ত্তক যীচুৰ জন্ম হোৱা বুলি বিশ্বাস কৰা বেথলেহমত পেলেষ্টাইনী খ্ৰীষ্টানসকলে মমবাতি প্ৰজ্বলন কৰি ধৰ্মীয় স্তুতি গীত গোৱাৰ লগতে আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ।

পোপ ফ্ৰান্সিছৰ উদ্ধৃতিৰে ৰয়টাৰে এইদৰে কয় যে, ‘আজি ৰাতি আমাৰ হৃদয় বেথলেহমত আছে, য’ত শান্তিৰ ৰাজকুমাৰক যুদ্ধৰ অসাৰ যুক্তিয়ে, অস্ত্ৰৰ সংঘৰ্ষৰ দ্বাৰা আৰু এবাৰ নাকচ কৰা হৈছে যিয়ে আজিও তেওঁক পৃথিৱীত ঠাই বিচাৰি নাপায় ৰোমৰ ছেইণ্ট পিটাৰ বেচিলিকাত খ্ৰীষ্টমাছৰ পূৰ্বে মিছত সভাপতিত্ব কৰিছিল।

ধাৰণা কৰা হৈছে ৭ অক্টোবৰত ইজৰাইলক হঠাৎ আক্ৰমণ কৰাৰ পিছৰে পৰা হামাছে এতিয়াও ১০০ জনতকৈ অধিক লোক পণবন্দী কৰি ৰাখিছে । অৱশ্যে পূৰ্বৰ যুদ্ধবিৰতি চুক্তিৰ অধীনত হামাছে ১০৫ জন পণবন্দীক মুক্ত কৰাৰ বিপৰীতে ইজৰাইলে ২০০ৰো অধিক পেলেষ্টাইনী বন্দীক মুকলি কৰি দিছে ।

শান্তি আলোচনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা :

ক্ৰমাৎ বৃদ্ধি পোৱা শত্ৰুতাৰ এই পটভূমিত কূটনৈতিক প্ৰচেষ্টাসমূহে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আৰু সম্ভাৱ্য পণবন্দী বিনিময়ৰ আলোচনাৰ চেষ্টা চলাইছিল । কিন্তু ইজৰাইল আৰু হামাছৰ মাজত পূৰ্বৰ চুক্তিৰ মধ্যস্থতাকাৰী ৰূপে সহায় কৰা ইজিপ্ত আৰু কাটাৰৰ ব্যস্ত কূটনৈতিক আলোচনাত নতুন পণবন্দী বিনিময়-যুদ্ধবিৰতি চুক্তিৰ প্ৰচেষ্টাত বিশেষ অগ্ৰগতি দেখা নগ’ল।

ৰয়টাৰৰ বাতৰি অনুসৰি হামাছৰ সৈতে মিত্ৰতা কৰা সৰু উগ্ৰপন্থী সংগঠন ইছলামিক জেহাদে কয় যে তেওঁলোকৰ নিৰ্বাসিত জিয়াদ আল-নাখলালাৰ নেতৃত্বত এটা প্ৰতিনিধি দল দেওবাৰে আলোচনাৰ বাবে কায়ৰোত উপস্থিত হৈছেগৈ । প্ৰায় তিনিমাহজোৰা এই সংঘাতৰ সমাধানৰ প্ৰচেষ্টাৰে যুদ্ধবিৰতি সম্পৰ্কীয় আলোচনাৰ বাবে হামাছৰ মুৰব্বী ইছমাইল হানিয়েহও কায়ৰোত থকাৰ খবৰ প্ৰকাশ পাইছে।

বৰ্তমান প্ৰায় তিনি মাহ ধৰি চলি থকা ইজৰাইল-হামাছৰ দীৰ্ঘদিনীয়া সংঘাতৰ ফলত সাধাৰণ নাগৰিকৰ জীৱনত ভয়ংকৰ ক্ষতিসাধন হৈছে। গাজাত ২০,৪০০ৰো অধিক পেলেষ্টাইনী লোকে প্ৰাণ হেৰুৱাইছে ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *