Fri. Jan 17th, 2025
Picture of a candle sticksPhoto: Pixabay

শেহতীয়াকৈ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ দ্বাৰা চিহ্নিত ইৰাণ আৰু ইজৰাইলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতে সমগ্ৰ বিশ্বতে এক জোকাৰণি সৃষ্টি কৰিছে । এই ভূ-ৰাজনৈতিক উত্তেজনাৰ জোকাৰণি বিত্তীয় বজাৰতো অনুভূত হৈছে, যাৰ ফলত ভাৰতকে ধৰি বিশ্বজুৰি বিনিয়োগকাৰীসকলৰ মাজত যথেষ্ট অস্থিৰতা আৰু উদ্বেগ সৃষ্টি হৈছে।

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ বিশ্বব্যাপী ষ্টক মাৰ্কেটৰ প্ৰতিক্ৰিয়া

ইজৰাইলৰ ওপৰত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণে বিশ্বৰ তেল যোগানৰ বাবে অতি গুৰুত্বপূৰ্ণ অঞ্চল মধ্যপ্ৰাচ্যত দীৰ্ঘদিনীয়া অস্থিৰতাৰ আশংকা পুনৰ জগাই তুলিছে। বিনিয়োগকাৰীৰ আৱেগৰ মন্দাৱস্থাৰ ফলত ডাউ জ’নছ (the Dow Jones), এফ টি এছ ই (FTSE), নিকেই (Nikkei)কে ধৰি ডাঙৰ ডাঙৰ ষ্টক সূচকাংকসমূহৰ তীব্ৰ হ্ৰাস দেখা গৈছে । তেল যোগানৰ পথত সম্ভাৱ্য ব্যাঘাতৰ উদ্বেগৰ মাজতে তেলৰ মূল্য বৃদ্ধি পোৱাৰ ফলত বজাৰৰ আস্থাক আৰু অধিক জোকাৰি গৈছে । খাৰুৱা তেলৰ ভৱিষ্যত (futures) ৫%তকৈ অধিক উৰ্ধগামী হৈ এই বছৰৰ আৰম্ভণিৰ পৰা দেখা নোপোৱা মাত্ৰাত উপনীত হৈছে । যাৰ ফলত মুদ্ৰাস্ফীতিৰ চাপৰ সৃষ্টি হৈছে যিয়ে বিশ্বৰ অৰ্থনৈতিক বিকাশত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।


নাছডাক(Nasdaq)ৰ দৰে টেক-হেভি সূচকাংকসমূহেও যথেষ্ট লোকচানৰ সন্মুখীন হৈছে । অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ লগে লগে বহু বিনিয়োগকাৰীয়ে সোণৰ দৰে নিৰাপদ সম্পত্তিৰ আশ্ৰয়স্থল বিচাৰি লৈছে ,যাৰ ফলত ইয়াৰ মূল্য বৃদ্ধি পাইছে । আনহাতে ইকুইটিৰ দৰে বিপদৰ সম্ভাৱনা থকা সম্পত্তি বিক্ৰীৰ সন্মুখীন হৈছে । আনকি আজিও এই ট্ৰেণ্ড অটুত আছে ।

ভাৰতীয় শ্বেয়াৰ বজাৰত প্ৰভাৱ

বিশ্ব অৰ্থনৈতিক উন্নয়নৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ভাৰতৰ শ্বেয়াৰ বজাৰখনো সংকটৰ পৰা মুক্ত হৈ নাথাকিল । কালি দিনটোত বিএছই চেন্সেক্স ( BSE Sensex) আৰু নিফটি ৫০ (Nifty 50)ৰ ব্যৱসায় অস্থিৰ হৈ পৰা দেখা গ’ল । তেলৰ মূল্যৰ প্ৰতি সংবেদনশীল খণ্ড যেনে বিমান সেৱা সংস্থা, পৰিবহণ, আৰু উৎপাদনৰ ক্ষেত্ৰৰ বজাৰ দৰ তীব্ৰভাবে হ্ৰাস পাইছিল। ভূ-ৰাজনৈতিক বিপদ বৃদ্ধিৰ মাজতে বিশ্বৰ বিনিয়োগকাৰীসকলে সুৰক্ষিত মুদ্ৰাৰ দিশে আগবাঢ়ি যোৱাৰ ফলত ভাৰতীয় টকাৰ ওপৰতো হেঁচা পৰিছে আৰু আমেৰিকান ডলাৰৰ বিপৰীতে ইয়াৰ মূল্য হ্ৰাস পাইছে ।
শক্তি নিৰ্ভৰশীল কোম্পানীসমূহে বিশেষকৈ বিমান আৰু লজিষ্টিক খণ্ডৰ কোম্পানীসমূহে বিক্ৰীৰ বোজা বহন কৰিব লগীয়া হৈছিল । খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ অৰ্থ হ’ল এই ব্যৱসায়সমূহৰ বাবে কাৰ্য্যকৰী খৰচ বৃদ্ধি, আৰু আগন্তুক অনিশ্চয়তাই বহু বিনিয়োগকাৰীক এই ষ্টকসমূহৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাইছে ।

ভাৰতত বিনিয়োগকাৰীৰ আৱেগ: সুৰক্ষা মূলক ব্যৱস্থা গ্ৰহণ

ভাৰতীয় বিনিয়োগকাৰীসকলেও তেওঁলোকৰ বিশ্বৰ আন বিনিয়োগকাৰীৰ দৰে সোণ আৰু চৰকাৰী বণ্ডত নিৰাপত্তা বিচাৰিবলৈ আৰম্ভ কৰিছে । ইকুইটিৰ পৰা বিনিয়োগকাৰীসকল আঁতৰি যোৱাৰ লগে লগে ভাৰতত সোণৰ মূল্যই অভিলেখ সৃষ্টি কৰে । ভাৰতীয় শ্বেয়াৰ বজাৰখন সদায় তেলৰ মূল্যৰ হ্ৰাস-বৃদ্ধিৰ প্ৰতি সংবেদনশীল । যিহেতো মধ্যপ্ৰাচ্যৰ সংঘাত হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই, অনাগত সপ্তাহত এই অস্থিৰতা অব্যাহত থকাৰ সম্ভাৱনা আছে।

আটাইতকৈ বেছি তাপ অনুভৱ কৰা খণ্ড সমূহ

তেল আৰু গেছ: তেলৰ মূল্য বৃদ্ধিৰ লগে লগে আমদানিৰ ওপৰত অধিক নিৰ্ভৰশীল কোম্পানীসমূহে বৰ্দ্ধিত খৰচৰ সন্মুখীন হৈছে, যিটো তেওঁলোকৰ ষ্টকৰ মূল্যত প্ৰতিফলিত হৈছে।

অটোমোবাইল আৰু পৰিবহণ: ইন্ধনৰ ব্যয় বৃদ্ধিয়ে উৎপাদন আৰু লজিষ্টিকছৰ ব্যয় বৃদ্ধিৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে । যাৰ ফলত এই উদ্যোগসমূহৰ শ্বেয়াৰৰ মূল্য হ্ৰাস পাইছে।

বেংকিং আৰু বিত্তীয় সেৱা: তেলৰ মূল্য বৃদ্ধিৰ বাবে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ বিপদে আৰ বি আইক সুতৰ হাৰৰ নীতিৰ ওপৰত পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰাব পাৰে, যাৰ ফলত বেংকিং খণ্ডত আৰু অধিক অনিশ্চয়তা বৃদ্ধি পাব পাৰে।

বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগী: ইয়াৰ পিছত কি ?

বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে যদিহে সংঘাত তীব্ৰতৰ হয় তেন্তে বিশ্বৰ শ্বেয়াৰ বজাৰত দীৰ্ঘদিনীয়া মন্দাৱস্থাৰ সন্মুখীন হ’ব পাৰে, কিয়নো বিনিয়োগকাৰীসকল ভূ-ৰাজনৈতিক পৰিৱেশৰ প্ৰতি সতৰ্ক হৈ আছে। চলি থকা যুদ্ধই বিশ্ব শক্তি যোগানৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে, যিয়ে মুদ্ৰাস্ফীতি আৰু অধিক বৃদ্ধি কৰিব পাৰে আৰু বিশ্ব অৰ্থনৈতিক পুনৰুদ্ধাৰৰ গতি লেহেমীয়া কৰিব পাৰে।

ভাৰতীয় বজাৰৰ বাবে ভৱিষ্যত অনিশ্চিত হৈয়ে আছে । হ্ৰস্বম্যাদী বিঘিনি স্পষ্ট হ’লেও দীৰ্ঘম্যাদী দৃষ্টিভংগী মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কেনেদৰে বিকশিত হয় তাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব। বজাৰ বিশ্লেষকসকলে সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিছে । বিনিয়োগকাৰীসকলক তেওঁলোকৰ পৰ্টফলিঅ’ৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।

শেহতীয়াকৈ ইৰাণে ইজৰাইলৰ ওপৰত কৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত সমগ্ৰ বিশ্ব আৰু ভাৰতীয় শ্বেয়াৰ বজাৰত এক শৃংখল প্ৰক্ৰিয়াৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, যিয়ে ভূ-ৰাজনৈতিক অস্থিৰতাৰ গভীৰ আশংকাক প্ৰতিফলিত কৰিছে। তেলৰ দাম বৃদ্ধি , ইকুইটি বজাৰৰ অৱনতি, বিনিয়োগকাৰীৰ আৱেগ সতৰ্ক হোৱাৰ লগে লগে অনাগত দিনত যদিহে সংঘাত অব্যাহত থাকে তেন্তে বজাৰত আৰু অধিক উত্থান-পতনৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
বিশ্ব আৰু ভাৰতীয় বিনিয়োগকাৰী উভয়ৰে বাবে এইয়া হৈছে পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰখা আৰু সেই অনুসৰি কৌশলসমূহ সালসলনি কৰাৰ সময়, কিয়নো শ্বেয়াৰ বজাৰৰ অস্থিৰতা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।


khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *