Fri. Feb 7th, 2025
Alive Under The Collapsed Tunnel

উত্তৰাখণ্ডৰ এক দুৰ্ঘটনাত পথ সুৰংগ নিৰ্মানত লিপ্ত 41 জন কৰ্মী সুৰংগ ভাগি আৱদ্ধ হৈ পৰাৰ পিছত সম্পূৰ্ণ ন দিনৰ অন্তত উদ্ধাৰ কৰ্মীৰ কেমেৰাত প্ৰথম ভিডিওত আৱদ্ধ কৰ্মী কেইজন জীৱন্ত ৰূপত দেখা যায় । এক অতি ঠেক অংশত থিয় হৈ থকা কৰ্মী কেইজনক চেফটি হেলমেট আৰু সুৰক্ষা জেকেট পৰিহীত অৱস্থাত দেখা যায় । এই ভিডিওই কৰ্মী সকলৰ পৰিয়ালৰ লোকৰ মনত যথেষ্ট আশাৰ সঞ্চাৰ কৰে ।

The collapsed tunnel

4.5 কিলোমমিটাৰ দৈৰ্ঘ্যৰ এক সুৰংগ পথ নিৰ্মান কাৰ্যত লিপ্ত কৰ্মী কেইজন যোৱা 12 নৱেম্বৰৰ পুৱাৰ ভাগতে সুৰংগৰ মাটি খহি পৰাত মুঠ 41 জন কৰ্মী নিৰ্মানৰত সুৰংগটোত আৱদ্ধ হৈ পৰে । এতিমধ্যে কৰ্মী কেইজনক উদ্ধাৰৰ বাবে চলোৱা প্ৰথম প্ৰচেষ্টা বিফল হোৱাৰ পিছত কৰ্মী কেইজনৰ জীৱন্ত ৰূপত দেখা পোৱা ভিডিওটোৱে সকলোৰে মাজত এক আশাৰ সঞ্চাৰ কৰিছে ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

2 thought on “সুৰংগ খহি টানেলত আৱদ্ধ 9 দিন : জীৱন্ত কৰ্মীৰ প্ৰথম ভিডিওই জোকাৰিছে দেশ”

Leave a Reply

Your email address will not be published. Required fields are marked *