Sat. Nov 2nd, 2024
A battle tankPexels.com

মূল পইণ্ট সমূহ-

  • ২০০৬ চনৰ পিছত ইজৰাইলী বাহিনীৰ দক্ষিণ লেবাননত হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি প্ৰথমবাৰৰ বাবে স্থল আক্ৰমণ।
  • হিজবুল্লাহ নেতা হাছান নছৰল্লাহক হত্যা কৰা বুলি কোৱা বিমান আক্ৰমণকে ধৰি ধাৰাবাহিক বিমান আক্ৰমণৰ পিছতে এই পদক্ষেপ।
  • আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে ইৰাণে ইজৰাইলক আক্ৰমণ কৰিলে ভুগিব লগা “গুৰুতৰ পৰিণতি”ৰ বিষয়ে সকীয়াই দিছে, একে সময়তে অধিক তীব্ৰতা বৃদ্ধি ৰোধ কৰিবলৈ কূটনীতিৰ আহ্বান ।
  • মধ্যপ্ৰাচ্যত ক্ৰমাৎ উত্তেজনা বৃদ্ধি হোৱা আৰু অঞ্চলটোৰ ভূ-ৰাজনৈতিক পৰিৱেশ আৰু অধিক স্থানান্তৰিত হোৱাৰ আশংকাৰ ওপৰত বিশ্বৰ তীক্ষ্ণ দৃষ্টি ।

চলি থকা সংঘাতৰ তীব্ৰতা অধিক বৃদ্ধি কৰি ইজৰাইলী সেনা বাহিনীয়ে আজি ২০২৪ চনৰ ১ অক্টোবৰ মঙলবাৰে হিজবুল্লাহৰ ঘাটিক লক্ষ্য কৰি দক্ষিণ লেবাননত স্থলভাগেৰে আক্ৰমণ চলায় । ২০০৬ চনৰ যুদ্ধৰ পিছত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত প্ৰত্যক্ষ স্থল যুদ্ধৰ এইটো হৈছে প্ৰথমটো দৃষ্টান্ত যি সমগ্ৰ অঞ্চলটোত উত্তেজনা যথেষ্ট তীব্ৰতৰ কৰি তুলিছে।

Redmi Note 13 Pro (Scarlet Red, 8GB RAM, 128GB Storage)

Buy on Amazon

ইজৰাইলৰ ধাৰাবাহিক বিমান আক্ৰমণৰ পিছতে এই অভিযান চলোৱা হৈছে, এনে এটা বিমান আক্ৰমণতে হিজবুল্লাহৰ দীৰ্ঘদিনীয়া অধিনায়ক হাছান নাছৰল্লাহৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ হৈছিল । ইজৰাইলৰ সেনাই এই আক্ৰমণক “নিয়ন্ত্ৰিত, নিৰ্দিষ্ট এলেকা ভিত্তিক আৰু নিখুঁত” বুলি অভিহিত কৰিছে, যাৰ লক্ষ্য হৈছে উত্তৰ অঞ্চলত ইজৰাইলী বসতিস্থলসমূহৰ প্ৰতি অতি সমীপৰ পোনপতীয়া ভাবুকি নিষ্ক্ৰিয় কৰা । হিজবুল্লাহৰ দুৰ্গসমূহক কেন্দ্ৰ কৰি ইজৰাইলৰ সীমান্তৰ সমীপৰ গাঁওসমূহত এই আক্ৰমণ চলোৱা হৈছে, য’ত গাজাত শত্ৰুতা আৰম্ভ হোৱাৰ পিছৰে পৰা গোটটোৱে ৰকেট আক্ৰমণ চলাই আহিছে ।

আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হিজবুল্লাহ আৰু হামাছ দুয়োটাকে সমৰ্থন কৰা ইৰাণক সকীয়াই দি কয় যে “মধ্যপ্ৰাচ্যৰ ক’তো এনে ঠাই নাই য’লৈ ইজৰাইলে যাব নোৱাৰে”। বেইৰুটৰ দক্ষিণে হোৱা বিমান আক্ৰমণৰ মাত্ৰ কেইদিনমানৰ পিছতে তেওঁৰ এই মন্তব্য আহি পৰিছে যি আক্ৰমণত নছৰাল্লাহৰ মৃত্যু হৈছিল।
ইফালে, আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে পুনৰবাৰ উল্লেখ কৰে যে ইজৰাইলৰ বিৰুদ্ধে যদি তেহৰানে প্ৰত্যক্ষ সামৰিক সংঘাতত লিপ্ত হয়, তেন্তে ইৰাণে ইয়াৰ “গুৰুতৰ পৰিণতি” ভুগিব লাগিব । মন কিব লগীয়া যে ইজৰাইলে লেবাননৰ ওপৰত বিমান আক্ৰমণ আৰম্ভ কৰাৰে পৰা ইৰাণে ইজৰাইলক আক্ৰমণ কৰাৰ ভাবুকি দি আহিছে । ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্টৰ সৈতে হোৱা আলোচনাৰ সময়ত অষ্টিনে ইৰাণৰ যিকোনো ভাবুকিৰ পৰা নিজৰ কৰ্মী, মিত্ৰ আৰু অংশীদাৰসকলক ৰক্ষা কৰিবলৈ আমেৰিকাৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সীমান্তৰ দুয়োপাৰৰ সাধাৰণ নাগৰিকৰ নিৰাপদে উভতি অহাটো নিশ্চিত কৰিবলৈ তেওঁ কূটনৈতিক সিদ্ধান্ত গ্ৰহণৰ আহ্বান জনায়।
আনহাতে ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত হিজবুল্লাই দাবী কৰে যে মেটুলাত থকা ইজৰাইলৰ সৈন্যক আৰ্টিলাৰী গুলীৰে লক্ষ্য কৰি লোৱা বুলি । কিন্তু ইজৰাইলৰ স্থলপথ আক্ৰমণৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। দুয়োপক্ষই অধিক সংঘাতৰ বাবে সাজু হোৱাৰ ফলত পৰিস্থিতি অত্যন্ত অস্থিৰ হৈ আছে।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোনে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *