Mon. Jul 14th, 2025
Parliament buildingPhoto-LiveLaw

সোমবাৰে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভা আৰু ৰাজ্যসভা এই দুই সদনৰ পৰা, এদিনতে ৭৮ জন সাংসদক অভূতপূৰ্ব নিলম্বন কৰাৰ পিছত আজি পুনৰ ৪৯ জন সাংসদক দুই সদনৰ পৰা বহিষ্কাৰ কৰা হয় । ফলত বহিষ্কৃত সংসদৰ সংখ্যা হয়গৈ ১৪১ ।

সোমবাৰে অধিক সংখ্যক ৭৮ জন সাংসদক সদনৰ পৰা বহিষ্কাৰ কৰা ঘটনাক গণতন্ত্ৰৰ ওপৰত চৰকাৰৰ এক আক্ৰমন আখ্যা দিয়ে বিৰোধী পক্ষই ।

শুকুৰবাৰৰ ভিতৰত সমাপ্ত হ’বলগীয়া শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাত এই সাংসদসকলৰ অধিকাংশই অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু সংসদৰ বিশেষাধিকাৰ সমিতিৰ সিদ্ধান্ত নোহোৱালৈকে ইয়াৰে প্ৰায় দুই ডজন লোকে বৰ্ধিত বৰ্জনৰ সন্মুখীন হ’ব পাৰে।

নিলম্বিত সাংসদসকল প্ৰধানকৈ INDIA মিত্ৰজোঁটৰ অন্তৰ্গত, যিটো বিৰোধী দলৰ মিত্ৰজোঁটে অহা বছৰ আগন্তুক সাধাৰণ নিৰ্বাচনত মোডী ডাঙৰীয়াৰ ভাৰতীয় জনতা পাৰ্টিক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্য লৈছে ।

উল্লেখযোগ্য যে ৫৪৩ জনীয়া লোকসভাত ( সংসদৰ নিম্ন সদন ) মিত্ৰজোঁটৰ ১৪২ জন সাংসদ আছে । ইয়াৰে বৰ্তমান নিলম্বিত হৈ থকা ৯৫ জন সদস্য অন্তৰ্গত । ফলত লোক সভাত উপস্থিত থাকিব পৰা মিত্ৰজোঁটৰ সাংসদৰ সংখ্যা হ’ল ৪৭ । তদুপৰি ২৫০ জনীয়া উচ্চ সদন ৰাজ্যসভাত ( য’ত কেইখনমান আসন খালী হৈ আছে ) মিত্ৰজোঁটৰ ১০১ জন সাংসদ আছে, ইয়াৰে ৪৬ জন সাংসদ নিলম্বিত কৰা হৈছে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে মঙলবাৰে তেওঁৰ নিজৰ নিলম্বনৰ পিছত মন্তব্য কৰি কয় যে, “দুখৰ বিষয় যে আমি ভাৰতত সংসদীয় গণতন্ত্ৰৰ অৱসানৰ কাষ চাপি অহা যেন লাগে,”।

ইয়াৰ বিপৰীতে শাসকীয় বিজেপিয়ে বিৰোধী নেতাসকলক উদ্দেশ্যপ্ৰণোদিতভাৱে সংসদীয় কাৰ্য্যবিধি ব্যাহত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

উল্লেখযোগ্য যে কেইবাজনো বিৰোধী সাংসদে যোৱা সপ্তাহত সংঘটিত হোৱা নিৰাপত্তা ভংগ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ বা মোডী ডাঙৰীয়াৰ পৰা সংসদত বিবৃতিৰ বাবে আহ্বান জনাই আহিছিল । এই ঘটনাৰ সময়ত দুজন ব্যক্তিয়ে সংসদত প্ৰৱেশ কৰি এক ৰঙীন গেছৰ ধোঁৱা এৰি দি কৰি শ্লোগান দিয়াৰ বিপৰীতে চৌহদৰ বাহিৰত আন দুজন ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

বিবিচিৰ বাতৰিত প্ৰকাশ যে বৰ্তমানলৈকে এই গোচৰৰ সৈতে জড়িত ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত আৰক্ষীয়ে চাৰিজন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত অভিযোগ উত্থাপন কৰিছে ।

Naivedyanandan Sonowal

By khabartaza24

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *