Fri. Jan 17th, 2025

ষ্টেদি দ্য ফ্ৰাঞ্চ ষ্টেডিয়ামত উল্লাসিত দৰ্শকৰ সমুখত প্ৰদৰ্শন কৰি তাৰকা জেভেলিন নিক্ষেপক নীৰজ চোপ্ৰাই পেৰিছ অলিম্পকৰ পুৰুষৰ জেভেলিন নিক্ষেপনৰ প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰিছে ।

নীৰজে 89.45 মিটাৰ দূৰত্বৰ নিক্ষেপনেৰে দ্বিতীয় স্থান দখল কৰে । এইটো যদিও তেওঁৰ এই ছিজনৰ সৰ্বোকৃষ্ট প্ৰদৰ্শন আছিল তথাপি ই সোণৰ পদক বুটলিবলৈ সক্ষম নহ’ল । জেভেলিন নিক্ষেপনৰ সোণৰ পদক লাভ কৰিছে পাকিস্থানৰ খেলুৱৈ এৰছাদ নাদিমে । যি 92.97 মিটাৰ দূৰত্ব নিক্ষেপনেৰে এক নতুন অলিম্পিক ৰেকৰ্ড গঢ়ে ।

ইয়াৰ পূৰ্বে অলিম্পিক ৰেক্ৰড আছিল 90.57 মিটাৰ, যিটো ৰেকৰ্ড গঢ়িছিল নৰৱেইৰ এনড্ৰিয়াছ থৰ্কইল্ডছেনে 2008ৰ বেইজিংঅলিম্পিকত। তিনিবাৰৰ অলিম্পিক চেম্পিয়ণ তথা বিশ্ব ৰেকৰ্ডৰ অধিকাৰী  থৰ্কইল্ডচেন চেক গণৰাজ্যৰ জেন জেলেনজিৰ সৈতে থৰ্কইল্ডচেনো এইবাৰৰ প্ৰদৰ্শনত উপস্থিত আছিল ।

এই সাফল্যৰে নীৰজে নিৰবছিন্ন আৰু এককভাবে অলিম্পিকত পদক জয় কৰা ট্ৰেক-এণ্ড ফিল্ডৰ প্ৰথম আৰু তৃতীয় ভাৰতীয়ৰ গৌৰৱ অৰ্জন কৰে । ইয়াৰ পূৰ্বৰ আন দুজন ভাৰতীয় হৈছে মল্লযুঁজাৰু শুশীল কুমাৰ ( 2008 আৰু 2012 ) আৰু বেদমিণ্টন খেলুৱৈ পিভি সিন্ধু ( 2016 আৰু 2021 ) যি এই গৌৰৱ অৰ্জন কৰিছে ।

উল্লেখযোগ্য যে পেৰিছ অলিম্পিকৰ 13তম দিনটোত ভাৰতীয় হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নীৰজে টকিও অলিম্পিকত সোণৰ পদক জয় কৰিছিল । ৰুপৰ পদক জিকাৰ পিছত নিৰজে কয়,” আমি যেতিয়া দেশৰ বাবে এটা পদক জয় কৰোঁ আমি সকলোৱে সুখী অনুভৱ কৰোঁ । এতিয়া খেল আৰু উন্নত কৰাৰ সময় । আমি বহিম,আলোচনা কৰিম আৰু আমাৰ পাৰদৰ্শিতা বৃদ্ধি কৰিম । পেৰিছ অলিম্পকত ভাৰতে ভাল প্ৰদৰ্শন কৰিছে আৰু প্ৰতিযোগিতাখন অতি শক্তিশালী আছিল । আজি এৰছাদৰ দিন আছিল । মই মোৰ ফালৰ পৰা সাধ্য অনুযায়ী আগবঢ়াইছো । কিন্তু এনে কিছুমান ক্ষেত্ৰ আছে যিবোৰ উন্নত কৰাৰ প্ৰয়োজন ।  “

তেওঁ লগতে কয়, “ আমাৰ ৰাষ্ট্ৰীয় সংগীত আজি গোৱা হোৱা নাই । কিন্তু এইটো নিশ্চিতভাবে ক’ৰবাত এদিন গোৱা হব ।”

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *