মংগলবাৰে সাগৰীয় ঘূৰ্ণীবতাহ মিগজউন অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাৰ ভূমি ভাগত আঘাত কৰে । অন্ধ্ৰপ্ৰদেশ স্থলভাগত আঘাত কৰাৰ পূৰ্বে দুদিন ধৰি চেন্নাইৰ ওপৰেদি এই সাগৰীয় ঘূৰ্ণীবতাহ বৈ যোৱাৰ ফলত চেন্নাই আৰু তামিলনাডুৰ অন্য অঞ্চলৰ বাট-পথ বৰষুণৰ পানীৰে জলমগ্ন হৈ পৰিছিল । হিন্দুস্তান টাইমচৰ বাতৰি অনুসৰি প্ৰবল বৃষ্টিপাতৰ ফলত চেন্নাই আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলকে সামৰি জলমগ্ন আৰু প্লাৱিত হৈ পৰাত অন্তত 12 জন লোকৰ মৃ্ত্যু হৈছে ।
বিবিচিৰ বাতৰি অনুসৰি প্ৰবল বৃষ্টিপাতৰ ঘটনাত অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত এটা কেঁচুৱাকে ধৰি মুঠ ন জন লোকৰ মৃত্যু হৈছে । চৰকাৰী উদ্ধাৰকাৰী দল তথা সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীয়ে দুইখন ৰাজ্যৰ জলমগ্ন হ’ব পৰা দ ঠাই সমূহৰ পৰা কেইবাহাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে । বহু জনবসতিপূৰ্ণ অঞ্চল পানীত ডুব গৈছে । আনকি গাড়ী পানীত ওপঙি থকা দেখা গৈছে ।
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰা জনোৱা অনুসৰি ঘূৰ্ণীবতাহ মিগজউনে অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ আৰু কাভেলীৰ মাজৰ অঞ্চলত আঘাত কৰে ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ( Indian Meteorological Department ) IMDৰ মতে ঘূৰ্ণীবতাহটোৰ গতিবেগ হ’ব পাৰে ঘণ্টাত 110 কিলোমিটাৰ । অৱশ্যে ভূমি ভাগত খুন্দা মৰাৰ পিছত ইয়াৰ গতিবেগ ক্ৰমে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । অন্ধ্ৰপ্ৰদেশত অতি কমেও 9,500 লোকক স্থানান্তৰ কৰি 211 টা আশ্ৰয় শিবিৰত ৰখা হৈছে । IMD ৰ ডিৰেক্টৰ জেনেৰেল মৃত্যুঞ্জয় মহাপাত্ৰই সাংবাদিকক জনোৱা অনুসৰি অন্ধ্ৰপ্ৰদেশত অত্যধিক ৰূপত প্ৰচণ্ড বৃষ্টিপাত হ’ব । বুধবাৰৰ ৰাতিপুৱাৰ ভাগলৈহে ই কিছু দুৰ্বল হ’ব ।
অন্ধ্ৰপ্ৰদশৰ তিৰুপতি জিলাত এখন দেৱাল খহি পৰাৰ ফলত এটি চাৰি বছৰীয়া শিশুৰ মৃত্যু হয় । মংগলবাৰে প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত ঘৰ ভাগি বা বিদ্যুত প্ৰবাহিত হৈ তামিলনাডুত আঠ জন লোকৰ মৃত্যু হয় । অন্ধ্ৰপ্ৰদেশত কেইবাখনো ৰেল আৰু উৰাজাহাজৰ উৰণ বাতিল কৰা হৈছে । লগতে শস্য নষ্ট হোৱাৰ খবৰ পোৱা গৈছে ।
প্ৰচণ্ড বৰষুণ আৰু বতাহে আঘাত কৰাৰ লগে লগে তামিলনাডুৰ উপকুলীয় এলেকা সমূহৰ পৰা সোমবাৰে 7000 লোকক অন্য স্থানলৈ স্থানান্তৰিত কৰা হয় । ৰাণৱেই পানীত ডুব যোৱাত চেন্নাইৰ এয়াৰপৰ্ট বন্ধ কৰি দিব লগা হয় ।
বাতৰি অনুসৰি অন্ধ্ৰপ্ৰদেশ,তামিলনাডু ,টেলেংগানা আৰু পুডুচেৰীত NDRFৰ 29 টা দল উদ্ধাৰ আৰু সাহায্যৰ কামত নিয়োজিত হৈ আছে । ক্ষতিগ্ৰস্ত লোকৰ সাহায্য-পুণ সংস্থাপন আৰু আন্ত গাঠনি পুণৰ নিৰ্মানৰ বাবে তামিলনাডু চৰকাৰে কেন্দ্ৰ চৰকাৰৰ পৰা 5,000 কোটি টকাৰ সাময়িক সাহায্যৰ বিচাৰিছে ।
চৰকাৰী কাৰ্যালয়ৰ পৰা জনোৱা মতে চেন্নাই আৰু অন্ধ্ৰপ্ৰদেশৰ এলুৰু জিলাত বুধবাৰে স্কুল-কলেজ বন্ধ ঘোষণা কৰা হৈছে ।