পূৰ্বৰ স্থিতি সলনি কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ(UNGA)ৰ মজিয়াত ইজৰাইল-হামাছ সংঘাতৰ সন্দৰ্ভত পূৰ্বৰ স্থিতিৰ পৰা সাহসেৰে আঁতৰি আহি ভাৰতে মানৱতাৰ প্ৰশ্নটোত গুৰুত্ব দি নিজৰ স্থিতি স্পষ্ট কৰে । ইজৰাইল আৰু হামাচৰ যুদ্ধ আৰম্ভ হোৱাৰ দুমাহৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে তাৎক্ষণিক যুদ্ধবিৰতি আৰু পণবন্দীসকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ আহ্বান জনোৱা প্ৰস্তাৱৰ সপক্ষত নিজৰ মত প্ৰকাশ কৰে । ইয়াৰ দ্বাৰাই ভাৰতে কূটনৈতিক দৃষ্টিভংগীত ভূমিকম্পীয় পৰিৱৰ্তনৰ সংকেত দিলে।
এক জৰুৰী কালিন বিশেষ অধিৱেশনত ১৯৩ খন সদস্য দেশেৰে গঠিত ইউএনজিএৰ বিশ্বৰ সৰহ সংখ্যক সদস্যৰ ৰাষ্ট্ৰৰ সহমত আৰু ভোটগ্ৰহণৰ দ্বাৰা এক সিদ্ধান্ত গ্ৰহণ কৰা হয় । “তাৎক্ষণিক মানৱীয় যুদ্ধ বিৰতি আৰু পণ-বন্দীৰ চৰ্ত বিহীন মুক্তি” এই প্ৰস্তাৱে সংখ্যাগৰিষ্ঠ ১৫৩খন ৰাষ্ট্ৰৰ বিপুল সমৰ্থন লাভ কৰে । কিন্তু বিৰোধী যেনে,- অষ্ট্ৰিয়া, ইজৰাইল, আমেৰিকাকে ধৰি ১০খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল, আনহাতে জাৰ্মানী, হাংগেৰী, ইটালী, ইউক্ৰেইন, ব্ৰিটেইনৰ দৰে আন ২৩খন ৰাষ্ট্ৰই নীৰৱতা অৱলম্বন কৰিবলৈ পথ বাছি লৈছিল।
এই প্ৰস্তাৱ মূলতে আছিল জৰুৰী যুদ্ধবিৰতিৰ বাবে আৱেগিক অনুৰোধ, লগতে আন্তঃৰাষ্ট্ৰীয় আইন কঠোৰভাৱে মানি চলাৰ তীব্ৰ আহ্বান, বিশেষকৈ ক্ৰছ ফায়াৰত আৱদ্ধ হৈ পৰা সাধাৰণ নাগৰিকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত । উল্লেখযোগ্য যে এই প্ৰস্তাৱটোৱে হামাছক প্ৰত্যক্ষ আৰু এককভাৱে পৃথক কৰি ৰখাৰ পৰা বিৰত থাকি সংঘাতৰ সমাধানৰ বাবে এক বহল পন্থা বাছি লৈছিল।
শান্তিৰ উদ্যমৰ মাজতে এই প্ৰস্তাৱ সংশোধনৰ চেষ্টা কৰা হৈছিল। অষ্ট্ৰিয়া আৰু আমেৰিকা দুয়োখন দেশেই প্ৰস্তাৱনাৰ খচৰাত সংশোধনি আনিবলৈ চেষ্টা কৰিছিল । আমেৰিকাই প্ৰস্তাৱৰ খচৰাত এই বাক্য সংযোজন কৰাটো বিচাৰিছিল যে ” ৭ অক্টোবৰৰ হামাচে ইজৰাইলত সংঘটিত কৰা ঘৃণনীয় অপৰাধ আৰু সাধাৰণ লোকক পণ-বন্দী কৰাটো গ্ৰহণ নকৰোঁ আৰু এই কাৰ্যক একেমুখে গৰিহণা দিওঁ ।”
অষ্ট্ৰীয়াই পণ-বন্দী শব্দটোৰ পিছত “হামাচৰ দ্বাৰা পণ-বন্দী কৰা আৰু আন গোটসমূহৰ দ্বাৰা” এই শব্দকেইটা খচৰাত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছিল । ভাৰতে দুইটা সংশোধনিতে সমৰ্থন দিছিল কিন্তু এই প্ৰস্তাৱিত সংশোধনীসমূহ গ্ৰহণ কৰিব পৰা নগল কিয়নো প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা ই লাভ কৰিব নোৱাৰিলে ।
ভাৰতৰ এই স্থিতিৰ অনুৰণন ঘটিছিল জটিল বাস্তৱতাৰ বিষয়ে এক সুক্ষ্ম বুজাবুজিৰ সৈতে। গৃহীত নোহোৱা সংশোধনীসমূহক সমৰ্থন কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত ৰুচিৰা কামোজে প্ৰত্যাহ্বানৰ জটিল মেৰপেছৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইজৰাইলত ৭ অক্টোবৰত সংঘটিত হোৱা কৰুণ আক্ৰমণৰ পৰা আৰম্ভ কৰি মানৱীয় সংকট আৰু আন্তঃৰাষ্ট্ৰীয় আইন ৰক্ষাৰ আৱশ্যকতালৈকে ভাৰতে সংঘাতৰ বহুমুখী প্ৰকৃতিৰ ওপৰত আলোকপাত কৰে।
মৃত্যু আৰু আঘাত প্ৰাপ্তৰ সংখ্যাই এক ভয়ানক ছবি দাঙি ধৰিছে । ৭ অক্টোবৰৰ পৰা ১৯ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে, ইজৰাইলত ১২০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু গাজাত ১৮ হাজাৰৰো অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। এই সংখ্যাবোৰে এই চিৰস্থায়ী সংঘাতৰ নিৰ্দিষ্ট সমাধানৰ জৰুৰী প্ৰয়োজনীয়তাক তীব্ৰ ভাবে সোঁৱৰাই দিয়ে ।
ভাৰতৰ নীতিৰ নিৰ্ণায়ক পৰিৱৰ্তনে ইজৰাইল-হামাছ বিষয়ত ভাৰতৰ দৃষ্টিভংগীৰ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হৈছে । এই আত্মবিশ্বাসী পদক্ষেপে বিশ্ব কূটনীতিত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক আলোকপাত কৰে, যিয়ে উত্তেজনা আৰু বিবাদেৰে ভৰা অঞ্চলত শান্তি আৰু স্থিতিশীলতা গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।