Thu. Sep 18th, 2025
An AI created graphic of drone attackAI created graphic

২০২৪ চনৰ ১৪ অক্টোবৰত ইজৰাইলৰ দক্ষিণ হাইফাৰ সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ কৰাৰ ফলত ইজৰাইল-হিজবুল্লাহৰ মাজত চলি থকা সংঘাতে বিপজ্জনক ৰূপ ধাৰণ কৰিছে। হিজবুল্লাহৰ দ্বাৰা সংঘটিত হোৱা এই আক্ৰমণত ৬০ জনতকৈ অধিক লোক আহত হয় আৰু দুয়োপক্ষৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পায়। দুয়োপক্ষই আক্ৰমণ-প্ৰত্যাক্ৰমণ বৃদ্ধি কৰাৰ লগে লগে অঞ্চলটোৰ ওপৰত ব্যাপক সংঘাতৰ সম্ভাৱনা অধিক ঘনিভূত হৈ পৰিছে । যিয়ে আন্তঃৰাষ্ট্ৰীয় উদ্বেগক বৃদ্ধি কৰিছে।
হিন্দুস্তান টাইমছ (Hindustan Times)ত প্ৰকাশ পোৱা বাতৰি অনুসৰি ইজৰাইলৰ দক্ষিণ হাইফাৰ এটা সামৰিক ঘাটিক লক্ষ্য কৰি হিজবুল্লাহৰ ড্ৰোন আক্ৰমণত ৬০ জনতকৈ অধিক লোক আহত হয় । এই ঘটনাই ইজৰাইল আৰু হিজবুল্লাহৰ মাজত উত্তেজনা বৃদ্ধিৰ কৰিছে ।

ড্ৰোণ আক্ৰমণৰ সবিশেষ

হাইফা হৈছে উত্তৰ ইজৰাইলৰ এখন চহৰ । ইয়াৰ সমীপৰ এটা সামৰিক ঘাটিক লক্ষ্য কৰি এই আক্ৰমণ কৰা হৈছে । FRANCE24 ENGLISH নামৰ বাতৰি চেনেলত প্ৰকাশ পোৱা বাতৰি অনুসৰি বিন্যামিনা সামৰিক ঘাটিত এই ড্ৰোণ আক্ৰমণ সংঘটিত হয় । দুখন ড্ৰোণেৰে হিজবুল্লাই এই আক্ৰমণক বাস্তৱ ৰূপ দিয়ে । অৱশ্যে ইয়াৰে এখন ড্ৰোণ ভূপতিত কৰা হয় কিন্তু আনখন ড্ৰোণে লক্ষ্যত আঘাত কৰে ফলত চাৰিজন সৈনিকৰ থিতাতে মৃত্যু হয় আৰু আন কেইবাজনো গুৰুত্তৰ ভাবে আহত হয়। হিজবুল্লাই এই ড্ৰোণ আক্ৰমণত উন্নত ড্ৰ’ন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ প্ৰমান পোৱা গৈছে । ই গোটটোৱে আহৰণ কৰা দূৰৱৰ্তী, সঠিক লক্ষ্যত আক্ৰমণ চলোৱাৰ ক্ৰমবৰ্ধমান ক্ষমতাক প্ৰতিফলিত কৰিছে। ইজৰাইলৰ সামৰিক বিষয়াসকলে জনোৱা মতে, ঘাটিটোত বা তাৰ ওচৰতে নিয়োজিত সৈনিক আৰু সাধাৰণ নাগৰিককে ধৰি ৬০ জনতকৈ অধিক জোৱান আহত হৈছে।আনহাতে বাতৰিত প্ৰকাশ পোৱা অনুসৰি আক্ৰমণৰ সময়ত চাইৰেন নবজাৰ বাবে ইজৰাইলী সৈনিক সকলে ড্ৰোণ আক্ৰমণৰ আগতীয়া বিপদ সংকেট নেপালে । কিয় চাইৰেন নেবাজিল এই কথা উদ্ঘাতনৰ বাবে ইজৰাইলী সেনাবাহিনীৰ ফালৰ পৰা এক অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে ।

ইজৰাইল-লেবানন সীমান্তত কেইবা সপ্তাহ ধৰি দুয়োপক্ষৰ মাজত চলি থকা গুলীচালনা আৰু উত্তেজনা বৃদ্ধিৰ মাজতে এই আক্ৰমণ সংঘটিত হৈছে । ইজৰাইলে ইয়াৰ সীমান্তৰ সমীপত হিজবুল্লাহৰ ক্ৰমবৰ্ধমান সামৰিক উপস্থিতিৰ প্ৰতি সঁহাৰি জনাই বিমান আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলাই আহিছে । এই প্ৰত্যাক্ৰমণ সমূহত বিশেষকৈ লেবানন আৰু ছিৰিয়াত অৱস্থিত হিজবুল্লাহৰ অস্ত্ৰ সংৰক্ষণৰ সুবিধাসমূহক লক্ষ্য কৰি লোৱা হৈছে ।

ইজৰাইলৰ সঁহাৰি আৰু সামৰিক ব্যৱস্থা

ড্ৰ’ন আক্ৰমণৰ পিছতে প্ৰতিশোধ ল’বলৈ ইজৰাইলে দ্ৰুতগতিত নিজৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)ক সংগঠিত কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ লগতে শীৰ্ষ সামৰিক বিষয়াসকলে এই আক্ৰমণৰ প্ৰত্যুত্তৰত “দ্ৰুত আৰু নিৰ্ণায়ক” সঁহাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰাথমিক খবৰ অনুসৰি দক্ষিণ লেবাননৰ হিজবুল্লাহৰ স্থানসমূহক লক্ষ্য কৰি বিমান আক্ৰমণ ইতিমধ্যে চলি আছে। আনহাতে নছৰল্লাহকে ধৰি হিজবুল্লাহৰ কেইবাজনো শীৰ্ষ নেতাৰ ইজৰাইলৰ বিমান আক্ৰমণত মৃত্যু হৈছে যদিও গোটটোৰ প্ৰত্যাক্ৰমণ বন্ধ হোৱা নাই ।
ইতিমধ্যে অধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ ইজৰাইলে লেবাননৰ সীমান্তত অতিৰিক্ত সৈন্য নিয়োগ কৰাৰ লগতে আইৰন ড’মকে ধৰি প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰি নিজৰ নিৰাপত্তা বৃদ্ধি কৰিছে ।

জেৰুজালেম পোষ্ট (The Jerusalem Post) ৰ বাতৰিত প্ৰকাশ পোৱা খবৰ অনুসৰি ইজৰাইলে তাৎক্ষণিক সঁহাৰি প্ৰতি তৎপৰ হৈ পৰিছে । দক্ষিণ লেবাননত হিজবুল্লাহৰ স্থিতিৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা আৰু সীমান্তত অতিৰিক্ত প্ৰতিৰক্ষা ব্যৱস্থা নিয়োগ কৰিছে ।

মানৱীয় চিন্তা

হিংসা বৃদ্ধি পোৱাৰ লগে লগে বিশেষকৈ লেবানন আৰু উত্তৰ ইজৰাইলৰ অসামৰিক জনসাধাৰণৰ বাবে মানৱীয় উদ্বেগ বৃদ্ধি পাইছে। এই অঞ্চলসমূহত স্থানচ্যুতি, হতাহতি, আন্তঃগাঁথনিৰ ক্ষতিৰ আশংকা অধিক । ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থাসমূহে সম্ভাৱ্য মানৱীয় সংকটৰ বাবে সাজু হৈছে।
হিজবুল্লাহৰ দুৰ্গ থকা দক্ষিণ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণৰ সম্ভাৱনাৰ বাবে সাধাৰণ নাগৰিকে সন্ত্ৰস্ত হৈ থাকিব লগা হৈছে। অঞ্চলটোৰ বহুলোক এতিয়াও পূৰ্বৰ সংঘাতৰ প্ৰভাৱৰ পৰা মুক্ত হৈ উঠিবলৈ বাকী । নতুনকৈ আৰম্ভ হোৱা যুদ্ধই ইতিমধ্যে ভয়াৱহ আৰ্থিক সংকটৰ সন্মুখীন হোৱা লেবাননত সম্পদ আৰু অৰ্থনৈতিক দুৰ্দশা অধিক বৃদ্ধি কৰিব।

আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া

আন্তঃৰাষ্ট্ৰীয় সমাজে দুয়োপক্ষৰ সংযমৰ আহ্বান জনাইছে। ৰাষ্ট্ৰসংঘই তাৎক্ষণিকভাৱে যুদ্ধবিৰতিৰ আহ্বান জনাইছে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পূৰ্ণাংগ যুদ্ধৰ সূচনা কৰিব পাৰে বুলি সকীয়াই দিছে। ইউৰোপীয় সংঘ আৰু আমেৰিকা দুয়োখনেই এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে ইজৰাইলৰ নিজৰ ৰক্ষাৰ অধিকাৰৰ প্ৰতি সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰিছে। কিন্তু দুয়োপক্ষ সামৰিক সংঘাতত লিপ্ত হৈ থকাৰ বাবে কূটনৈতিক আলোচনাৰ আহ্বানক গুৰুত্ব দিয়া হোৱা নাই।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *