Thu. Sep 18th, 2025
Canadian Prime Minister Justin TrudeauScreenshot of Justin Trudeau from his 2023 Christmas message video. Created by Justin Trudeau – Prime Minister of Canada, sourced from his Christmas message, licensed under CC BY-SA 4.0.

এক ৰাজহুৱা তদন্তৰ সময়ত এটা গুৰুত্বপূৰ্ণ মুহূৰ্তত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে স্বীকাৰ কৰে যে ২০২৩ চনত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ সৈতে ভাৰতীয় এজেণ্টক জড়িত কৰা অভিযোগৰ “মজবুত সাক্ষ্য প্ৰমাণ” তেওঁৰ চৰকাৰৰ হাতত নাই। কানাডা আৰু ভাৰতৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি কৰা ট্ৰুডোৰ বিস্ফোৰক দাবীসমূহ মূলতঃ চোৰাংচোৱাৰ খবৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল, খবৰ অনুসৰি, আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কানাডাকে ধৰি “ফাইভ আইজ” মিত্ৰজোঁটৰ পৰা আহৰণ কৰা হৈছিল এই তথ্য । উল্লেখযোগ্য যে ভাৰতৰ ওপৰত নিজ্জাৰৰ হত্যাৰ অভিযোগ উত্থাপন হোৱাৰে পৰা ভাৰতে ইয়াৰ সঠিক তথ্য সহ প্ৰমাণ দিবৰ বাবে কানাডা চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিল ।

বিতৰ্কৰ পটভূমি

২০২৩ চনৰ জুন মাহত ব্ৰিটিছ কলম্বিয়াৰ ছাৰ্ৰেৰ এটা গুৰুদ্বাৰাৰ বাহিৰত,ভাৰতৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা( NIA)ই ২০২০ চনত সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডই এক শৃংখল পৰিঘটনাৰ সূচনা কৰে আৰু কানাডাই এই হত্যাকাণ্ডত ভাৰত চৰকাৰৰ এজেণ্ট জড়িত বুলি অভিযোগ উত্থাপন কৰাৰ এটা পৰ্যায় পায়গৈ । এই দাবীয়ে দুয়োখন দেশৰ মাজত ইতিমধ্যে হৈ থকা সম্পৰ্কৰ টনা-টনি আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল । কিন্তু এইটো তেতিয়ালৈকে স্পষ্ট হৈ উঠা নাছিল যেতিয়ালৈকে কানাডাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিদেশী হস্তক্ষেপৰ অভিযোগৰ বিষয়ত এক ৰাজহুৱা তদন্তৰ সময়ত ট্ৰুডোৱে সাক্ষ্য দিয়া নাছিল যে এই অভিযোগসমূহ মজবুত প্ৰমাণৰ ওপৰত নহয় চোৰাংচোৱাৰ খবৰৰ ভিত্তিতহে কৰা হৈছিল । এই বাতৰি প্ৰকাশ পাইছে চিবিচি(CBC) নিউজ চেনেলত ।

চোৰাংচোৱা বনাম প্ৰমাণ

তদন্তক সম্বোধন কৰাৰ সময়ত ট্ৰুডোৱে স্পষ্ট কৰে যে ভাৰতীয় জড়িত থকাৰ দিশত আঙুলিয়াই দিয়া তথ্যসমূহ চোৰাংচোৱাৰ উৎসৰ পৰা লাভ কৰিছিল য’ত ফাইভ আইজ নেটৱৰ্কৰ পৰা পোৱা তথ্যও অন্তৰ্ভুক্ত। এই নেটৱৰ্কটো নিৰীক্ষণ আৰু চোৰাং সংকেত প্ৰদানৰ বিশেষজ্ঞ, যি কাৰণত কানাডাৰ বাবে চোৰাংচোৱা তথ্যসমূহ গুৰুত্বসহকাৰে ল’ব লগা হোৱাকৈ যথেষ্ট বিশ্বাসযোগ্য হৈ পৰে। কিন্তু ট্ৰুডোৱে জোৰ দি কয় যে কোনো সুনিৰ্দিষ্ট প্ৰমাণ উন্মোচিত হোৱা নাই, যাৰ বাবে নিজ্জাৰৰ হত্যাত ভাৰতৰ প্ৰত্যক্ষ ভূমিকা থকাটো প্ৰমাণ কৰাটো কঠিন ।
চোৰাংচোৱাৰ খবৰৰ ভিত্তিত মোক জনোৱা হৈছিল যিটোৱে এইটো যুক্তিগতভাবে স্পষ্ট , অবিশ্বাস্যভাৱে স্পষ্ট কৰিছিল যে ভাৰত জড়িত আছিল,কোনো নিৰ্ণায়ক প্ৰমাণ নিশ্চিত নকৰাকৈ চোৰাংচোৱাৰ গাম্ভিৰ্য্যতাৰ ওপৰত জোৰ দি ট্ৰুডোৱে কয় । কোনো মজবুত সাক্ষ্য প্ৰমাণৰ নথকাৰ পিছতো কানাডাই ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত অভিযোগসমূহ ৰাজহুৱা কৰাৰ পৰা বিৰত থাকি কূটনৈতিকভাৱে বিষয়টো আগবঢ়াই নিয়াৰ পথ বাছি লৈছিল।

ভাৰতীয় কূটনীতিবিদ আৰু অপৰাধী নেটৱৰ্কৰ বিৰুদ্ধে অভিযোগ

ট্ৰুডোৰ সাক্ষ্যই কানাডাত ভাৰতৰ অভিযোগী কাৰ্যকলাপৰ বিষয়েও গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁৰ মতে, ভাৰত চৰকাৰক সমালোচনা কৰা কানাডাৰ নাগৰিকৰ তথ্য সংগ্ৰহৰ কামত ভাৰতীয় কূটনীতিবিদসকল জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। এই চোৰাংচোৱা তথ্য ভাৰতৰ উচ্চপদস্থ বিষয়ালৈ প্ৰেৰণ কৰা হৈছিল আৰু লৰেন্স বিষ্ণয় গেঙৰ দৰে অপৰাধমূলক সংগঠনকো ইয়াত জড়িত কৰা হৈছিল বুলি কোৱা হৈছে । কানাডাৰ কৰ্তৃপক্ষই সংগঠিত অপৰাধৰ সৈতে জড়িত কুখ্যাত বিষ্ণই গেংটোক কানাডাৰ খালিস্তানী সমৰ্থক কৰ্মীক লক্ষ্য কৰি হিংসাৰ আশ্ৰয় লোৱাটো জড়িত কৰি প্ৰকাশ কৰিছে।

ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে (আৰ চি এম পি) পূৰ্বে ইংগিত দিছিল যে ছয়জন ভাৰতীয় কূটনীতিবিদ নিজ্জাৰক হত্যাৰ বহল চক্ৰান্তৰ অংশ বুলি অভিযোগ উঠিছে। লগতে ভাৰতীয় এজেণ্টৰ জ্ঞাতসাৰে এই চক্ৰান্ত কাৰ্যকৰী কৰাত বিষ্ণুই গেঙে হয়তো ভূমিকা পালন কৰিছে ।

কূটনৈতিক পতন আৰু সঁহাৰি

ট্ৰুডোৰ অভিযোগৰ পিছত ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ উত্তৰত ভাৰতে কানাডাৰ ছয়জন কূটনীতিবিদক বহিষ্কাৰ কৰি কানাডাৰ পৰা নিজৰ উচ্চায়ুক্তক পুনৰ ওভতাই আনে। ট্ৰুডোৱে ভাৰতে নিজ্জাৰৰ হত্যাকাণ্ডৰ কানাডাৰ তদন্তত সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে ভাৰতে এই অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰিছে ।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাৰ এই দাবীক ভিত্তিহীন বুলি নাকচ কৰি এক কঠোৰ বিবৃতি প্ৰকাশ কৰে। এই অভিযোগৰ সমৰ্থনত কোনো বিশ্বাসযোগ্য প্ৰমাণ দাখিল কৰা হোৱা নাই বুলি জোৰ দি কয় যে ভাৰত-কানাডাৰ সম্পৰ্কৰ ক্ষতিৰ দায়িত্ব কেৱল প্ৰধানমন্ত্ৰী ট্ৰুডোৰ ওপৰত।
এই দাবীসমূহক লৈ কানাডাই ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ সিদ্ধান্তই কূটনৈতিক পৰিস্থিতি আৰু বেয়া কৰি তুলিছে, যাৰ ফলত দ্বিপাক্ষিক সম্পৰ্ক বন্ধ হৈ পৰিছে আৰু দুয়োখন দেশৰ মাজত বাণিজ্য, অনুপ্ৰৱেশ আৰু কূটনৈতিক সহযোগিতাৰ ওপৰত সম্ভাৱ্য দীৰ্ঘম্যাদী প্ৰভাৱৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

অগ্ৰগামী এক জটিল পৰিস্থিতি

ট্ৰুড’ৰ এই প্ৰকাশসমূহে বিদেশী হস্তক্ষেপ আৰু চোৰাংচোৱা ভিত্তিক সিদ্ধান্ত গ্ৰহণৰ বিষয়ে এক গুৰুতৰ উদ্বেগক উজ্জ্বলাই তুলিছে যদিও “কঠিন প্ৰমাণিক সাক্ষ্য”ৰ অভাৱে কানাডাক এক লেহুকা অৱস্থাত পেলাইছে। চলি থকা তদন্ত, উত্তেজনা বৃদ্ধি, কূটনীতিবিদক বহিষ্কাৰৰ পৰা অনুমান কৰিব পাৰি যে এই বিষয়টো সমাধান হোৱাৰ পৰা বহু দূৰত। দুয়োখন দেশেই এতিয়া নিজকে ক্ৰমান্বয়ে জটিল হৈ অহা কূটনৈতিক বিভাজনৰ পথত আগবাঢ়িছে, যাৰ সম্ভাৱ্য পৰিণতি ভূ-ৰাজনৈতিক মিত্ৰতা আৰু আভ্যন্তৰীণ স্থিতিশীলতাৰ বাবে ক্ষতিকৰ ।

এই তদন্ত অব্যাহত থকাৰ সময়তে বিশ্বই তীক্ষ্ণ দৃষ্টি ৰাখিছে যে ট্ৰুডোৰ দাবীক সমৰ্থন কৰিবলৈ কেৱল চোৰাংচোৱা তথ্যই যথেষ্ট হ’ব নে, ভাৰতৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বৈধতা নিশ্চিত কৰিবলৈ অধিক গুৰুত্বপূৰ্ণ প্ৰমাণ ওলাব !

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *