Thu. Sep 18th, 2025
A picture of hurricane land fallPhoto by Victor Salazar from Pixabay

ঘূৰ্ণীবতাহ ডানাই ভাৰতৰ পূব উপকূলত স্থলভাগত প্ৰৱেশ কৰিছে । বিশেষকৈ ওড়িশা আৰু পশ্চিম বংগৰ উপকূলীয় অঞ্চলত ই তীব্ৰ শক্তিৰে আঘাত কৰিছে । তীব্ৰ ঘূৰ্ণীবতাহ (Classified as a severe cyclonic storm) ৰূপে শ্ৰেণীভুক্ত ডানা স্থলভাগত প্ৰৱেশ কৰাৰ লগে লগে বতাহৰ গতিবেগ প্ৰায় ৬৮ মাইল প্ৰতি ঘণ্টাত (১১০ কিলোমিটাৰ প্ৰতি ঘণ্টা) পৰ্যন্ত হয়, ধুমুহাৰ কোব ৭৫ মাইল প্ৰতি ঘণ্টা (১২০ কিলোমিটাৰ প্ৰতি ঘণ্টা) পৰ্যন্ত হয় । প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহত বহু গছবোৰ উভালি পৰিছে । ইতিমধ্যে ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ বাবে ঠাই সমূহ ব্যাপকভাৱে খালী কৰা হৈছে । ১১ লাখতকৈ অধিক বাসিন্দাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ওড়িশাৰ বালাছৌৰ আৰু ভদ্ৰক জিলাত ভয়াৱহ প্ৰভাৱ পৰাৰ বাতৰি প্ৰকাশ কৰিছে, য’ত ধাৰাসাৰ বৰষুণৰ ফলত পানী জমা হোৱাৰ লগতে স্থানীয় বানপানীৰ সৃষ্টি হৈছে । ওড়িশা আৰু পশ্চিম বংগ চৰকাৰে বিমান সেৱা বাতিল কৰাৰ লগতে ২০০ৰো অধিক ৰে’ল স্থগিত কৰিছে । লগতে ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিদ্যালয়সমূহ বন্ধ কৰি দিছে । কলকাতা আৰু ভুৱনেশ্বৰ বিমানবন্দৰত দুৰ্ঘটনা ৰোধৰ বাবে বিমান সেৱা বন্ধ কৰি দিয়া হৈছে । মাছমৰীয়াসকলক সাগৰৰ পৰা আঁতৰি থাকিবলৈ কঠোৰ পৰামৰ্শ দিয়া হৈছে । যদিও বিষয়াসকলে এতিয়ালৈকে সীমিত গাঁথনিগত ক্ষতিৰ কথা জনাইছে । আশা কৰা হৈছে স্থলভাগত আগাত কৰাৰ পিছতে ক্ৰমান্বয়ে ইয়াৰ তীব্ৰতা হ্ৰাস পাব । ভিতৰুৱা অঞ্চলত ডানাৰ তীব্ৰতা ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ লগে লগে তেওঁলোকে অধিক প্ৰভাৱৰ বাবে নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে ।

ডানাৰ স্থলভাগত আঘাত কৰাৰ ভিজুৱেল ফাৰ্ষ্টপোষ্টে X.COMত আপলোড কৰিছে ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *