Wed. Sep 17th, 2025

এন্টাৰ্কটিক গ্লেচিয়াৰৰ এই স্থানান্তৰৰ ফলত ই মহাশাগৰৰ উষ্ম জলভাগৰ দ্বাৰা ক্ষতি হ’ব পৰাকৈ উন্মুক্ত হৈ পৰিছে । যি ক্ষিপ্ৰ গতিত গ্লেচিয়াৰৰ সংকোচন হৈছে আইচ ডাইনেমিক্সৰ ই এক উকণ্ঠাজনক ধং ।

যি সময়ত বিশ্বই ডুবাইত অনুস্থিত হ’ব লগা COP28 বিশ্ব জলবায়ু সন্মিলনৰ বাবে প্ৰস্তুতি চলাইছে তেনে সময়তে এণ্টাৰ্কটিকাৰ পৰা জলবায়ু সংকটৰ এক অনাকাংক্ষিত সতৰ্ক সংকেত আহিছে– বিজ্ঞানী মহলে এক নাটকীয় ঘটনা লক্ষ্য কৰিছে । পশ্চিম এণ্টাৰ্কটিক পেনিনচুলাত কেডমেন গ্ৰেচিয়াৰৰ পৰা বিস্তাৰিত হৈ থকা আইচ শ্বেল্ফ ভাঙি খহি পৰিছে ।

এইদৰে গ্লেচিয়াৰ খহি পৰাৰ ফলত ই মহাসাগৰৰ উষ্ম জলভাগৰ দ্বাৰা ক্ষতি হ’ব পৰাকৈ উম্নুক্ত হৈ পৰিছে । ফলত ক্ষিপ্ৰ গতিৰ গ্লেচিয়াৰৰ ব্যাপ্তি আৰু পৰিসৰ হ্ৰাস হোৱাৰ এক পৰিস্থিতিলৈ আগবাঢ়িছে ।


স্পেইচ ডট কম নামৰ বাতৰি প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি নেচাৰ কমিউনিকেইশ্বন (Nature Communications)ত প্ৰকাশিত বৈজ্ঞানিক সকলে পোৱা এই তথ্যখিনি লীডচ ইউনিভাৰ্চিটি (the University of Leeds), লেংকাষ্টাৰ ইউনিভাৰ্চিটি ( Lancaster University ), ই এন ভি ই ও (ENVEO), ডেলাৱাৰে ইউনিভাৰ্চিটি ( the University of Delaware ) আৰু ব্ৰিটিচ এণ্টাৰ্কটিক চাৰভে ( the British Antarctic Survey )ৰ এক আন্তৰ্জাতিক গৱেষক দলৰ নিখুঁত গৱেষণাৰ ফল ।

ESA’s CryoSat আৰু Europe’s Copernicus Sentinel-1কে ধৰি মুঠ ন টা উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰি বিজ্ঞানী সকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত আইচ শ্বেল্ফ আৰু গ্লেছিয়াৰৰ এক তাৎপৰ্য্যপূৰ্ণ পৰিৱৰ্ত্তন ধৰা পেলাবলৈ সক্ষম হৈছে ।
তেওঁলোকৰ গৱেষণাত প্ৰকাশ পাইছে যে 2018 চনৰ নৱেম্বৰ মাহৰ পৰা 2021ৰ মে’ মাহৰ ভিতৰত কেডমেন গ্লেচিয়াৰ আচৰ্য্যজনক ভাৱে আঠ কিলোমিটাৰ সংকুচিত হৈছে যিটো যোৱা পাঞ্চাশ বছৰতো সংঘটিত হোৱা নাছিল ।

এই গৱেষণাৰ নেতৃত্ব দিছিল লীডচ ইউনিভাৰ্চিটিৰ বেঞ্জামিন ৱালিচে । তেওঁ গ্লেচিয়াৰ সংকোচন হোৱা এই পৰিঘটনাৰ ব্যাখ্যা আগবঢ়াইছে । তেওঁৰ মতে মহাসাগৰৰ উষ্ম জলভাগে 1970ৰ পৰাই কেডমেন গ্লেচিয়াৰক দুৰ্বল কৰিবলৈ আৰম্ভ কৰিছে ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *