Wed. Sep 17th, 2025

যোৱা তিনি ডিচেম্বৰ দেওবাৰে ইণ্ডোনেছিয়াৰ মেৰাপী আগ্নেয়গিৰি উদ্গিৰণ হোৱাত সেই সময়ত আগ্নেয়গিৰিৰ সমীপত থকা বা আগ্নেয়গিৰি আৰোহন কৰি থকা 11 জন পৰ্বতাৰোহীৰ মৃত্যু হয় লগতে আন 12 জন সন্ধানহীন হৈ থকা বুলি আলজাজিৰা নিউজ চেনেলৰ বাতৰিত প্ৰকাশ ।

ইণ্ডোনেছীয়াৰ চৰকাৰৰ স্থানীয় কৰ্তৃত্বশীল পক্ষই জনোৱা অনুসৰি আগ্নেয়গিৰিটো উদ্গিৰণ হোৱাৰ সময়ত তাত 75 জন পৰ্যটক আছিল ।

উল্লেখযোগ্য যে 127 টা জাগ্ৰত আগ্নেয়গিৰিৰে ইণ্ডোনেছিয়া বিশ্বৰ সকলোতকৈ অধিক আগ্নেয়গিৰি থকা দেশ । সেয়ে ইণ্ডোনেছিয়াক পৃথিৱীৰ অগ্নি-বলয়ত অৱস্থিত বুলি কোৱা হয় ।

মধ্য জাভা আৰু যজ্ঞকৰ্তাৰ এক বিশেষ অঞ্চলৰ সীমাত অৱস্থিত মেৰাপী আগ্নেয়গিৰি হৈছে এক জাগ্ৰত আগ্নেয়গিৰি । ইণ্ডোনেছিয়াৰ ই এক অজি জাগ্ৰত আগ্নেয়গিৰি আৰু 1548 চনৰ পৰাই এই আগ্নেয়গিৰি মাজে-সময়ে উদ্গিৰণ হৈ আহিছে । 2910 মিটাৰ উচ্চতাৰ এই আগ্নেয়গিৰিটো যোৱা দেওবাৰে উদ্গিৰণ হোৱাৰ পূৰ্বে 2020 চনৰ 21 জুনত ই শেষ বাৰ উদ্গিৰণ হৈছিল ।

টি আৰ টি ৱৰ্ল্ডৰ বাতৰি অনুসৰি আগ্নেয়গিৰিটো উদ্গিৰণ হোৱাত 3000 মিটাৰ উচ্চতালৈকে বগা বৰণৰ ধোঁৱাৰ কুণ্ডলী আৰু ছাই ওফৰি পৰা দেখা যায় ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *