Wed. Sep 17th, 2025

মধ্যপ্ৰদেশৰ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত নিজ পচন্দৰ বিজেপিৰ প্ৰাৰ্থীক ভোট দিয়া আৰু বিজেপিৰ জয়ত উল্লাসিত হৈ বিজয় উৎসৱত যোগ দিয়াৰ বাবে এগৰাকী মুছলিম সম্প্ৰদায়ৰ মহিলা তেওঁৰ দেউৰেক সম্পৰ্কীয় লোকৰ দ্বাৰা শাৰিৰীক আক্ৰমণৰ বলি হোৱাৰ খবৰ বাতৰিত প্ৰকাশ পাইছে ।

ইণ্ডিয়া টুডেৰ এক বাতৰিত প্ৰকাশ পোৱা মতে মধ্যপ্ৰদেশৰ সেহৰ নামৰ এক ঠাইত মধ্যপ্ৰদেশ বিধান সভাৰ সদ্য সমাপ্ত নিৰ্বাচনত নিজ পচন্দৰ বিজেপিৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰাৰ বাবে এগৰাকী 30 বছৰীয়া মুছলীম সম্প্ৰদায়ৰ মহিলাক তেওঁৰ দেউৰেক সম্পৰ্কীয় লোকে শাৰিৰীক আক্ৰমণ কৰে ।

খবৰ মতে মহিলা গৰাকীয়ে বিজেপিৰ জয়ত উল্লাসিত হৈ বিজয় আনন্দ উৎসৱত অংশ গ্ৰহণ কৰা বিষয়টোৱে মহিলা গৰাকীৰ পৰিয়ালৰ লোকক খঙাল কৰি তুলিছিল ।

30 বছৰীয়া চেমিনা বি নামৰ মহিলা গৰাকীয়ে দিয়া অভিযোগ অনুসৰি ঘটনাটো ঘটিছিল 4 ডিচেম্বৰ,2023ত মধ্যপ্ৰদেশৰ সেহৰৰ আহমেদপুৰ নামৰ এক ঠাইত যেতিয়া তাই বিজেপিৰ বিপুল বিজয়ৰ আনন্দ প্ৰকাশত অংশ লৈছিল । চেমিনাৰ বিজয় উল্লাসত অসন্তুষ্ট হৈ তেওঁৰ দেউৰেকে তাইক অবাচ্য কথাৰে তিৰষ্কাৰ কৰিছিল । যেতিয়া চেমিনাই দেউৰেকে তাইৰ ওপৰত প্ৰয়োগ কৰা ভাষাক লৈ দেউৰেকক প্ৰশ্ন কৰিছিল, দেউৰেকে তাইক লাঠিৰে মাৰ-পিট কৰে যাৰ ফলত চেমিনাই হাত আৰু অনান্য অংগত আঘাত পায় ।

অভিযোগ লাভ কৰাৰ পিছত সেহৰৰ পুলিচে চেকচন 294,চেকচন 323,চেকচন 506 আৰু চেকচন 34ৰ অধীনত কেছ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।

NDTVৰ এক বাতৰি অনুসৰি পৰিয়ালৰ লোকৰ দ্বাৰা শাৰিৰীক আক্ৰমণৰ বলি হোৱা মহিলা গৰাকীয়ে আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক দেখা-সাক্ষাৎ কৰে । এক সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ঘটনাটোৰ বিষয়ে জনাৰ পিছত মহিলা গৰাকীক দেখা কৰাৰ ইচ্ছা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰী চৌহানে মহিলা গৰাকীক নিৰাপত্তা আৰু সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে ।

চেমিনা বিৰ মতে শিৱৰাজ সিং চৌহানে একো ভুল কাম কৰা নাই । কেৱল জনতাৰ বাবে কাম কৰিছে । সেয়ে তাই বিজেপিক সমৰ্থন কৰিছিল ।

ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত নাগৰিকে নিৰ্ভয়,মুক্ত চিন্তা আৰু নিজ বিবেচনাৰে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গৈ শাৰিৰীক আক্ৰমণৰ বলি হ’ব লগা কথাটোৱে সজাগ লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *