উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ চিলকয়াৰা টানেলত যোৱা 12 নৱেম্বৰৰ পুৱা নিৰ্মানৰত এক টানেল ভাগি টানেলৰ ভিতৰত আৱদ্ধ হৈ পৰা 41 জন শ্ৰমিকক অৱশেষত জীৱন্ত ৰূপত উদ্ধাৰ কৰা হয় । NDRF আৰু SDRFৰ যুটীয়া প্ৰচেষ্টাত এই উদ্ধাৰ অভিযানৰ সফল ৰূপ দিয়া হয় আৰু দেশবাসীৰ উৎকণ্ঠাৰ অন্ত পেলাই 17 দিনে টানেলৰ ভিতৰত আৱদ্ধ 41 জন শ্ৰমিক-কৰ্মচাৰীক জীৱন্ত ৰূপত উদ্ধাৰ কৰা হয় । জানিব পৰা মতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি,কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাদগাৰী আৰু অনান্য বিষয়-ববীয়া সকলো উদ্ধাৰ স্থলীত উপস্থিত আছিল ।- দ্য টাইমচ অৱ ইণ্ডিয়াৰ বাতৰিত প্ৰকাশ ।
এই সফল উদ্ধাৰ কাৰ্য্য়ৰ পিছত বৈদেশিক মন্ত্ৰী এস জয়শংকৰে টুইটাৰত লিখিছে.” আমি আমাৰ আপোনজনক সুৰক্ষা দিবলৈ চেষ্টাৰ কেতিয়াও ত্ৰূতি নকৰোঁ । টানেলত আৱদ্ধ লোক সকলক উদ্ধাৰ কৰিবলৈ যি সকলে ভাগৰি নপৰাকৈ অবিৰাম কষ্ট কৰিলে তেওঁলোকক মোৰ অন্তৰ ভৰা কৃতজ্ঞতা যাঁচিছো । তেওঁলোকৰ মানসিক ইচ্ছাশক্তি আৰু দৃঢ়তাক মই প্ৰশংসা কৰিছো যি সকলে এনে দুৰ্যোগৰ মুখা-মুখী হৈও কেতিয়াও আশা হেৰুওৱা নাছিল । “
We will leave no stone unturned to protect our own.
— Dr. S. Jaishankar (@DrSJaishankar) November 28, 2023
Heartfelt gratitude to all those who worked tirelessly to rescue those trapped in the tunnel.
Commend the grit and determination of the those who faced such adversity without giving up hope.
উত্তৰকাশীৰ টানেলত আৱদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিকক সফলভাবে উদ্ধাৰ কৰাৰ পিছত NDRF ৰ ডি আই জি ম’হসেন শাহিদিয়ে কয়-আৱদ্ধ হৈ পৰা 41 জন শ্ৰমিকক উদ্ধাৰ কৰাটো এটা প্ৰত্যাহ্বান আছিল । শেষতীয়া অভিযানটো আছিল NDRF আৰু SDRFৰ যুতীয়া অভিযান । কেইবাটাও বিভাগে এই অভিযানত অংশ গ্ৰহণ কৰিছিল । অভিযানটো সকলোৰে সহযোগিতা আৰু সমণ্বয়ৰ ফলত সফল হৈছে ।