চলন্ত ট্ৰাকত খুন্দিওৱাৰ ফলত এখন গাড়ীত জুই লাগে আৰু এটি শিশু সহ আঠজন লোকৰ গাড়ীৰ ভিতৰতে অগ্নি দগ্ধ হৈ মৃ্ত্যু হয় । এই ঘটনা যোৱাৰাতি শেষ নিশা উত্তৰ প্ৰদেশৰ বেৰেইলিৰ নৈনিতাল হাইৱেত সংঘটিত হয় । চেন্ট্ৰেল লক চিষ্টেম বিকল হৈ যোৱাৰ ফলত দুৱাৰ খুলিব নোৱাৰাকৈ বন্ধ হৈ যোৱাত কোনো লোক গাড়ীখনৰ পৰা বাহিৰ ওলাই আহিব নোৱাৰে । ফলত সাতজন লোক আৰু এটি শিশুসহ আঠজন লোকৰ মৃত্যু হয় ।
বেৰেইলিৰ জেষ্ঠ পুলিচ অধীক্ষক সুশীল চন্দ্ৰ ভান ধুলে এন ডি টিভিক জনোৱা তথ্য অনুসৰি চলন্ত গাড়ীখনে হঠাৎ বিপৰীত লেনলৈ গতি কৰে আৰু এখন ট্ৰাকত খুন্দা মাৰে । ট্ৰাকখনে গাড়ীখন কিছুদুূৰ চোঁচৰাই লৈ যায় । ফলত গাড়ীখনত জুই লাগে ।
দুৰ্ঘটনাস্থলীৰ ফুটেজ অনুসৰি নৈনিতাল ঘাইপথত ট্ৰাকখনৰ কাষতে থকা জ্বলি থকা গাড়ীখন দেখা গৈছিল । অনুমান কৰা মতে দুৰ্ঘটনাৰ পিছত গাড়ীখনৰ দুৱাৰবোৰ জাম হৈ যোৱাৰ বাবে খোল নাখালে। ফলত গাড়ীখনৰ ভিতৰতে যাত্ৰীসকল জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতিব লগা হয় ।
বিষয়াগৰাকীয়ে কয় যে, “ভোজীপুৰাৰ ওচৰৰ ঘাইপথত গাড়ীখনে এখন ট্ৰাকৰ সৈতে খুন্দা মাৰে আৰু ট্ৰাকখনে গাড়ীখন কিছুদূৰ চোঁচৰাই নিয়ে, যাৰ ফলত গাড়ীখনত জুই লাগে। গাড়ীখন কেন্দ্ৰীয়ভাৱে তলাবন্ধ ব্যৱস্থাৰ আছিল ( centrally locked ), সেয়েহে জুইৰ বাবে ভিতৰৰ লোকসকলে প্ৰাণ হেৰুৱাইছিল।”
তেওঁ জনোৱা মতে বিয়াত অংশ ল’বলৈ যাত্ৰীসকল গৈ আছিল ।