Wed. Sep 17th, 2025

যি সময়ত ভাৰতীয় মূলৰ ব্যক্তিয়ে বিশ্বৰ বিভিন্ন দেশত বিভিন্ন উচ্চ পদত অধিষ্ঠিত হৈ আছে তেনে সময়তে সমগ্ৰ ভাৰতীয়ক উৎসাহিত কৰিব পৰা এটা বাতৰি হৈছে ভাৰতীয় মূলৰ এজন ব্যক্তি ড° সমীৰ শ্বাহক ব্ৰিটেইন চৰকাৰে বিবিচিৰ নতুন অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰিবলৈ পছন্দৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে । জানিব পৰা মতে তেওঁৰ প্ৰশংসনীয় কেৰিয়াৰ, য’ত ২০১৯ চনত টেলিভিছন আৰু ঐতিহ্যলৈ আগবঢ়োৱা অৱদানৰ বাবে বৃটেিনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ দ্বাৰা চিবিই ( কমাণ্ডাৰ অৱ দ্য মষ্ট এক্সেলেণ্ট অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ,CBE )ৰে সন্মানিত কৰাকে ধৰি সকলো সামৰি এই সিদ্ধান্ত লোৱা হৈছে । ড° শ্বাহক ৰিচাৰ্ড শ্বাৰ্পৰ ঠাইত অধিষ্ঠিত কৰা হ’ব, যিজনক প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে থকা যোগাযোগৰ সম্পৰ্কত নিৰিক্ষণৰ আওতালৈ অহাৰ পিছত পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।

৭১ বছৰীয়া ড০ শ্বাহক বিভিন্ন ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা হাউছ অৱ কমনছৰ মিডিয়া কালচাৰ, মিডিয়া, এণ্ড স্প’ৰ্ট চিলেক্ট কমিটীৰ সদস্য সকলৰ দ্বাৰা ব্যক্তিত্বৰ মূল্যায়ণৰ বাবে সাক্ষাৎকাৰ লোৱা হ’ব। জনসেৱা সম্প্ৰচাৰণত আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে নিযুক্তিপূৰ্বক পৰীক্ষা হিচাপে ই এক প্ৰচলিত প্ৰক্ৰিয়া ।

বুধবাৰে নিযুক্তিৰ প্ৰট’কল অনুসৰি নিৰ্বাচন নিশ্চিত কৰি ব্ৰিটেইনৰ সংস্কৃতি সচিব লুচি ফ্ৰেজাৰে জনায় যে, “টিভি প্ৰডাকশ্চন আৰু সাংবাদিকতাৰ ক্ষেত্ৰত ৪০ বছৰতকৈও অধিক কাল জোৰা কেৰিয়াৰৰ সৈতে ড০ শ্বাহৰ হাতত এনে এক সমৃদ্ধ অভিজ্ঞতা আছে যিটো বিবিচি চেয়াৰমেন পদৰ বাবে অমূল্য সম্পদ ।

দ্ৰুতগতিত পৰিৱৰ্তিত সংবাদ মাধ্যমৰ পৰিৱেশত বিবিচিক সফল হোৱাত তেওঁৰ স্পষ্ট উচ্চাকাংক্ষা আছে, আৰু মোৰ সন্দেহ নাই ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিবিচিক তেওঁ প্ৰয়োজনীয় নিৰীক্ষণ আৰু সমৰ্থন প্ৰদান কৰিব ।”

তেওঁ কয় যে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যনৰ বিষয়ে শ্বাহৰ জ্ঞান , জাতীয় সম্প্ৰচাৰক ৰূপে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন (বিবিচি)ৰ যি ভূমিকা তাত তেওঁৰ বিশ্বাস আৰু সমান্তৰালভাৱে সম্প্ৰচাৰণৰ বিচিত্ৰতাক প্ৰসাৰতা দিয়াত তেওঁৰ যি ব্যাপক কৰ্মৰাজি,সেই কৰ্মৰাজি বিবিচিয়ে সমগ্ৰ দেশৰ সম্প্ৰদায়সমূহক প্ৰতিফলিত, প্ৰতিনিধিত্ব আৰু সেৱা কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সহায় কৰাত অনন্য হ’ব ।

শ্বাহে কয় যে বিবিচি নিঃসন্দেহে বিশ্ব সংস্কৃতিলৈ আমি আগবঢ়োৱা অন্যতম বৃহৎ অৱদান আৰু কোমল শক্তিৰ ক্ষেত্ৰত আমাৰ অন্যতম শক্তিশালী কলিং কাৰ্ড।

‘যদি মই মোৰ কেৰিয়াৰৰ সময়ছোৱাত গঢ়ি চোলা ৰাজহুৱা সেৱা সম্প্ৰচাৰৰ যি দক্ষতা, অভিজ্ঞতা আৰু বুজাবুজি , সেইখিনি ৰাখিব পাৰো আৰু এই উজ্জ্বল সংস্থাটোক অনাগত বছৰবোৰত সন্মুখীন হোৱা জটিল আৰু বৈচিত্ৰময় প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰিব পাৰো, তেন্তে সেয়া এক সন্মানৰ কথা হ’ব।’ তেওঁ লগতে কয়।

শ্বাহে কয় যে ব্ৰিটিছ জীৱনত বিবিচিৰ এক ডাঙৰ স্থান আছে আৰু সমগ্ৰ দেশতে ব্যাপকভাবে দৰ্শকৰ মাজলৈ যোৱাৰ এক অনন্য কৰ্তব্য আছে আৰু ক্ৰমান্বয়ে প্ৰতিযোগিতামূলক বজাৰত ই এই কাম পূৰণ কৰাটো নিশ্চিত কৰিবলৈ মই যিমান পাৰো চেষ্টা কৰিম।

ঔৰংগাবাদত জন্মগ্ৰহণ কৰা শ্বাহ ১৯৬০ চনত ইংলেণ্ডলৈ আহিছিল আৰু ইয়াৰ পূৰ্বে বিবিচিৰ সাম্প্ৰতিক পৰিক্ৰমা আৰু ৰাজনৈতিক অনুষ্ঠানৰ মুৰব্বী আছিল।

টেলিভিছন আৰু ৰেডিঅ’ প্ৰডাকচন কোম্পানী জুনিপাৰৰ মুখ্য কাৰ্যবাহী বিষয়া তথা মালিক শ্বাহে ২০০৭ চনৰ পৰা ২০১০ চনৰ ভিতৰত বিবিচিৰ অকাৰ্যবাহী সঞ্চালক হিচাপেও কাম কৰি আহিছে ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *