Thu. Sep 18th, 2025

শণিবাৰে ইজৰাইল আৰু হামাচে ইতিমধ্যে অন্ত পৰা শান্তি চুক্তি পুনৰ বাহাল ৰাখিবলৈ কৰা আন্তৰ্জাতিক মহলৰ আহ্বানক আওকাণ কৰাৰ লগে লগে গাজাত নিৰ্দিষ্ট লক্ষ্য আৰু পেলেষ্টিনিয়ান গ্ৰুপৰ ওপৰত পুণৰ ধাৰাষাৰ ৰকেটৰ আক্ৰমণ আৰম্ভ হৈছে ।

উত্তৰ পেলেষ্টাইনৰ আকাশ ধোঁৱাৰে আৱৰি ধৰিছে । হামাচ চৰকাৰৰ তথ্য অনুসৰি শুক্ৰবাৰে পুৱা অস্থায়ী শান্তি চুক্তি অন্ত পৰাৰ পিছত পুণৰ যুদ্ধ আৰম্ভ হোৱাত পৰা 240 জন লোকক হত্যা কৰা হৈছে ।

ইজৰাইলত সেনাবাহিনীৰ আভ্যন্তৰীণ আগশাৰীৰ সুৰক্ষা গোট হোম ফ্ৰণ্ট কমাণ্ডে জনায় যে ইজৰাইলৰ দক্ষিণ আৰু মধ্য অংশত 40বাৰ মিছাইল আক্ৰমণৰ সতৰ্কবাণী লাভ কৰিছে ।

পেলেষ্টিনিয়াণ গ্ৰুপ হামাচ আৰু ইছলামিক জিহাদে গাজাৰ সমীপৰ তিনিখন ইজৰাইলী নগৰত ধাৰাষাৰ ৰকেট আক্ৰমণ ঘোষণা কৰিছে ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি এক হিচাপ মতে আঠ সপ্তাহৰ এই যুদ্ধত 1.7 নিযুত লোক গৃহহীন হৈছে, যিটো মুঠ জনসংখ্যাৰ আশী শতাংশ । জনসাধাৰণে খাদ্য,পানী আৰু আন অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিত ভুগিছে আৰু বহুতো ঘৰ ইতিমধ্যে ধ্বংস হৈছে । ৰাষ্ট্ৰসংঘৰ এজেঞ্চি সমূহে এই পৰিস্থিতিক মানৱীয় সংকট ৰূপে ঘোষণা কৰিছে । অৱশ্যে কেইখন মান সাহায্য সামগ্ৰীৰ ট্ৰাক শনিবাৰে উপস্থিত হৈছেগৈ ।


পেলেষ্টাইন ৰেড ক্ৰিচেণ্ট চচাইয়েটিয়ে জনাইছে যে শুক্ৰবাৰে অস্থায়ী শান্তি চুক্তিৰ ম্যাদ শেষ হোৱাৰ লগে লগে ইজৰাইলে সাহায্য সামগ্ৰী যোগান ধৰা এন জিও সমূহক ইজিপ্তৰ ফালৰ পৰা ৰাফাহ সীমান্তইদি সাহায্য সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ কনভয় নানিবলৈ কৈছে ।

দুই পক্ষই এটাই আন পক্ষক যুদ্ধ বিৰতি ভংগৰ বাবে দোষাৰোপ কৰিছে । এই অস্থায়ী য়ুদ্ধ বিৰতি চুক্তি অনুসৰি 240 জন পেলেষ্টিনিয়ান বন্দীৰ মুক্তিৰ বিনিময়ত আশীজন ইজৰাইলী পণবন্দীক মুক্ত কৰাব পৰাটো সম্ভৱ হৈ উঠিছিল । ইজিপ্ত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনত কাটাৰৰ সহায়ত এই সাময়িক যুদ্ধ বিৰতি চুক্তিখন কৰা হৈছিল ।

শনিবাৰে ইজৰাইলে জনায় যে সাময়িক যুদ্ধ বিৰতি পুনৰ কাৰ্যকৰী কৰাৰ বাবে হোৱা আলোচনাত শেষ সীমাত উপস্থিত হোৱাত তেওঁলোকে দোহাৰ পৰা তেওঁলোকৰ প্ৰতিনিধি আঁতৰাই আনিছে । ইজৰাইলী নেতাৰ কাৰ্য্যালয়ৰ পৰা জনাইছে যে আলোচনাত অচলাৱস্থা সৃষ্টি হোৱাৰ পিছত আৰু প্ৰধান মন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ নিৰ্দেশত মোচাদৰ নেতা ডেভিড বাৰনিয়ে দোহাত থকা তেওঁৰ দলক ইজৰাইললৈ উভতি আহিবলৈ নিৰ্দেশ দিয়ে ।

কাটাৰৰ পৰা প্ৰচাৰিত আলজাজিৰা বাতৰি চেনেলৰ বাতৰি অনুসৰি পণবন্দী বিষয়টো গভীৰ বাবে নোলোৱাৰ বাবে জেৰুজালেম,টেল আভিভ,চীজাৰা আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ বাসগৃহৰ সমুখত ইজৰাইলী জনতাই প্ৰতিবাদ সাব্যস্ত কৰে ।

ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰণে দীঘলীয়া যুদ্ধবিৰতি এটাৰ বাবে সকলোৱে জোৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায় যাতে সকলো পণবন্দীকে মুক্ত কৰিব পৰা যায় আৰু ইজৰাইলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অধিক পৰিমাণে সাহায্য সামগ্ৰী পঠিওৱাৰ অনুমতি দিব পৰা যায় ।

উল্লেখযোগ্য যে 7 অক্টোবৰত এক অভূতপূৰ্ব আক্ৰমণত হামাচৰ যুঁজাৰুৱে ইজৰাইলৰ সৈন্যবাহিনীৰ সুৰক্ষা বেহু ভেদ কৰি ইজৰাইলত প্ৰৱেশ কৰে আৰু প্ৰায় 1200 লোকক হত্যা কৰে লগতে ইজৰাইলী আৰু বিদেশীকে ধৰি মুঠ 240 জন লোকক পণবন্দী কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে হামাচক উৎখাত কৰিবৰ বাবে আকাশ আৰু স্থল ভাগেদি সামৰিক অভিযান আৰম্ভ কৰে । এই অভিযানৰ ফলত এতিয়ালৈকে 15,000 জন লোকৰ মৃত্যু হৈছে । ইয়াৰ সৰহ ভাগ লোক পেলেষ্টািইনৰ সাধাৰণ নাগৰিক বুলি হামাচ কতৃপক্ষৰ ফালৰ পৰা দাবী কৰা হৈছে ।

অস্থায়ী যুদ্ধ বিৰতি অন্ত পৰাৰ পিছৰে পৰা ইজৰাইলৰ বায়ু সেনা,নৌ সেনা আৰু স্থল সেনাই অতি কমেও 400 লক্ষ্যত আক্ৰমণ চলাইছে বুলি ইজৰাইলী সৈন্য বাহিনীৰ ফালৰ পৰা জনোৱা হৈছে ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *