NASA and Boeing teams continue analyzing data from recent ground and spacecraft testing as they evaluate the #Starliner spacecraft’s propulsion system during NASA’s Boeing Crew Flight Test mission.
— NASA Commercial Crew (@Commercial_Crew) August 1, 2024
Read more: https://t.co/Zbom3pEcmo pic.twitter.com/vr3g65qR8l
আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ কতৃপক্ষই জনাইছে যে বয়িং ষ্টাৰ লাইনাৰৰ দ্বাৰা এক দহ দিনীয়া অভিযানত আন্তৰ্জাতিক মহাকাশ ষ্টেচন ( International Space Station )লৈ পঠিওৱা দুগৰাকী মহাকাশচাৰী সুনীতা উইলিয়ামচ আৰু বুট্চ উইলম’ৰৰ মহাকাশ ষ্টেচনৰ পৰা ওভতি অহাটো আঠ মাহলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । যদি ষ্টাৰ লাইনাৰ তেতিয়াও অসুৰক্ষিত বুলি গণ্য কৰা যায়, পৃথিৱীলৈ ওভতি অহাৰ আশাৰে বৰ্ত্তমানলৈকে দুমাহ ধৰি মহাকাশ ষ্টেচনতে আৱদ্ধ হৈ থাকিব লগা হোৱা এই মহাকাশচাৰী দুজন 2025 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত মহাকাশ ষ্টেচনতে থাকিব লগা হ’ব পাৰে ।
বুধবাৰে নাছাই জনায় যে বয়িঙৰ ষ্টাৰলাইনাৰৰ দ্বাৰা ১০ দিনীয়া অভিযানত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশচাৰীসকলে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বিকল্প উপায় স্পেচএক্সৰ ক্ৰু ড্ৰেগন হিচাপে ঘূৰি আহিব পাৰে যদিহে ষ্টাৰলাইনাৰক পৃথিৱীলৈ ঘূৰাই অনাটো এতিয়াও অসুৰক্ষিত বুলি গণ্য কৰা হয়।
উল্লেখযোগ্য যে এই বছৰৰ যোৱা জুন মাহত সুনীতা উইলিয়ামচ আৰু বুট্চ উইলম’ৰ বয়িঙৰ ষ্টাৰ লাইনাৰৰ দ্বাৰা মহাকাশলৈ উৰা মাৰিছিল । সেই মাহৰে 6 তাৰিখৰ পৰা তেওঁলোক দুজন আন্তৰ্জাতিক মহাকাশ ষ্টেচনত আছে । ধাৰাবাহিকভাৱে হিলিয়ামৰ লিক হোৱাৰ পিছত প্ৰপালচন চিষ্টেমত এক ত্ৰুটিৰ সন্মুখীন হৈছে ষ্টাৰলাইনাৰ। ফলত মহাকাশচাৰী দুজনৰ পূৰ্বপৰিকল্পিত ওভতনি যাত্ৰা স্থগিত ৰাখিবলৈ বাধ্য হয় নাচা ।
মহাকাশ ষ্টেচনত আবদ্ধ হৈ পৰা মহাকাশচাৰী দুজনক স্পেচ এক্স ক্ৰু ড্ৰেগন ( SpaceX Crew Dragon ) ব্যৱহাৰ কৰি পৃথিবীলৈ ওভতাই অনাৰ কেইবাটাও বিকল্প উপায়ৰ সন্ধান কৰাৰ প্ৰচেষ্টা চলাই আছে নাচাই । ফেব্ৰুৱাৰী 2025ত ক্ৰু ড্ৰেগন কেপচুল ষ্টাৰ লাইনাৰৰ ক্ৰু বুট্চ উইলম’ৰ আৰু সুনীতা উইলিয়ামচক লৈ পৃথিৱীলৈ ওভতি আহিব পাৰিব ।
নাছাই যাতে ৰুটিন মহাকাশচাৰীৰ উৰণৰ বাবে ষ্টাৰলাইনাৰ মহাকাশযানখনক প্ৰমাণীকৰণ কৰিব পাৰে তাৰ পূৰ্বে যোৱা জুন মাহত প্ৰয়োজনীয় উচ্চ বাজিৰ পৰীক্ষামূলক অভিযানত দুজন মহাকাশচাৰীক লৈ মহাকাশ যানখন আই এছ এছলৈ উৎক্ষেপণ কৰা হৈছিল। কিন্তু প্ৰথম অৱস্থাত প্ৰায় আঠ দিন ধৰি চলিব বুলি আশা কৰা এই অভিযানটো ক্ৰাফ্টখনৰ প্ৰপালচন চিষ্টেমত এটাৰ পিছত এটাকৈ ধৰা পৰা সমস্যাৰ শৃংখলে বহু বেছি দিনলৈ টানি লৈ গৈছে আছে । সমস্যবোৰ সমাধান বিচাৰি বয়িং আৰু নাছাই খপজপাই ফুৰিব লগা হৈছে ।
সুনীতা উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে বয়িঙে ১,০০,০০০ৰো অধিক কৃত্ৰিম ভাবে পৰীক্ষা চলায় । এই প্ৰক্ৰিয়া খৰখেদা কৰাতকৈ মহাকাশচাৰীসকলক নিৰাপদে ঘূৰাই অনাৰ ওপৰত নাছাই গুৰুত্ব আৰোপ কৰিছে ।
Boeing conducts over 1,00,000 simulations to bring Sunita Williams back to earth
— The NewsWale (@TheNewswale) August 6, 2024
NASA is focused on bringing back the astronauts safely rather than hurrying the process. With these simulations, Boeing’s confidence remains high in Starliner’s return with the crew. Boeing is… https://t.co/ftik4zrurg pic.twitter.com/iMOi9YRNPw