30 নৱেম্বৰ, বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা টেলেংগানা বিধান সভা নিৰ্বাচন সন্ধ্যা 5 বজাৰ লগে লগে অন্ত পৰে । মুঠ 119 টা সমষ্টিত 2290 জন প্ৰাৰ্থীয়ে প্ৰতিদন্দিতা কৰা এই বাৰৰ টেলেংগানা বিধান সভা নিৰ্বাচনত ভোট দান কৰিব লগীয়া মুঠ ভোটাৰৰ সংখ্যা আছিল 32.6 নিযুত ।
কংগ্ৰেছ,বিজেপি আৰু বি আৰ এছ -এই তিনিওটা দলৰে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু শাসনাধিস্থিত দল বি আৰ এছৰ হৈ কে চন্দ্ৰ শেষৰ ৰাওৰ দৰে বিয়াগোম নেতাই অংশ গ্ৰহণ কৰে ।
2023 চনত অনুস্থিত হ’ব লগা পাঁচ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ইতিমধ্যে মিজোৰাম,ছটিশগড়,মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ নিৰ্বাচন হৈ গৈছে । আজি অনুস্থিত হোৱা টেলেংগানা বিধান সভাৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে পাঁচ ৰাজ্যৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ অন্ত পৰে । অহা 3 ডিচেম্বৰত এই পাঁচোখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফল একে লগে ঘোষণা কৰা হ’ব । এই লৈ এতিয়া জল্পনা-কল্পনা চলিছে । টাইমচ্ অৱ ইণ্ডিয়াৰ এক বাতৰি অনুসৰি কংগ্ৰেছ আৰু বি আৰ এছৰ মাজত মূল যুঁজখন হোৱাৰ সম্ভাৱনা আছে ।