Wed. Sep 17th, 2025
An AI created picture of a hurricneAI created graphic

অক্টোবৰ, ২০২৪ – চাৰাচোটা কাউন্টি, ফ্ল’ৰিডা
বুধবাৰে ফ্ল’ৰিডাৰ উপসাগৰীয় উপকূলৰ স্থলভাগত ৩য় শ্ৰেণীৰ ভয়াৱহ ধুমুহা হাৰিকেন মিল্টনে খুন্দা মাৰে । ঘণ্টাত ১২০ মাইল বেগত বলা এই ধুমুহাই ধ্বংস আৰু ব্যাপক ক্ষতিসাধন কৰিছে । যাৰ ফলত ফ্ল’ৰিডাৰ ৩০ লাখৰো অধিক লোক বিদ্যুৎ বিহীন হৈ পৰিছে । ঘৰ-দুৱাৰ ভাঙি মাটিত চেপেটা হৈ পৰিছে । সমগ্ৰ ৰাজ্যখনতে মাৰাত্মক টৰ্নেডোৰ সৃষ্টি কৰিছে।

ধ্বংস স্তূপত পৰিণত ফ্ল’ৰিডা

মিল্টনে প্ৰাৰম্ভিক খুন্দাটো মাৰে ছাৰাচোটা কাউন্টিত । ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত যথেষ্ট ক্ষতি বিয়পি পৰিছে । ধুমুহাৰ পূৰ্বে ফ্ল’ৰিডাৰ গৱৰ্ণৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল যদিও মিল্টনৰ প্ৰচণ্ড শক্তিৰ সমুখত দুৰ্যোগৰ বাবে কৰা আগতীয়া প্ৰস্তুতিৰ ব্যৱস্থা যেন তেনেই অসহায় হৈ পৰিল । ফ’ৰ্ট পিয়েৰ্চত টৰ্নেডোৱে বয়সস্থ লোক বাস কৰা এটা কেন্দ্ৰ ফালি পেলোৱাৰ পিছত একাধিক লোকৰ মৃত্যু নিশ্চিত কৰা হৈছে। এই ঘটনাই ধুমুহাৰ মাৰাত্মকতাক চিহ্নিত কৰিছে । ইয়াৰ উপৰিও ধুমুহাৰ ফলত চেণ্ট পিটাৰ্ছবাৰ্গৰ ডাউনটাউনত এটা ক্ৰেন ভাঙি যায় আৰু টাম্পা বে ৰেইজৰ গৃহ ট্ৰপিকানা ফিল্ডৰ চালৰ এটা অংশ ফালি পেলায় ।

ধ্বংসস্তূপত টৰ্নেডোৰ অৰিহনা

হাৰিকেন মিল্টনে ফ্ল’ৰিডাৰ দিশে ধাৱমান হোৱাৰ লগে লগে ই সমগ্ৰ ৰাজ্যখনতে ১১৬টা টৰ্নেডোৰ সতৰ্কবাণীৰ প্ৰেৰিত হয় । এই টৰ্নেডোবোৰৰ কিছুমানে ফ’ৰ্ট পিয়ৰ্চত বিপৰ্যয়জনক ক্ষতিসাধন কৰে, য’ত টৰ্নেডোয়ে এটা চিনিয়ৰ চেণ্টাৰ ভাঙি পেলায়। কৰ্তৃপক্ষই একাধিক লোকৰ মৃত্যুৰ খবৰ দিছে, আৰু উদ্ধাৰৰ প্ৰচেষ্টা চলি আছে । ইফালে, স্থানীয় বিষয়াসকলে সতৰ্ক কৰি দিছে যে আটাইতকৈ বেয়া অৱস্থা এতিয়াও শেষ হোৱা নাই, কিয়নো আৰু অধিক হঠাৎ সৃষ্টি হোৱা বানপানী আৰু ভয়াৱহ বতৰৰ পৰিস্থিতিৰ সম্ভাৱনা আছে।

ধুমুহাৰ উভতনি প্ৰতিক্ৰিয়াৰ ভাবুকি

মিল্টনৰ আন এটা বিপজ্জনক দিশ হ’ল “ৰিভাৰ্ছ ষ্টৰ্ম চাৰ্জ” বুলি জনাজাত পৰিঘটনাটো, য’ত হাৰিকেনৰ শক্তিশালী বতাহে পানীক উপকূলৰ পৰা আঁতৰাই ঠেলি পঠিয়ায় । এই পৰিঘটনা টাম্পাৰ দৰে ঠাইত দেখা গৈছে, য’ত পাৰৰ পৰা পানী যথেষ্ট পিছুৱাই গৈছে, যাৰ ফলত নিৰাপত্তাৰ সাময়িক ভ্ৰমৰ সৃষ্টি হৈছে । বতৰ বিজ্ঞানীসকলে সকীয়াই দিছে যে পানী আকৌ আৰু অধিক শক্তিৰে ঘূৰি অহাৰ সম্ভাৱনা আছে, যাৰ ফলত বিপৰ্যয়জনক বানপানীৰ আশংকাৰ সৃষ্টি হৈছে ।

অতি ধুমুহাৰ ঋতু

সমগ্ৰ দক্ষিণ-পূব আমেৰিকাত ২৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা হাৰিকেন হেলিনে এৰি যোৱা ধ্বংসৰ কেইসপ্তাহমানৰ ভিতৰতে ফ্ল’ৰিডাত খুন্দা মৰা হাৰিকেন মিল্টন হৈছে দ্বিতীয়টো বৃহৎ সাগৰীয় ধুমুহা । বিশেষজ্ঞসকলৰ মতে এই ধুমুহাৰ বৰ্দ্ধিত তীব্ৰতাৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্ক আছে । ৱৰ্ল্ড ৱেদাৰ এট্ৰিবিউচনৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে জীৱাশ্ম ইন্ধন জ্বলোৱাৰ ফলত হেলিন আৰু মিল্টনৰ দৰে ছুপাৰষ্টৰ্মৰ সম্ভাৱনা দুগুণতকৈও অধিক বৃদ্ধি পাইছে ।

অভূতপূৰ্ব খালীকৰণ আৰু ঠাইত আশ্ৰয়ৰ আদেশ

মিল্টনৰ আগমনৰ পূৰ্বে বিষয়াসকলে উপসাগৰীয় উপকূলৰ বহু অংশ খালী কৰাৰ নিৰ্দেশ দিছিল । টাম্পাৰ মেয়ৰে এই খালী কৰাৰ পৰিসৰক “অভূতপূৰ্ব” বুলি অভিহিত কৰিছিল। অৱশ্যে সকলোৱে সময়মতে নিৰাপদ স্থানলৈ আঁতৰি যাব পৰা নাছিল । ফ্ল’ৰিডাৰ বহু লোকে ধুমুহাৰ প্ৰচণ্ড বতাহ আৰু প্ৰচণ্ড বৰষুণতো সাহস কৰি ঠাইতে আশ্ৰয় লৈ ৰাতিটো কটালে। ছাৰাচোটা আৰু টাম্পাৰ দৰে কিছুমান বাসিন্দাই তেওঁলোকৰ চুবুৰীৰ মাজেৰে বৈ যোৱা বানপানীৰ সোঁত ঘৰৰ পৰাই চাই থাকিবলৈ বাধ্য হৈছিল। এই বানপানীৰ ফলত ৰাজপথ অগম্য আৰু উদ্ধাৰ প্ৰচেষ্টা কঠিন হৈ পৰিছিল ।

হাৰিকেন মিল্টনৰ ফলত যথেষ্ট অৰ্থনৈতিক ক্ষতি হ’ব বুলি আশা কৰা হৈছে ।একেদৰে ব্যাপক বিদ্যুৎ বিচ্ছিন্নতাই ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পৰিয়ালসমূহক প্ৰভাৱিত কৰিব। ক্ষতিৰ মূল্যায়ন চলি আছে যদিও বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে মিল্টন আৰু হেলিনৰ জটিল প্ৰভাৱৰ বাবে ক্ষতিৰ পৰিমাণ ইটোতকৈ সিটোৰ বেছি হ’ব পাৰে ।

তদুপৰি ফ্ল’ৰিডাৰ ভংগুৰ পৰিৱেশ তন্ত্ৰটো যথেষ্ট বিপদত পৰিছে। ইতিমধ্যে এভাৰগ্লেডছৰ দৰে মূল পৰিৱেশগত অঞ্চলসমূহে অভূতপূৰ্ব বানপানীৰ সন্মুখীন হৈছে, যাৰ ফলত দীৰ্ঘম্যাদী পৰিৱেশগত ক্ষতি হ’ব পাৰে।

মিল্টনৰ দৰে হাৰিকেনৰ তীব্ৰতা আৰু সাগৰীয় ধুমুহা ক্ৰমাৎ বৃদ্ধি পোৱাক লৈ জলবায়ু বিশেষজ্ঞসকলে এলাৰ্ম বজাইছে। ফ্ল’ৰিডাত চৰম বতৰৰ পৰিঘটনা বৃদ্ধি পাইছে, যিবোৰ জলবায়ুৰ উষ্ণতা বৃদ্ধিৰ বাবে অধিক সঘনাই ঘটিছে। এই বিপদসমূহৰ মাজতে ফ্ল’ৰিডাৰ ৰিপাব্লিকান গৱৰ্ণৰ ৰন ডিছান্টিছ জীৱাশ্ম ইন্ধন ব্যৱহাৰক প্ৰসাৰিত কৰা আৰু নবীকৰণযোগ্য শক্তিৰ বিকল্পসমূহক অৱহেলা কৰা নীতিৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে, যিবোৰে বহুতে কয় যে জলবায়ু দুৰ্যোগৰ প্ৰতি ৰাজ্যখনৰ দুৰ্বলতাত অৰিহণা যোগায় ।

হাৰিকেন মিল্টনৰ কু প্ৰভাৱৰ পৰা ফ্ল’ৰিডা মুক্ত হ’বলৈ সম্ভৱতঃ মাহৰ পিছত মাহ লাগিব । আনহাতে অধিক চৰম বতৰৰ পৰিঘটনাৰ ভৱিষ্যদ্বাণী কৰা হৈছে ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *