Wed. Sep 17th, 2025
গায়ক অৰুণ দাসঅৰুণ দাস

দীৰ্ঘ দিনীয়া অসুস্থতাৰ অন্তত অসমৰ দৰদী কণ্ঠশিল্পী,গীতিকাৰ তথা গীটাৰিষ্ট অৰুণ দাসৰ দেওবাৰে পুৱা মৃত্যু হয় । দ্য চেণ্টিনেল কাকতৰ মতে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 71 বছৰ ।

কিছু বছৰ ধৰি তেখেতে গীত গোৱা নাছিল যদিও নব্বৈৰ দশকত ৰোমাণ্টিক আৰু হৃদয় স্পৰ্শা গীতেৰে অৰুণ দাসে অসমীয়া গীতত এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল । অসমৰ প্ৰখ্যাত গায়ক জয়ন্ত হাজৰিকাৰ পিছত গীটাৰ ভিত্তিক গীত ৰচনা কৰা আৰু গোৱা অৰুণ দাস নব্বৈ দশকৰ বিহু মঞ্চৰ বিশেষ আকৰ্ষণ আছিল । তেখেতৰ জনপ্ৰিয় কেইটামান গীত হৈছে –তুমি জানো জানা চোন, কিমান মৰম তোমালে, সাঁচিছিলো গুপনে গুপনে, নেলাগে মৰম নকৰিবা তুমি আদি ।

অৰুণ দাসে তেওঁৰ নিজস্ব এক গায়কীৰে অসমীয়া আধুনিক গীতক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ।

যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত অধ্যয়ণৰত অৱস্থাত তেখেতে গীতৰ পথাৰ খনত ভৰি দিছিল আৰু এক সুকীয়া আসন দখল কৰবলৈ সক্ষম হৈছিল । শেষলৈ কিছু আৰ্থিক অনাটনত ভোগা শিল্পীজন ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে । তেখেতৰ মৃত্যু অসমীয়া গীতৰ পথাৰ খনত এক অপূৰণীয় ক্ষতি ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *