Wed. Sep 17th, 2025

ধনৰ বিনিময়ত প্ৰশ্ন এই অভিযোগৰ সম্পৰ্কত নীতি-নিৰ্দেশনা কমিটি ( Ethics Committee )য়ে দিয়া প্ৰতিবেদনৰ পিছতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰক লোক সভাৰ সংসদৰ পৰা বহিষ্কাৰ কৰ হয় ।

এন ডি টিভি ( NDTV )ৰ বাতৰি অনুসৰি চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সংসদত প্ৰশ্ন সুধিবৰ বাবে 49 বছৰীয়া তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে ব্যৱসায়ী দৰ্শন হীৰানন্দিনীৰ পৰা 2 কোটি টকাৰ নগদ ধন আৰু দামী উপহাৰ সামগ্ৰী উপঢৌকন লোৱা বুলি এক অভিযোগ উত্থাপন হৈছিল । মিচেছ মৈত্ৰৰ ওপৰত উত্থাপন হোৱা আনটো অভিযোগ হৈছে সংসদীয় ৱেবচাইট ( Parliamentary Website )ৰ তেওঁৰ ব্যক্তিগত আৰু গুপনীয় একাউণ্টৰ লগ-ইনৰ গুপনীয় তথ্য ( log-in details ) তেওঁ হীৰানন্দিনীলৈ হস্তান্তৰ কৰাটো- যাতে মিষ্টাৰ হীৰানন্দিনীয়ে পোনে পোনে নিজেই ৱেবচাইটত প্ৰশ্ন প’ষ্ট কৰিব পাৰে ।

মোদী চৰকাৰৰ এক অতি কঠোৰ সমালোচক মৈত্ৰই ধন লেন-দেনৰ অভিযোগ খণ্ডন কৰিছে । অৱশ্যে তেওঁ সংসদীয় ৱেবচাইটৰ লগ-ইনৰ গুপনীয় তথ্য হীৰানন্দিনীক জনোৱাটো স্বীকাৰ কৰিছে ।

লোক সভাৰ অধ্যক্ষ ওম বিৰ্লাই কয় যে এগৰাকী সাংসদ ৰূপে মহুৱা মৈত্ৰৰ আচৰণ যে অনৈতিক আৰু অগ্ৰহণীয় ( immoral and indecent ) আছিল,সংসদে এথিক্স কমিটীৰ এই সিদ্ধান্তক গ্ৰহণ কৰিছে আৰু লোক সভাৰ সংসদ 11 ডিচেম্বৰলৈ স্থগিত ৰখা হৈছে । এই বাতৰি ANIৰ টুইটাৰ পষ্টৰ ।

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

Leave a Reply

Your email address will not be published. Required fields are marked *