পেৰিছ অলিম্পিকত পুৰুষৰ শাখাত জেভেলিন নিক্ষেপন প্ৰতিযোগিতাত সোণৰ পদক জয় কৰি এৰছাদ নাদিমে পাকিস্তানৰ খেল জগতক এক উচ্ছতা প্ৰদান কৰিলে । নাদিমৰ 92.97 মিটাৰ দূৰত্বৰ নিক্ষেপনেৰে 32 বছৰৰ ভিতৰত পাকিস্তানৰ এইটো প্ৰথম অলিম্পিক পদক লাভ । উল্লেখযোগ্য যে ভাৰতৰ নীৰজ চোপ্ৰাই পুৰুষৰ জেভেনিল নিক্ষেপন প্ৰতিযোগিতাত 89.45 মিটাৰ দূৰত্বৰ নিক্ষেপনেৰে দ্বিতীয় স্থান দখল কৰে ।
এই ঐতিহাসিক জয়ৰ পিছতে এৰছাদ নাদিমক যথেষ্ট পৰিমানৰ নগদ ধনেৰে পুৰষ্কৃত কৰা হ’ব । ইতিমধ্যে পাকিস্থানৰ কেইবাজনো মন্ত্ৰী আৰু বিশেষ ব্যক্তিয়ে তেওঁলৈ নগদ ধনৰ পুৰষ্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।
নাদিমে সৰ্বমুঠ 150 মিলিয়ণ ( ভাৰতীয় টকাৰে 4.5 কোটি ) পাকিস্তানী টকা লাভ কৰাটো নিশ্চিত হৈছে । ইয়াৰে পাকিস্তানৰ পঞ্জাৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী মৰিয়ম নাৱাজে 100 মিলিয়ণ পাকিস্তানী টকা এৰছাদক পুৰষ্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে । এই তথ্য পাকিস্তানৰ পৰা প্ৰকাশিত বাতৰি প্ৰতিষ্ঠান Dawnত প্ৰকাশ কৰা হৈছে ।
পঞ্জাৱৰ গৱৰ্ণৰ সৰদাৰ ছালিম হাইদৰ খানে 2 মিলিয়ণ পাকিস্তানী টকা পুৰষ্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে । সিন্ধৰ মুখ্যমন্ত্ৰীয়ে 50 মিলিয়ণ পাকিস্তানী টকা পুৰষ্কাৰ ঘোষণা কৰিছে । ইয়াৰোপৰি সিন্ধৰ গৱৰ্ণৰ কামৰাম টেচোৰীয়ে 1 মিলিয়ণ পাকিস্তানী টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে । এই সমূহ ধনৰ পৰিমাণ মুঠ 150 মিলিয়ণ ।
জনপ্ৰিয় পাকিস্তানী গায়ক আলি জাফৰে এৰছাদলৈ 1 মিলিয়ণ পাকিস্তানী টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । আনহাতে ক্ৰিকেটাৰ আহমদ শ্বাহজাদে তেওঁৰ ফাউণ্ডেশ্বনৰ যোগেদি সম পৰিমাণৰ ধন আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।
নাদিমলৈ সৰ্বোচ্ছ অসামৰিক বঁটা
ৰেডিঅ’ পাকিস্তান (Radio Pakistan )ৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি পাকিস্তানৰ জাতীয় সংসদৰ নিম্ন সদনত সৰ্ব সন্মত ভাবে এৰছাদ নাদিমক দেশৰ সৰ্বোচ্ছ অসামৰিক সন্মানেৰে সন্মানিব কৰিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
এন দি টিভিৰ বাতৰিত এই তথ্য প্ৰকাশ ।.
ইয়াৰ পূৰ্বে এৰছাদ নাদিমলৈ পাকিস্তানৰ প্ৰধান মন্ত্ৰী শেহবাজ শ্বৰিফে পুৰষ্কাৰ হিচাপে মাত্ৰ দহ লাখ টকা আগবঢ়োৱাক লৈ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ দানিশ কানেৰীয়াই সমালোচনা কৰিছিল। তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক Xত দিয়া এটা পোষ্টত দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈজনক সাদৰ ওলগ জনাবলৈ আৰু প্ৰধানমন্ত্ৰীয়ে Xত দিয়া পোষ্টটো ডিলিট কৰিবলৈ আহ্বান জনায় । কানেৰীয়াই লিখে যে এই সামান্য ধন নাদিমে উৰাজাহাজৰ টিকেট এটা কিনিবলৈও পৰ্যাপ্ত নহ’ব ।
Mr. Prime Minister, at least offer a graceful congratulations. Delete the picture of the million rupees you gave—it does nothing for his real needs. This amount is so small he can’t even afford air tickets. It’s an insult to both Arshad and the nation, considering his ongoing… https://t.co/OLQZAfWLvU
— Danish Kaneria (@DanishKaneria61) August 9, 2024
মসৃণ নাছিল এই সফলতাৰ যাত্ৰা
এৰছাদ নাদিমৰ এই সাফলতা মসৃণ নহয় । এৰছাদ নাদিম এনে এখন ঘৰত ডাঙৰ হৈছিল যিখন ঘৰত প্ৰায়ে খাবৰ বাবে দুবেলা দুহাজ যোগাৰ কৰাটোৱে এক প্ৰধান সমস্যা ৰূপে থিয় দিছিল, খেল তেওঁলোকৰ বাবে এক বিলাসিতা সদৃশ আছিল । আনকি নিয়মিত অভ্যাস কৰিবৰ বাবে প্ৰয়োজন হোৱা জেভেলিন এপাট কিনিবলৈও তেওঁৰ ধনৰ অভাৱ আছিল ।
এৰছাদ নাদিমৰ 92.97 মিটাৰ দূৰত্বৰ এই নিক্ষেপনে অলিম্পিকৰ 16 বছৰীয়া বিশ্ব ৰেকৰ্ড ভংগ কৰিছে । আগৰ ৰেকৰ্ডতকৈ 2.40 মিটাৰ অধিক দূৰত্বৰ নিক্ষেপনেৰে পাকিস্তানৰ এথলিট গৰাকীয়ে এক নতুন বিশ্ব ৰেকৰ্ড কৰি অভিলেখ গঢ়িছে । আনকি ফাইনেলত সোণৰ পদক জয় কৰাৰ প্ৰচেষ্টাত তেওঁ দুবাৰ এই বিশ্ব ৰেকৰ্ড ভংগ কৰিছে ।
পেৰিছ অলিম্পিকত ভাগ ল’বলৈ যোৱা পাকিস্তানৰ সাতজনীয়া এথলিত দলৰ এৰছাদ নাদিম একমাত্ৰ এথলিত যাৰ পেৰিছলৈ অহা-যোৱাৰ উৰাজাহজৰ টিকেট পাকিস্তানৰ চৰকাৰে পৃষ্ঠপোষকতা কৰিছে ।
এইয়া আছিল নাদিমৰ দ্বিতীয়টো অলিম্পিক । ইয়াৰ পূৰ্বে তেওঁ টকিঅ’ অলিম্পিকত অংশ গ্ৰহণ কৰিছিল । অৱশ্যে সেইবাৰ তেওঁ চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাছিল । পেৰিছ অলিম্পিকলৈ যোৱাৰ মাত্ৰ কেইমাহমান পূৰ্বে কতৃপক্ষক তেওঁ পুৰণা জেভেলিন ডাল সলাই নতুন এডাল দিবৰ বাবে অনুৰোধ কৰিছিল । কাৰণ পুৰণা জেভেলিন ডালেৰে অভ্যাস কৰাটো অসম্ভৱ হৈ পৰিছিল ।
এই আহ্বান জনাই দিয়া তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টে এক বৃহৎ লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল । আনকি নীৰজ চোপ্ৰাইও এই আহ্বানক সমৰ্থন দিছিল । ইয়াৰ পূৰ্বে দেশৰ বাহিৰৰ টুৰ্ণামেণ্টসমূহত অংশ গ্ৰহণ কৰিবৰ বাবে যোৱা যাত্ৰা আৰু অনান্য খৰছ সমূহৰ বাবে তেওঁৰ বন্ধু আৰু চুবুৰীয়া সকলে সাহায্য আগবঢ়াইছিল ।
পঞ্জাৱ অঞ্চলৰ খানেৱাল গাঁৱৰ ২৭ বছৰীয়া এৰছাদ নাদিম পাকিস্তানৰ পৰা এই অলিম্পিকত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা আলিম্পিকলৈ যোৱা সাতজনীয়া খেলুৱৈৰ দলটোৰ একমাত্ৰ এথলিট । বাকী ছয়জনে নিজৰ নিজৰ ইভেণ্টৰ প্ৰাৰম্ভিক পৰ্যায়ত যাত্ৰা সামৰিছিল।