অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগে মংগলবাৰে অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া উত্তৰ কাছাৰ পাহাৰ স্বায়ত্ত শাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ কথা ঘোষণা কৰিছে। মুঠ ২৮০টা ভোটকেন্দ্ৰত অনুস্থিত হ’ব লগীয়া এই নিৰ্বাচনত অংশ গ্ৰহণ কৰিব লগীয়া ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ১.৪১ লাখ ।
২৮০ টা ভোট কেন্দ্ৰৰ ১০০টা কেন্দ্ৰক সংবেদনশীল ৰূপে চিনাক্ত কৰা হৈছে আৰু ২৭টা অতি সংবেদনশীল অঞ্চল হিচাপে চিনাক্ত কৰি অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে ।
ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে নিৰ্বাচনৰ সময়সীমাৰ ৰূপৰেখা দাঙি ধৰি আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰে। সাত জুলাইত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই দিয়া নিৰ্দেশনা অনুসৰি ডিমা হাছাওৰ জিলা উপায়ুক্তই অসম স্বায়ত্তশাসিত জিলা বিধি ১৯৫১ মানি ২৮টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ চূড়ান্ত ফটো-নিৰ্বাচনী তালিকা নিখুঁতভাৱে সংকলন কৰে।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰিত প্ৰকাশ পোৱা মতে সম্ভাৱ্য প্ৰাৰ্থীৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ হৈছে ২১ ডিচেম্বৰ । জিলা উপায়ুক্তক ৰিটাৰ্ণিং অফিচাৰৰ ভূমিকা অৰ্পণ কৰা হ’ব। আঠ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিব লগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়া প্ৰয়োজন হ’লে ১০ জানুৱাৰীত পুনৰ ভোটদানৰ ব্যৱস্থা নিৰ্ধাৰণ কৰা হ’ব । ভোট দান সঠিক মতে সম্পন্ন হ’লে ১২ জানুৱাৰীৰ পৰা ভোট গণনা আৰম্ভ হোৱাৰ কথা।
এই নিৰ্বাচনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বাবে উল্লেখযোগ্য গুৰুত্ব বহন কৰিছে , যিয়ে সমষ্টিবাসীসকলৰ বাবে নিজৰ প্ৰতিনিধি নিৰ্বাচন আৰু পৰিষদৰ শাসনৰ ভৱিষ্যতৰ গতিপথ গঢ় দিয়াৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তক প্ৰতিনিধিত্ব কৰে। নিখুঁত প্ৰস্তুতি আৰু কঠোৰ ব্যৱস্থাই অসমৰ স্বায়ত্তশাসিত অঞ্চলসমূহত এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰিছে।