উত্তৰাখণ্ডৰ এক দুৰ্ঘটনাত পথ সুৰংগ নিৰ্মানত লিপ্ত 41 জন কৰ্মী সুৰংগ ভাগি আৱদ্ধ হৈ পৰাৰ পিছত সম্পূৰ্ণ ন দিনৰ অন্তত উদ্ধাৰ কৰ্মীৰ কেমেৰাত প্ৰথম ভিডিওত আৱদ্ধ কৰ্মী কেইজন জীৱন্ত ৰূপত দেখা যায় । এক অতি ঠেক অংশত থিয় হৈ থকা কৰ্মী কেইজনক চেফটি হেলমেট আৰু সুৰক্ষা জেকেট পৰিহীত অৱস্থাত দেখা যায় । এই ভিডিওই কৰ্মী সকলৰ পৰিয়ালৰ লোকৰ মনত যথেষ্ট আশাৰ সঞ্চাৰ কৰে ।
4.5 কিলোমমিটাৰ দৈৰ্ঘ্যৰ এক সুৰংগ পথ নিৰ্মান কাৰ্যত লিপ্ত কৰ্মী কেইজন যোৱা 12 নৱেম্বৰৰ পুৱাৰ ভাগতে সুৰংগৰ মাটি খহি পৰাত মুঠ 41 জন কৰ্মী নিৰ্মানৰত সুৰংগটোত আৱদ্ধ হৈ পৰে । এতিমধ্যে কৰ্মী কেইজনক উদ্ধাৰৰ বাবে চলোৱা প্ৰথম প্ৰচেষ্টা বিফল হোৱাৰ পিছত কৰ্মী কেইজনৰ জীৱন্ত ৰূপত দেখা পোৱা ভিডিওটোৱে সকলোৰে মাজত এক আশাৰ সঞ্চাৰ কৰিছে ।
[…] এক সুৰংগ পথত যোৱা 12 নৱেম্বৰৰ পৰা আবদ্ধ হৈ থকা 41 জন কৰ্মীক উদ্ধাৰৰ বাবে […]
[…] পৰা টানেলৰ ভিতৰত 9 দিনে আৱদ্ধ হৈ থকাৰ পিছত তেওঁলোকৰ জীৱিত থকাৰ […]