Thu. Sep 18th, 2025

পেৰিছ অলিম্পিক 2024ত যোৱা মংগলবাৰে মহিলা মল্লযুঁজৰ 50 কেজি শাখাৰ ফাইনেল খেলৰ আগমুহূ্‌ৰ্ত্তত লোৱা দৈহিক ওজন মাপত 100 গ্ৰাম অধিক ওজন হোৱা বাবে খেলৰ বাবে অলিম্পিক কমিটিৰ দ্বাৰা অযোগ্য ঘোষণা হোৱাৰ পিছত হতাশাত ভাগি পৰা ভাৰতীয় মহিলা মল্লযুঁজাৰু ৱিনেশ ফ’গাতে আজি বৃহস্পতিবাৰে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মংগলবাৰে মহিলাৰ 50 কেজি শাখাৰ চেমি ফাইনেলত কিউবান মহিলা মল্লযুঁজাৰু গুজমেন লোপেজ যুজনিলিজ ( Guzman Lopez Yusneylis )ক হৰুৱাই ৱিনেশ ফ’গাট ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছিল । এই জয়ৰে ৱিনেশ ফ’গাটে অলিম্পিকৰ ফাইনেল ফেলাৰ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মহিলা মল্ল যুঁজাৰু হিচাপে ইতিহাস ৰচনা কৰে ।

অযোগ্য ঘোষিত হোৱাৰ পিছত সামাজিক মা ধ্যমত প্ৰকাশ পোৱা ৱিনেশ ফ’গাটৰ প্ৰথমখন ফটো-

ওজন মাপত ৱিনেশ ফগাট পেৰিছ অলিম্পিকত অযোগ্য ঘোষিত হোৱাৰ পিছতে ভাৰতৰ ক্ৰীড়াপ্ৰেমীৰ মাজত হতাশা বিৰাজ কৰিছে । প্ৰখ্যাত বেডমিণ্টন খেলুৱৈ চাইনা নেহৱালে এন ডি টিভিত দিয়া এক সাক্ষাৎকাৰত ওজন মাপত এইদৰে অযোগ্য ঘোষিত হোৱাৰ বাবে ৱিনেশ ফ”গাট নিজে দায়ি বুলি তেওঁ মন্তব্য কৰে । নেহৱালে কয় যে এইযা ৱিনেশ ফ’গাটৰ প্ৰথম অলিম্পিক খেল নহয় ।

ৱিনেশ ফ’গাট অযোগ্য ঘোষিত হোৱাৰ ফলত কিউবান ৰেষ্টলাৰ য়ুচনিলিজ গুজমেন লুপেজে, যি গৰাকী মল্লযুঁজাৰুক চেমি ফাইনেলত ৱিনেশ ফ’গাতে হৰুৱািছিল ফাইনেল খেলাৰ সুবিধা লাভ কৰিছে । ফাইনেলত তেওঁৰ মুখামখী হয় আমেৰিকান ৰেষ্টলাৰ সাৰাহ এন হিলডেব্ৰেণ্ডটৰ ( Sarah Ann Hildebrandt) সৈতে ।

সামাজিক মাধ্যম Xত মাকক সম্বোধন কৰি এক আৱেগিক পোষ্টত ৱিনেশ ফ’গাটে লিখে, “মা,দুখিত মল্লযুঁজে মোক হৰুৱালে ,মই হাৰিলো…..মোৰ দৃঢ়তা ভাঙি গৈছে ।”( ” Mom ,sorry wrestling has beaten me,I’hve lost…my courage is shattered”)

Create your website

Naivedyanandan Sonowal

By khabartaza24

Khabartaza24 is a reliable website for all kinds of accurate news. Here, you can read important news and in-depth analyses from every corner of the world — covering events and developments that impact society, the environment, politics, and the economy.

One thought on “অযোগ্য ঘোষিত হোৱাৰ পিছতে ৱিনেশ ফ’গাটৰ অৱসৰ ঘোষণা : মাকলৈ আৱেগিক পোষ্ট”

Leave a Reply

Your email address will not be published. Required fields are marked *