Thu. Nov 21st, 2024

বৃহস্পতিবাৰে নেশ্চনেল ডিজএষ্টাৰ ৰেস্পঞ্জ ফৰ্চৰ ডিৰেক্টৰ অতুল কৰ্ৱালে সাংবাদিকক জনায় যে যোৱা 12 নৱেম্বৰৰ পৰা নিৰ্মীয়মান অৱস্থাত টানেল খহি টানেলৰ ভিতৰত আৱদ্ধ হৈ পৰা 41 জন কৰ্মীক সুৰক্ষিত ভাবে উদ্ধাৰ কৰাৰ বাবে শিল-জাবৰ,মাটি আদি খান্দি এক নিৰাপদ সুৰংগ তৈয়াৰ কৰাৰ বাবে চলাই থকা উদ্ধাৰ অভিযানটো আজি দিনটোৰ শেষভাগলৈ বা শুক্ৰবাৰৰ ৰাতিপুৱালৈ সামৰণি পৰিব । কেইবাটাও উদ্ধাৰকাৰী দল একেলগ হৈ উদ্ধাৰ অভিযানত লাগি আছে । যোৱা কালি পাইপ জ্বালাই কৰি সংযোগ কৰা মেচিনৰ যান্ত্ৰিক বিজুতিৰ বাবে ছয় ঘণ্টা উদ্ধাৰ কাৰ্যৰ কাম বন্ধ ৰাখিব লগীয়া হয় ।

উল্লেখযোগ্য যে উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰ্মীয়মান চিলকয়াৰা টানেলত যোৱা 12 নৱেম্বৰৰ পুৱাৰ ভাগত নিৰ্মীয়মান টানেলটো ভাগি পৰে আৰু বাহিৰলৈ ওলাই আহিব নোৱাৰাকৈ টানেলৰ ভিতৰত 41 জন কৰ্মী আৱদ্ধ হৈ পৰে ।

মুঠ 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মান হৈ থকা টানেলটোৰ ইতিমধ্যে 2 কিলোমিটাৰ নিৰ্মান কৰা হৈছিল । বাতৰিত প্ৰকাশ পোৱা অনুসৰি টানেলৰ এই নিৰ্মান হোৱা অংশ ভাগি পৰে আৰু ভিতৰত কৰ্মীকেইজন আৱদ্ধ হৈ পৰে ।

প্ৰধান মন্ত্ৰীৰ মুখ্যমন্ত্ৰীলৈ ফোন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীলৈ ফোন কৰি পৰিস্থিতি আৰু উদ্ধাৰ কাৰ্যৰ বুজ লয় ।

টাইমচ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি প্ৰতিজন আৱদ্ধ কৰ্মীৰ বাবে একোখনকৈ উদ্ধাৰ স্থলীত মুঠ 41খন এম্বুলেঞ্চ

সাজো কৰি ৰখা হৈছে যাতে ততকালে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব পৰা যায় ।

বাৰে বাৰে বন্ধ কৰিব লগা হৈছে উদ্ধাৰ অভিযানৰ কাম

ড্ৰিলিং মেচিনৰ বিজুতি তথা ড্ৰিলিং পথত কঠিন শিলাখণ্ড আৰু টানেলৰ ফ্ৰেমৱৰ্ক ৰূপে ব্যৱহাৰ কৰা লোৰ জালি আদি থকাত ড্ৰিলিংত বাধাৰ সৃষ্টি হৈছে । ফলত উদ্ধাৰ অভিযান লেহেম হৈ পৰিছে ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *