Fri. Nov 22nd, 2024

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ( Indian Meterological Department ) IMDয়ে সোমবাৰে জনায় যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আশে-পাশে এক বৃহৎ অঞ্চলত নিম্নচাপৰ সৃষ্টি হৈছে যিটো শক্তিশালী ৰূপ লৈ অহা ২৮ আৰু ৩০ তাৰিখৰ ভিতৰত এক সাগৰীয় ধুমুহালৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে । এই নিম্নচাপ বৰ্ত্তমান দক্ষিণ-পশ্চিম বঙ্গোপসাগৰৰ সাগৰ পৃষ্ঠৰ পৰা ৩.১ কিলোমিটাৰ ওপৰেদি গতি কৰি আছে । এই নিম্নচাপৰ ফলত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ঠাইয়ে ঠাইয়ে পাতল আৰু ধাৰাষাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।

বতৰ বিজ্ঞান বিভাগে অৱশ্যে জনাইছে যে এই নিম্ন চাপ উপকুল বা ভূমি ভাগত খুন্দা মৰাৰ বৰ্ত্তমান সম্ভাৱনা নাই ।

বিভাগটোৱে জনোৱা অনুসৰি এই নিম্ন চাপৰ ফলত সাগৰৰ অৱস্থা মধ্যমীয়াৰ আৰু উত্তাল হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে বংগোপসাগৰত 2023 চনৰ ভিতৰত এতিয়ালৈকে তিনিটা চাইক্লোন সৃষ্টি হৈছে । গতিকে এই নিম্ন চাপ চাইক্লোনলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা একেবাৰে নুই কৰিব নোৱাৰি ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

One thought on “আন্দামান নিকোবৰৰ আশে পাশে নিম্নচাপৰ সৃষ্টি : বতৰ বিজ্ঞানীৰ সাৱধানবাণী”
  1. […] বংগ উপ-সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত ই এক সাগৰীয় ধুমুহালৈ ঘণীভূত হোৱাৰ সম্ভাৱনা আছে । সেয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ( Indian Meteorological Department ) চমুকৈ IMDয়ে তামিলনাডু,আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰতি হালধীয়া ৰং সূচক সতৰ্কবাণী জাৰি কৰিছে । […]

Leave a Reply

Your email address will not be published. Required fields are marked *