Thu. Nov 21st, 2024

চৰকাৰৰ এক কতৃত্বশীল পক্ষই প্ৰকাশ কৰা অনুসৰি কংংগো গণৰাষ্ট্ৰত সৈন্য বাহিনীত মকৰল কৰাৰ বাবে ব্ৰেজেভাইলৰ এক ষ্টেডিয়ামত অনুস্থিত এক নিযুক্তি ৰেলিত ঠেলা-হেঁচা আৰু দৌৰা-দৌৰিত সাধাৰণ লোককে ধৰি মুঠ 37জন লোকৰ পদপিষ্ট হৈ মৃত্যু হোৱাৰ খবৰ প্ৰকাশিত হৈছে ।

কংগোৰ প্ৰধান মন্ত্ৰী এনাটলি কলিনেট মাক’চ’য়ে ঘটনাটোক এক ট্ৰেজেদি আখ্যা দি জানায় যে 37 জন লোকৰ মৃত্যু হোৱাৰ উপৰি এতিয়ালৈকে আন বহুতো সাধাৰণ লোক জখম হৈছে যাৰ সংখ্যা নিৰ্দিষ্ট কৰিব কৰিব পৰা হোৱা নাই ।

কংগো এখন দৰিদ্ৰ পীড়িত দেশ । কৰ্মহীনতা এই দেশৰ এক প্ৰধান সমস্যা । এনে পৰিপ্ৰেক্ষিতত সৈন্য বাহিনীৰ নিযুক্তি স্থানত যথেষ্ট লোকৰ সমাগম হয় ।

যোৱা সপ্তাহত কংগো-ব্ৰেজেভাইলৰ সৈন্য বাহিনীৰ ফালৰ পৰা ঘোষণা কৰা হৈছিল যে সৈন্য বাহিনীত 1500 জন লোক মকৰল কৰা হ’ব । কৰ্ম সংস্থাপনৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দৰিদ্ৰ পীড়ীত দেশখনৰ জনসাধাৰণৰ মাজত সৈন্য বাহিনীৰ এই ঘোষণাই যথেষ্ট আলোড়ণ আৰু আশাৰ সঞ্চাৰ কৰে । ফলত সৈন্য বাহিনীত যোগ দিবৰ বাবে যথেষ্টসংখ্যক লোকৰ সমাগম হয় ।

5.8 মিলিয়ণ জনসংখ্যাৰ দেশ কংগোৰ 75 শতাংশ কৰ্মঠ লোক অসংগঠিত খণ্ডত নিযুক্ত ,কৰ্মহীন অথবা অতি নিম্ন উৎপাদনশীল কৰ্মত নিযুক্ত ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *