Fri. Feb 7th, 2025
Damaged in War

কাটাৰৰ মধ্যস্থতাত চলোৱা প্ৰচেষ্টাত হামাচ আৰু ইজৰাইল দুই পক্ষই এক অস্থায়ী শান্তি চুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাৰ কথা আলজাজিৰা বাতৰি চেনেলৰ এক বাতৰিত প্ৰকাশ ।

ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱেও “শান্তি চুক্তিৰ প্ৰক্ৰিয়া আগবাঢ়ি আছে” বুলি জনায় । হামাচৰ লীডাৰৰ ভাষ্য অনুসৰি “শান্তি চুক্তি আহি আছে” । অৱশ্যে ইজৰাইলৰ জাতীয় সুৰক্ষা মন্ত্ৰী বেন-জিভিৰে এই শান্তি আলোচনাৰ পক্ষপাতি নহয় । এক সামাজিক মাধ্যমত প্ৰৰকাশ কৰা তেওঁৰ মত অনুসৰি হামাচৰ ওপৰত এই অভিযান আব্যাহত ৰাখিব লাগে ।

আনহাতে ৰাষ্ট্ৰ সংঘৰ মূৰব্বীয়ে প্ৰকাশ কৰা অনুসৰি গাজাত এগৰাকী ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰী আৰু তেওঁৰ এটি ছয় মহীয়া কেঁচুৱা,তেওঁৰ গিৰিয়েক আৰু দুজন ভাতৃৰ মৃত্যু হৈছে ।

হামাচ পৰিচালিত স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি ইজৰাইল আৰু হামাচৰ সংঘাত আৰম্ভ হোৱাৰে পৰা এই পৰ্য্যন্ত 4,600 শিশুৰ মৃত্যু হৈছে আৰু 9000ৰো অধিক শিশু আঘাতপ্ৰাপ্ত হৈছে । নিউযৰ্ক টাইমচৰ বাতৰি অনুসৰি যুদ্ধ বিধ্বস্ত গাজা শিশুৰ বাবে মৰিশালিলৈ ৰূপান্তৰিত হৈছে ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

2 thought on “ইজৰাইল-হামাচৰ প্ৰচণ্ড যুদ্ধ : চলিছে দুয়োপক্ষৰ যুদ্ধ বন্দী প্ৰত্যাৰ্পনৰ বাবে অস্থায়ী যুদ্ধ বিৰতিৰ প্ৰচেষ্টা”

Leave a Reply

Your email address will not be published. Required fields are marked *