আৱশেষত আজি শুক্ৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে প্ৰথম বাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হোৱা বিজেপি বিধায়ক ভজনলাল শৰ্মাই । জয়পুৰৰ ৰামনিৱাস বাগত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তেখেতক মুখ্যমন্ত্ৰীৰ শপত বাক্য় পাঠ কৰায় ৰাজ্যপাল কালৰাজ মিশ্ৰই । উল্লেখযোগ্য যে মঙ্গলবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ বিধায়িনী দলৰ সভাত মুখ্য়মন্ত্ৰী পদৰ বাবে ভজন লাল নাম ঘোষণা কৰা হৈছিল ।
হিন্দুস্তান টাইমচৰ বাতৰিত প্ৰকাশ পোৱা খবৰ অনুসৰি ভজন লাল শৰ্মাৰ উপৰি বিজেপি নেতা দিয়া কুমাৰী আৰু প্ৰেমচান্দ বৈৰাক উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰোৱা হয় ।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ,বিজেপি সভাপতি জেপি নন্দা আৰু বিজেপি দলৰ আন শীৰ্ষ নেতা ।
ভৰতপুৰৰ আতাৰি নামৰ এখন গাঁৱত এক খেতিয়কৰ পৰিয়ালত জন্ম হোৱা ভজন লাল শৰ্মাই কলেজত পঢ়ি থকা কালতে অখিল ভাৰতীয় ৱিদ্যাৰ্থী পৰিষদৰ লগত জৰিত হৈ পৰিছিল । ৫৬ বছৰীয়া ভজন লাল শৰ্মা ১৯৯৪ চনত ২৭ বছৰ বয়সতে আতাৰি গাৱঁৰ চৰপঞ্চ নিৰ্বাচিত হৈছিল ।
উল্লেখ যোগ্য যে এই বছৰৰ ২৫ নৱেম্বৰত ৰাজস্থান বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰ হৈছিল আৰু যোৱা ডিচেম্বৰৰ ৩ তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল য’ত বিজেপি দলে ২০০ খন আসন যুক্ত ৰাজস্থান বিধান সভাৰ ১১৫ খন আসনত জয় লাভ কৰি সংখ্যা গৰিষ্ঠতা প্ৰমান কৰিছিল ।