বংগ উপ-সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত ই এক সাগৰীয় ধুমুহালৈ ঘণীভূত হোৱাৰ সম্ভাৱনা আছে । সেয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ ( Indian Meteorological Department ) চমুকৈ IMDয়ে তামিলনাডু,আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰতি হালধীয়া ৰং সূচক সতৰ্কবাণী জাৰি কৰিছে ।
Depression over SE and adjoining SW BoB moved W-NW and lay centered at 1730 hrs IST of 01 Dec about 680 km E-SE of Puducherry, 680 km E-SE of Chennai, 790 km SE of Nellore. Likely to move W-NW and intensify into DD by 2 Dec and further into CS over SW BoB around 3 Dec. pic.twitter.com/jAOV5tZuz4
— India Meteorological Department (@Indiametdept) December 1, 2023
নিম্ন চাপৰ ফলত সৃষ্টি হোৱা সাগৰীয় ধুমুহা মিগজউন ( Michaun ) বংগ-উপ-সাগৰৰ উত্তৰ-পশ্চিম দিশত আগবাঢ়িছে আৰু ই তামিলনাডুত খুন্দা মৰাৰ সম্ভাৱনা আছে । এই সাগৰীয় ধুমুহা যদি তামিলনাডুৰ ওপৰেদি বৈ যায়; তেন্তে চেন্নাইত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা । ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD )য়ে এই লৈ হালধীয়া ৰং সূচক সতৰ্কবাণী জাৰি কৰিছে ।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰি জনাইছে যে সাগৰীয় ধুমুহা মিগজউন ( Michaun ) 4 ডিচেম্বৰৰ আগে আগে তামিলনাডুৰ ওপৰেদি বৈ যোৱাৰ সম্ভাৱনা ।
মিগজউন ( Michaun ) ৰ অৰ্থ হৈছে শক্তি আৰু সহজে ভাঙি নপৰা । বংগোপ সাগৰত ঘণীভূত হোৱা এই সাগৰীয় ধুমুহাৰ নাম দিয়া হৈছে ম্যানমাৰৰ পৰামৰ্শত ।
মিগজউন (Michaun) হৈছে বংগোপ সাগৰত 2023 চনত সৃষ্টি হোৱা চতুৰ্থ আৰু ভাৰত মহাসাগৰত সৃষ্টি হোৱা ষষ্ঠটো সাগৰীয় ধুমুহা । এই সাগৰীয় ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হ’ব লগা দেশ কেইখন হৈছে বাংলাদেশ,ভাৰত আৰু ম্যানমাৰ ।
শুক্ৰবাৰে কেবিনেট চেক্ৰেটাৰী ৰাজীৱ গৌবাৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় সংকট পৰিচালনা কমিটি ( The National Crisis Management Committee ) য়ে আহিব লগা সাগৰীয় ধুমুহা মিগজউন ( Michaun )ৰ উলক্ষ্যত তামিলনাডুৰ ৰাজ্যিক চৰকাৰ ,কেন্দ্ৰীয় মন্ত্ৰনালয় আৰু সংশ্লিষ্ট বিভাগ সমূহৰ আগতীয়া প্ৰস্তুতিৰ এক পুনৰীক্ষণ কৰে ।
দ্য ইণ্ডিয়ান এক্সপ্ৰেচৰ তথ্য মতে National Disaster Response Force ( NDRF )য়ে আহিব লগা সাগৰীয়া ধুমুহা মিগজউন ( Michaun )ৰ প্ৰতি লক্ষ্য ৰাখি 18 টা দল ইতিমধ্যে তামিলনাডু,অন্ধ্ৰ প্ৰদেশ, উড়িষ্যা আৰু পুডুচ্চেৰীলৈ প্ৰেৰণ কৰিছে । ইয়াৰোপৰি আন 10 টা দল সাজু কৰি ৰাখিছে । জাহাজ,এয়াৰক্ৰাফ্ট সহ কষ্ট গাৰ্দ,সৈন্য বাহিনী আৰু নৌ-সেনাৰ উদ্ধাৰ আৰু সহায়কাৰী দলক সতৰ্ক আৰু সাজো কৰি ৰখা হৈছে।
আনহাতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰাজ্যৰ জিলাধিপতি,নগৰ-সমিতিৰ বিষয়া-কৰ্মচাৰীক আগতীয়া সতৰ্কতামূলক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে।
[…] কাৰ্য্যালয়ৰ পৰা জনোৱা অনুসৰি ঘূৰ্ণীবতাহ মিগজউনে অন্ধ্ৰপ্ৰদেশৰ নেল্লেৰ আৰু কাভেলীৰ […]