সংসদৰ শীতকালীন অধিৱেশনৰ পোন্ধৰ নম্বৰ দিনটোত সোমবাৰে ৪৫জন সংসদ সদস্যক ৰাজ্যসভাৰ পৰা আৰু তেত্ৰিছ জন সাংসদক লোক সভাৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰে ৩৪ জন সাংসদক সমগ্ৰ শীতকালীন অধিবেশনৰ বাবে নিলম্বন কৰা হয় আৰু ১১ জন সাংসদক বিশেষাধিকাৰ সমিতিয়ে তেওঁলোকৰ আচৰণৰ ওপৰত প্ৰতিবেদন প্ৰকাশ নকৰা পৰ্যন্ত ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয় । সমান্তৰালভাৱে কংগ্ৰেছৰ পৰা অধিৰ ৰঞ্জন চৌধুৰী, ডি এম কেৰ পৰা টি আৰ বালু আৰু দয়ানিধি মৰাণ, টি এম চিৰ পৰা সৌগাতা ৰয় আদি উল্লেখযোগ্য ব্যক্তিকে ধৰি তেত্ৰিশজন বিৰোধী সদস্যক সদনৰ কাৰ্য্যবিধিৰ সময়ত ব্যাঘাত জন্মোৱাৰ বাবে লোকসভাৰ পৰা নিলম্বিত কৰা হয়। এই নিলম্বনৰ সময়সীমা ভিন্ন, শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাত ৩০ জন সদস্যই নিলম্বন লাভ কৰাৰ বিপৰীতে বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন অহালৈকে তিনিজন সদস্যই নিলম্বনৰ সন্মুখীন হ’বলগীয়া হৈছে। পিছৰ তিনিজন ব্যক্তি—কে জয়কুমাৰ, বিজয় বসন্ত, আৰু আব্দুল খালেকে—শ্লোগান দিবলৈ অধ্যক্ষৰ মঞ্চলৈ উঠি যায় । হূলস্থুলীয়া পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবলৈ দুয়োটা সংসদীয় সদন দিনটোৰ বাবে স্থগিত ৰখা হয় ।
ইয়াৰ মাজতে অসংখ্য বিৰোধী সংসদ সদস্যই লোকসভা আৰু ৰাজ্যসভা দুয়োখনতে আনুষ্ঠানিক জাননী দাখিল কৰি শেহতীয়াকৈ সংসদৰ নিৰাপত্তা ভংগৰ সন্দৰ্ভত আজি সংঘটিত হোৱা সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত আলোচনাৰ বাবে অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে ১৩ ডিচেম্বৰত দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা গেছ কেনিষ্টাৰ লৈ দুজন ব্যক্তিয়ে লোকসভাত জপিয়াই পৰাৰ ফলত সদনৰ ভিতৰত আশংকা আৰু বিশৃংখলতাৰ সৃষ্টি হৈছিল । এই ভয়ংকৰ কাণ্ডৰ পিছতে বিৰোধীৰ সাংসদসকলে এই বিষয় সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এক বিবৃতিৰ ওপৰত জোৰ দিছে। উল্লেখযোগ্য যে ২০০১ চনৰ সংসদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীত সংঘটিত হৈছিল এই নিৰাপত্তা ভংগৰ ঘটনা ।
এই কাৰ্য্যবিধিৰ সময়ত লোকসভাত নিৰাপত্তা ভংগৰ বিষয়টোক লৈ বিৰোধী পক্ষৰ হুলস্থুলৰ মাজতো ৰাজ্যসভাই জম্মু আৰু কাশ্মিৰৰ পুনৰ্গঠন (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৩, ( The J&K Reorganisation (Second Amendment) Bill, 2023 ) আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ (সংশোধনী) বিধেয়ক ( Government of Union Territories (Amendment) Bill ) সফলতাৰে গৃহীত কৰে। এই বিধেয়কসমূহৰ লক্ষ্য হৈছে পুডুচেৰী আৰু জম্মু-কাশ্মীৰৰ বিধানসভাত জনপ্ৰতিনিধি হিচাপে মহিলাসকলৰ প্ৰতিনিধিত্ব আৰু অংশগ্ৰহণ বৃদ্ধি কৰা।
NDTVৰ বাতৰি অনুসৰি ইয়াৰ পূৰ্বে আজি কংগ্ৰেছৰ সংসদ সদস্য তথা লোকসভাত দলীয় নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিৰাপত্তা ভংগ বিষয়টো সন্দৰ্ভত সংসদত সম্বোধন কৰিবলৈ অনুৰোধ জনায়। চৌধুৰীয়ে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয় যে তেওঁ এই কাণ্ডৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰধানমন্ত্ৰীক “চাৰি দিনৰ” সময় লাগিল। তদুপৰি দেওবাৰে চৌধুৰীয়ে অধ্যক্ষ ওম বিৰলাৰ প্ৰতি লিখিত ৰূপত সদনৰ ১৩জন বিৰোধী সদস্যৰ ওপৰত জাৰি কৰা নিলম্বন বাতিলৰ আবেদন জনায়। তেওঁ আলোকপাত কৰি কয় যে এই সাংসদসকলে সংসদৰ নিৰাপত্তা ভংগৰ পিছত প্ৰাসংগিক আৰু উদ্বেগজনক বিষয়সমূহ উত্থাপন কৰিছিল আৰু তেওঁলোকৰ ন্যায্য শুনানিৰ অধিকাৰৰ পোষকতা কৰে।
সোমবাৰে লোকসভা আৰু ৰাজ্যসভা দুয়োখনতে বিশৃংখল দৃশ্যৰ সৃষ্টি হয়, যাৰ ফলত ক্ষিপ্ৰতাৰে দুই সদন স্থগিত ৰখা হয়। লোকসভাত বিৰোধী দলৰ সাংসদসকলে সমস্বৰত বিজেপিৰ পৰা উত্তৰৰ দাবী ব্যক্ত কৰি ‘বিজেপি জৱাব দো, সদন ছে ভাগনা বন্দ কৰো’ (বিজেপি, আমাক উত্তৰ দিয়ক, সংসদৰ পৰা পলায়ন বন্ধ কৰক) ধ্বনি দিয়ে ।
VIDEO | "So many (opposition) MPs have been expelled (from Parliament), this is dictatorship. We won't tolerate this, and we will keep fighting," says Shiv Sena (UBT) MP @priyankac19 on suspension of 33 opposition MPs from Lok Sabha. pic.twitter.com/lQtrQ0Pruf
— Press Trust of India (@PTI_News) December 18, 2023
[…] অধিক সংখ্যক ৭৮ জন সাংসদক সদনৰ পৰা বহিষ্কাৰ কৰা ঘটনাক গণতন্ত্ৰৰ ওপৰত চৰকাৰৰ এক […]