যোৱা দেওবাৰে বিয়লিৰ ভাগত টুংগভদ্ৰা নদীৰ ওপৰত অৱস্থিত ৭১ বছৰীয়া বান্ধটোৰ ১৯ নং ক্ৰেষ্ট গেট বিকল হোৱাৰ পিছত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ লাখ লাখ লোকৰ প্ৰতি বানৰ ভাবুকি আহিছে ।
বাংলুৰুৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত অৱস্থিত এই বান্ধটোৰ গেটখন বিকল হোৱাৰ পিছত প্ৰচণ্ড গতিৰে পানী ওলাই অহা দেখা গৈছিল । অভিযন্তাসকলে অনুমান কৰা মতে পুৰণি গেটখন সলনি কৰাৰ আগতে ৬ হেজাৰ কোটি ঘনফুট ( TMCFT ) পানী নিষ্কাশন কৰিব লগা হ’ব । বিষয়াসকলে উত্তৰ কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল আৰু নন্দিয়ালৰ জিলাসমূহক হাই এলাৰ্টত ৰাখিছে।
১৩৩ টিএমচিএফটিৰে সৰ্বোচ্চ সংৰক্ষণ ক্ষমতাৰ টুংগভদ্ৰা বান্ধটোৰ ১৯৫৩ চনত উদ্বোধন কৰা হয় ৷ শনিবাৰে বান্ধটোত ১০০ টিচিএফটি পানী আৰু ৩৩ টিচিএফটি পলস আছিল ।
বিষয়াসকলে জনোৱা মতে বান্ধটোত মুঠ ৩৩খন গেট আছে । ইয়াৰে ২২খন গেট শনিবাৰে সন্ধিয়া মুকলি কৰি প্ৰায় ১ লাখ কিউচেক পানী নদীত এৰি দিয়া হয় । কিন্তু ক্ষতিগ্ৰস্ত গেটখনে অতিশয় চিন্তাৰ সৃষ্টি কৰিছে । কাৰণ ক্ষতিগ্ৰস্ত গেটখন সলনি কৰিবলৈ ৬০টিএনচিএফটি পানী এৰিবলগীয়া হৈছে। গেটখন সলনি কৰিবলৈ চাৰি বা তাতকৈ অধিক দিনৰ প্ৰয়োজন হ’ব পাৰে বুলি জানিব পৰা গৈছে ।
টুংগভদ্ৰা ব’ৰ্ডৰ সম্পাদক অ’ আৰ কে ৰেড্ডীয়ে আশ্বাস দি জনায় যে তাৎক্ষণিকভাৱে উদ্বেগৰ কোনো কাৰণ নাই। তেওঁ সংবাদ মাধ্যমক কয় যে যদিও বান্ধটোত একেলগে ৬.৫ লাখ কিউচেক পানী এৰি দিয়াৰ ব্যৱস্থা আছে কিন্তু এতিয়ালৈকে সৰ্বোচ্চ মুক্তিৰ পৰিমাণ ৩.৬ লাখ কিউচেক । সেয়া ঘটিছিল ১৯৯২ চনৰ ডিচেম্বৰ মাহত ।
কুৰ্ণুল চহৰ টুবংগভদ্ৰাৰ পাৰত অৱস্থিত। সেয়ে এই চহৰৰ প্ৰতি বেছি ভাবুকি আহি পৰিছে । অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ আৰু বান্ধৰ স্থলীত উপস্থিত থাকি সহায় কৰিবলৈ জ্যেষ্ঠ অভিযন্তাৰ এটা দল প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।
টুংগভদ্ৰা নদীৰ চহকী ইতিহাস
টুংগভদ্ৰা নদীয়ে এক উল্লেখযোগ্য ঐতিহাসিক আৰু সাংস্কৃতিক উত্তৰাধিকাৰ বহন কৰিছে। ভাৰতৰ কৰ্ণাটকৰ টুংগা আৰু ভদ্ৰা নদীৰ সংগমৰ পৰা উৎপত্তি হোৱা এইখন কৃষ্ণা নদীৰ সৈতে একত্ৰিত হোৱাৰ আগতে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানাকে ধৰি গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ মাজেৰে বৈ গৈছে। এই অঞ্চলসমূহৰ বাবে এই নদীখনে প্ৰাচীন কালৰে পৰা কৃষি, বাণিজ্য, বসতিৰ সুবিধা প্ৰদান কৰি আহিছে ।
টুংগভদ্ৰা বান্ধ: এক অভিযান্ত্ৰিক আশ্চৰ্য্য
এই গুৰুত্বপূৰ্ণ নদীখনৰ ইপাৰৰ পৰা সিপাৰলৈ নিৰ্মিত টুংগভদ্ৰা বান্ধটো আধুনিক অভিযান্ত্ৰিক দক্ষতাৰ প্ৰমাণ হিচাপে থিয় দিছে। ১৯৫৩ চনত সম্পূৰ্ণ হোৱা এই বান্ধটো কৰ্ণাটকৰ হোস্পেটৰ ওচৰত অৱস্থিত । ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে জলসিঞ্চন, বিদ্যুৎ উৎপাদন আৰু বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা। বান্ধটোৰ সংৰক্ষণ ক্ষমতা ১৩৩ টিএমচিএফটি, যাৰ ফলত ই সেৱা আগবঢ়োৱা শুষ্ক অঞ্চলসমূহলৈ পানী যোগান নিশ্চিত হয়। তদুপৰি টুংগভদ্ৰা বান্ধ এক উল্লেখযোগ্য জলবিদ্যুৎ শক্তিৰ কেন্দ্ৰ । শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰি ই অঞ্চলটোৰ ঔদ্যোগিক উন্নয়নক প্ৰসাৰিত কৰিছে।
পৰিৱেশ আৰু অৰ্থনৈতিক প্ৰভাৱ
নদী আৰু বান্ধে সামূহিকভাৱে দক্ষিণ ভাৰতৰ পৰিৱেশ আৰু অৰ্থনৈতিক পৰিৱেশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈচিত্ৰময় পৰিৱেশ তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যত অৰিহণা যোগাইছে। অৰ্থনৈতিকভাৱে বান্ধটোৱে সহায় কৰা জলসিঞ্চনে কৃষি পদ্ধতিৰ পৰিৱৰ্তন ঘটাইছে, যাৰ ফলত শস্যৰ সামঞ্জস্যপূৰ্ণ উৎপাদন নিশ্চিত হৈছে আৰু খাদ্য সুৰক্ষা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও বান্ধটোৰ দ্বাৰা উৎপাদিত জলবিদ্যুৎ শক্তিয়ে ৰাজ্যখনৰ শক্তি গ্ৰীডত যথেষ্ট অৰিহণা যোগাইছে, যাৰ ফলত বহনক্ষম উন্নয়নৰ প্ৰসাৰ ঘটিছে। ভৱিষ্যত প্ৰজন্মৰ বাবে টুংগভদ্ৰা নদীৰ পৰিৱেশ আৰু অৰ্থনৈতিক গুৰুত্ব অক্ষুণ্ণ ৰাখিবলৈ সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত আছে।