Thu. Nov 21st, 2024
An AI Created GraphicAI created graphic on UAE-India partnership

আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সম্পৰ্কৰ এক বৃহৎ উন্নয়নত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)-এ ভাৰতৰ বিভিন্ন খণ্ডত ১০০ বিলিয়ন ডলাৰৰ এক বুজন পৰিমাণৰ ধন বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই কৌশলগত পদক্ষেপে দুয়োখন ৰাষ্ট্ৰৰ মাজত ক্ৰমবৰ্ধমান অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰূপ কৰাৰ লগতে বিশ্ব অৰ্থনৈতিক কেন্দ্ৰ হিচাপে ভাৰতৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। এই বিনিয়োগসমূহৰ অন্তৰ্গত এই প্ৰকল্পবোৰৰ ভিতৰৰ এটা উল্লেখযোগ্য প্ৰকল্প হৈছে ২ বিলিয়ন ডলাৰৰ খাদ্য সুগম পথ তৈয়াৰ কৰা । এইটো এনে এক পদক্ষেপ, যিয়ে ভাৰতৰ কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগত বৈপ্লৱিক পৰিৱৰ্তন আনিব।

খাদ্য কৰিডৰ: কৃষি আৰু খাদ্য সুৰক্ষা বৃদ্ধি

ইউ এ ইৰ বিনিয়োগৰ অন্যতম অভিলাষী উপাদান সমূহৰ এটা হ’ল ভাৰতত খাদ্য সৰবৰাহৰ সুগম পথ সৃষ্টি কৰা। ২ বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতিৰে এই প্ৰকল্পৰ লক্ষ্য হৈছে খাদ্য উদ্যান স্থাপনকে ধৰি কৃষক, খাদ্য প্ৰক্ৰিয়াকৰণ ইউনিট, আৰু বিতৰণ নেটৱৰ্কক সংযোগ কৰা ফলপ্ৰসূ যোগান শৃংখল বিকশিত কৰা। এই পদক্ষেপে কেৱল খাদ্য সুৰক্ষা বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিয়াই নহয়, লগতে কৃষি আধুনিকীকৰণ, স্থানীয় কৃষকৰ বাবে প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰে বৃদ্ধিৰ সুযোগ (sustainable growth opportunities) সৃষ্টি আৰু ইউ এ ই আৰু অন্যান্য বজাৰলৈ প্ৰক্ৰিয়াকৃত খাদ্য(processed food)ৰ ৰপ্তানি বৃদ্ধি কৰাৰো চেষ্টা কৰিছে।

অহা কেইবছৰমানৰ ভিতৰতে ৰূপায়ণ হ’বলগীয়া এই খাদ্য কৰিডৰ প্ৰকল্পই হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি, গ্ৰাম্য আয় বৃদ্ধি, আৰু ভাৰতৰ কৃষি আন্তঃগাঁথনিৰ অতি প্ৰয়োজনীয় উন্নীতকৰণৰ ব্যৱস্থা কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ উপৰিও খাদ্য আমদানিৰ ওপৰত ইউ এ ইৰ অধিক নিৰ্ভৰশীলতাই এই বিনিয়োগক উভয় পক্ষৰ বাবে লাভদায়ক কৰি তুলিছে, কিয়নো ইউ এ ইৰ বৃদ্ধি পোৱা জনসংখ্যাৰ বাবে ই এক সুস্থিৰ যোগান শৃংখল নিশ্চিত কৰিছে।

ইউ এ ই-ভাৰতৰ সম্পৰ্ক: শক্তিশালী অৰ্থনৈতিক সম্পৰ্ক

ইউ এ ই ভাৰতৰ এক দীৰ্ঘদিনীয়া অৰ্থনৈতিক অংশীদাৰ হৈছে আহিছে । দুয়োখন দেশৰ মাজত গভীৰভাবে শিপাই থকা সম্পৰ্ক আছে, যি সম্পৰ্কই বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতাক সামৰি লৈছে। শেহতীয়া ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি সহযোগিতা সম্প্ৰসাৰণত দুই দেশৰ দৃষ্টিৰে দুই ৰাষ্ট্ৰৰ মাজৰ আস্থা আৰু পাৰস্পৰিক লাভৰ প্ৰমাণ স্বৰূপ । ভাৰত ইতিমধ্যেই ইউ এ ইৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ, আৰু এই বৃহৎ বিনিয়োগে ইয়াৰ স্থিতি আৰু অধিক সুদৃঢ় কৰি তুলিব।
ইউ এ ইৰ বিনিয়োগসমূহ আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, প্ৰযুক্তি, আৰু লজিষ্টিককে ধৰি একাধিক খণ্ডক সামৰি ল’ব। তেলৰ বাহিৰেও নিজৰ অৰ্থনীতিৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ দৃষ্টিভংগীৰ অংশ হিচাপে ইউ এ ইয়ে ভাৰতৰ দৰে উদীয়মান বজাৰত কৌশলগত বিনিয়োগৰ প্ৰতি ক্ৰমান্বয়ে বৰ্দ্ধিত দৃষ্টি ৰাখিছে, যিয়ে উচ্চ বৃদ্ধিৰ সম্ভাৱনা আৰু বৃহৎ মোনাফা প্ৰদান কৰে।

ভাৰতৰ বাবে মূল সুবিধা সমূহ

বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি ভাৰতে এই বিনিয়োগৰ পৰা যথেষ্ট লাভৱান হ’বলৈ গৈ আছে । কৃষি, প্ৰযুক্তি, আৰু আন্তঃগাঁথনিৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব দিয়াটো ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী (আত্মনিৰ্ভৰ ভাৰত)ৰ সৈতে মিল থকা । ইউ এ ইৰ সৈতে অংশীদাৰিত্বৰ ভাগিদাৰ হৈ ভাৰতে জটিল বিদেশী বিনিয়োগ আকৰ্ষণ কৰিব পাৰে, আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰিব পাৰে, আৰু নতুন বজাৰত পদক্ষেপ দিব পাৰে।
ইয়াৰ উপৰিও এই অংশীদাৰিত্বই দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, যিয়ে ইতিমধ্যে যোৱা বিত্তীয় বৰ্ষত ৮৪ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। ইউ এ ই ভাৰতৰ তৃতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ, আৰু এই বিনিয়োগে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।

ভৱিষ্যতৰ বাবে এক দৃষ্টিভংগী

ইউ এ ই-ভাৰতৰ অংশীদাৰিত্ব কেৱল অৰ্থনৈতিক বৃদ্ধিৰ কথা নহয়; ইয়াৰ উপৰিও ই দুয়োটা জাতিৰ অধিক সংহত আৰু ভাৰসাম্যক্ষম ভৱিষ্যতৰ বাবে থকা উমৈহতীয়া দৃষ্টিভংগীৰ প্ৰমাণস্বৰূপ । খাদ্য কৰিডৰৰ দৰে ভাৰসাম্যক্ষম, পৰিমাপযোগ্য প্ৰকল্প সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়াটোৱে উদ্ভাৱন আৰু বৃদ্ধিৰ প্ৰতি এক দায়বদ্ধতা প্ৰকাশ কৰে যিয়ে দুয়োখন দেশৰ জনসাধাৰণ আৰু অৰ্থনীতি উভয়কে লাভবান কৰে।
সামৰণিত ক’ব পাৰি যে ভাৰতত ইউএইৰ ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগ দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। ২ বিলিয়ন ডলাৰৰ খাদ্য কৰিডৰ প্ৰকল্পটোৱে অন্যান্য বিনিয়োগৰ লগতে ভাৰতৰ কৃষি, প্ৰযুক্তি, আৰু আন্তঃগাঁথনি খণ্ডক পুনৰ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যাৰ ফলত বহনক্ষম বৃদ্ধি আৰু দীৰ্ঘম্যাদী সুবিধা সৃষ্টি হ’ব । এই অংশীদাৰিত্বই পাৰস্পৰিক সহযোগিতা আৰু ভৱিষ্যতৰ বাবে সাজু অৰ্থনৈতিক কৌশলৰ আৰ্হি হৈ পৰিছে যাৰ ফলত ভাৰত আৰু ইউ এ ই দুয়ো দেশকে বিশ্বৰ মঞ্চত শক্তিশালী কৰি তুলিছে।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *