Thu. Nov 21st, 2024
A fighter jetCredit pixabay

৩০ ছেপ্টেম্বৰ ২০২৪ চন, ইজৰাইলে দক্ষিণ লেবাননত চলোৱা বিমান আক্ৰমণত হিজবুল্লাহৰ হাই-প্ৰফাইল নেতা হাছান নাছৰল্লাহৰ মৃত্যু হোৱাৰ লগে লগে বিশ্বজুৰি তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে । ইজৰাইলৰ বিষয়াসকলে প্ৰশংসা কৰা এই বিমান আক্ৰমণৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে হোৱাইট হাউছৰ প্ৰাক্তন জ্যেষ্ঠ উপদেষ্টা তথা ড’নাল্ড ট্ৰাম্পৰ জোঁৱাই জেৰেড কুছনাৰে এই পদক্ষেপক অঞ্চলটোত ইৰাণৰ প্ৰভাৱৰ ওপৰত এক বৃহৎ আঘাত বুলি প্ৰশংসা কৰিছে । লগতে তেওঁ প্ৰকাশ কৰে যে হিজবুল্লাহৰ দৰে “প্ৰক্সি” বাহিনীত ইৰাণৰ নিয়ন্ত্ৰণ হ্ৰাস পোৱা বুলি তেওঁ ভাবে । সেই কথালৈ আঙুলিয়াই দি কুছনাৰে ঘোষণা কৰে যে “ইৰাণ এতিয়া সম্পূৰ্ণৰূপে উন্মোচিত হৈছে”।

ইজৰাইল-ইৰাণৰ শত্ৰুতা বৃদ্ধি আৰু ইয়াৰ ফলত অধিক সংঘাতৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা বৃদ্ধি পোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে । উল্লেখযোগ্য যে লেবাননক ভিত্তি কৰি গঢ়ি উঠা ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠন হিজবুল্লাহ দীৰ্ঘদিন ধৰি ইজৰাইলৰ বাবে এক কাঁইটৰ দৰে হৈ আহিছে । সংগঠনটোৰ কাৰ্যকলাপে সমগ্ৰ অঞ্চলটোত অস্থিৰতাৰ সৃষ্টি কৰিছে । ইৰাণে এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে ইয়াৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে । হিন্দুস্তান টাইমচৰ বাতৰিত প্ৰকাশ পোৱা মতে ইৰাণ খঙত জ্বলি-পকি আছে আৰু ইজৰাইলক আক্ৰমণ কৰাৰ হুংকাৰ দিছে । যাৰ ফলত অস্থিৰ অঞ্চলটোত আৰু অধিক উত্তেজনা বৃদ্ধিৰ পোৱাৰ সম্ভাৱনাৰ ওপৰত ব্যাপক উদ্বেগ প্ৰকাশ পাইছে ।


আমেৰিকাকে ধৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহে এই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । এই ঘটনাই চলি থকা ভূ-ৰাজনৈতিক গতিশীলতাক গঢ় দিয়াৰ সম্ভাৱনাৰ লগতে সামগ্ৰিক নিৰাপত্তা আৰু কূটনৈতিক প্ৰচেষ্টাত প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, বিশেষকৈ আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত,য’ত বৈদেশিক নীতি এটা কেন্দ্ৰীয় বিষয় ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *