Thu. Nov 21st, 2024
চীনৰ চিকিৎসালয়ত নিজৰ সন্তানক চিকিৎসা কৰোৱাৰ বাবে অপোক্ষাৰত পিতৃ-মাতৃ

কোভিড-19ৰ বাধা নিষেধৰ পৰা সম্পূৰ্ণ মুক্ত হওঁতে-নহওঁতেই চীনৰ উত্তৰ প্ৰান্তত পুনৰ দেখা দিছে নিউমোনিয়া সদৃশ শ্বাস-প্ৰশ্বাস জনিত এক ৰহস্যময় ৰোগ । এই অচিন ৰোগত বিশেষকৈ শিশু সকল বেছিকৈ আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে । আমেৰিকান বাতৰি সংস্থা এন বি চিৰ বাতৰি অনুসৰি উত্তৰ চীনৰ চিকিৎসালয় সমূহ শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত শিশুৰে ঠাহ খাই পৰিছে । ৰোগৰ ভয়াবহতালৈ লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থা হো ( WHO)ই চীন চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে আৰু প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । এই তথ্য 22 নৱেম্বৰত প্ৰচাৰিত WHOৰ নিজস্ব অফিচিয়েল ৱেবচাইটৰ ষ্টেটমেণ্টত প্ৰকাশ ।

অৱশ্যে ৰয়েটাৰ্ছ নামৰ বাতৰি সংস্থাৰ খবৰ অনুসৰি বিজ্ঞানী সকলে চীনৰ এই নিউমোনিয়া সদৃশ ৰোগক লৈ মানুহৰ মাজত শংকা নিবিয়পাবলৈ সাৱধান বাণী শুনাইছে ।

khabartaza24.com

By khabartaza24.com

অসমীয়া ভাষাত সকলো ধৰণৰ সঠিক খবৰৰ এক নিৰ্ভৰযোগ্য ৱেবচাইট । ইয়াত পঢ়িবলৈ পাব বিশ্বৰ চুকে-কোণে ,সংঘটিত হোৱা সমাজ,পৰিৱেশ,ৰাজনীতি,অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিশেষ খবৰ আৰু বিশ্লেষণ ।

One thought on “চীনত ৰহস্যময় নিউমোনিয়াৰ আৱিৰ্ভাব:বিশ্ব স্বাস্থ্য সংস্থাৰ নজৰত চীন”

Leave a Reply

Your email address will not be published. Required fields are marked *