উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ চিলকয়াৰাত খহি পৰা নিৰ্মীয়মান টানেলত আৱদ্ধ হৈ থকা 41 জন কন্ট্ৰাকচন কৰ্মীৰ উদ্ধাৰৰ বাবে আজিও অব্যাহত আছে উদ্ধাৰ অভিযান ।
উল্লেখযোগ্য যে যোৱা 12 নৱেম্বৰত উত্তৰাখণ্ডৰ উত্তৰ কাশীৰ 134 নং ৰাষ্ট্ৰীয় ঘাই পথ ( NH-134 )ৰ চিলকয়াৰাত নিৰ্মান হৈ থকা 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ টানেলৰ কিছু অংশ খহি পৰে । ফলত সেই সময়ত টানেলৰ ভিতৰত কৰ্মৰত 41 জন কনষ্ট্ৰাকচন কৰ্মী টানেলৰ ভিতৰত আৱদ্ধ হৈ পৰে । টানেলৰ ভিতৰত আৱদ্ধ হৈ পৰা কৰ্মী কেইজন জীৱিত নে মৃত নিশ্চত হ’ব পৰা হোৱা নাছিল । সম্পূৰ্ণ 9 দিনৰ পিছত কেইবামিটাৰ ফুটা কৰি কেমেৰা ভিতৰলৈ ভৰাই দি কৰ্মীকেইজনৰ ভিডিও সংগ্ৰহ কৰা হয় । ভিডিওত কৰ্মীকেইজনক জীৱন্ত ৰূপত দেখা যায় ।
খহি পৰা টানেলৰ ভিতৰত 9 দিনে আৱদ্ধ হৈ থকাৰ পিছত তেওঁলোকৰ জীৱিত থকাৰ ভিডিওই উদ্ধাৰকাৰী কৰ্মী সকলৰ মনত উৎসাহৰ সৃষ্টি কৰে ।
কৰ্মীকেইজনক উদ্ধাৰ কৰিবলৈ প্ৰথমে সামতলিক ( Horizontal ) ড্ৰিলিং কৰি পাইপ জোৰা দি এটা জীৱন ৰক্ষাকাৰী সুৰংগ পথ নিৰ্মান কৰাৰ আঁচনি লোৱা হয় আৰু ড্ৰিলিং আৰম্ভ কৰা হয় । কিন্তু ড্ৰিল্ং পথত থকা আৱৰ্জনা,কঠিন শিলাখণ্ড,টানেল নিৰ্মানত ব্যৱহাৰ হোৱা তীখাৰ জালি আদিয়ে ড্ৰিলিঙত বাধাৰ সৃষ্টি কৰে । ইয়াৰ লগতে ড্ৰিলিং মেচিনৰ যান্ত্ৰিক বিজুতিৰ ফলত উদ্ধাৰ অভিযান কেইবাবাৰও স্থগিত ৰাখিব লগা হয় । শেষত মাত্ৰ 10-12 মিটাৰ ড্ৰিলিং কৰিবলৈ বাকী থকা অৱস্থাত ড্ৰিলিং মেচিনৰ আগ অংশত থকা অগাৰৰ ব্লেড ভাগি ড্ৰিলিং পথত লাগি ধৰে । প্লাজমা কাটাৰৰ দ্বাৰা অগাৰ মেচিনৰ ভাগি লাগি ধৰা ব্লেড কাটি বাহিৰ কৰাৰ চেষ্টা কৰা হয় । এই চেষ্টা এতিয়াও অব্যাহত আছে ।
ইতিমধ্যে পোন্ধৰ দিন পাৰ হৈ গৈছে । টানেলত আৱদ্ধ লোক কেইজনক 6 ইঞ্চি ব্যাসৰ এক পাইপৰ যোগেদি খাদ্য,ঔষধ আদি যোগান ধৰি থকা হৈছে বুলি উদ্ধাৰ স্থলীৰ পৰা জানিব পোৱা গৈছে ।
সামতলিক ড্ৰিলিং বিফল হোৱাৰ পিছত দেওবাৰে উলম্ব ড্ৰিলিং কৰাৰ সিদ্ধান্ত লোৱা হয় । সেই অনুসৰি 26 তাৰিখৰ পিছবেলাৰ পৰা উলম্ব ড্ৰিলিং কৰিবলৈ আৰম্ভ কৰা হয় । 110 মিটাৰ কৰিব লগা উলম্ব ড্ৰিলিঙৰ ইতিমধ্যে 20 মিটাৰ ড্ৰিলিং কৰা হৈছে বুলি হিন্দুস্তান টাইমচৰ এক বাতৰিত প্ৰকাশ । এতিয়াও 86 মিটাৰ ড্ৰিলিং কৰিবলৈ বাকী আছে ।
আমেৰিকান সামতলিক অগাৰ মেচিন যেতিয়া বিফল হ’ল, উলম্ব ড্ৰিলিং মেচিন কামত লগাবলৈ সিদ্ধান্ত লোৱা হয় ।
নেশ্চনেল হাইৱেই আৰু আন্ত:গাঠনি উন্নয়ণ কৰ্পৰেচন লিমিটেড ( National Highways and Infrastructure Development Corporation Limited )ৰ সঞ্চালক মহমদ আহমেদে কয় যে উলম্ব বৰিং অহা বৃহস্পতিবাৰৰ ভিতৰত সম্পূৰ্ণ হ’ব যদি কোনো বাধাৰ সৃষ্টি নহয় ।
টানেলত আৱদ্ধ লোক কেইজনক উলিয়াই আনিবৰ বাবে এটা ঠেক পথ সৃষ্টি কৰিবলৈ উলম্ব ড্ৰিলিঙৰ দ্বাৰা 700 মিলি মিটাৰ ব্যাসৰ এডাল পাইপ ভৰাই দিয়া হৈছে । এই তথ্য পিটিআইৰ ।
ইতিমধ্যে দেওবাৰে ভাৰতীয় সৈন্য বাহিনীৰ উদ্ধাৰকাৰী দলও আহি উদ্ধাৰ অভিযানত যোগ দিছেহি । তেওঁলোকে নিজস্বভাবে মেনুৱেল ড্ৰিলিং আৰম্ভ কৰিছে ।
আৱদ্ধ লোক কেইজনক উদ্ধাৰ কৰিবৰ বাবে ছয় প্ৰকাৰৰ উদ্ধাৰ পদ্ধতিৰ কথা ভাবি উলিওৱা হৈছে । তাৰে কেইবাটাও পদ্ধতি ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে ।
অহা মংগল বাৰৰ পৰা উদ্ধাৰ কাৰী দলে 180 মিটাৰৰ আন এটা সুৰংগ পথ খান্দিবলৈ আৰম্ভ কৰিব বুলি বাতৰিত প্ৰকাশ । আনহাতে উদ্ধাৰ অভিযানৰ তদাৰকী বিষয়াই জনোৱা মতে বাৰকোটৰ ফালৰ পৰাও উলম্ব ড্ৰিলিং কৰা হৈছে । এই কাম সম্পূৰ্ণ হওঁতে 40 দিন প্ৰয়োজন হ’ব ।
দেশৰ সকলোৱে নজৰ ৰাখিছে টানেলত আৱদ্ধ লোক কেইজনক কেতিয়া নিৰাপদে উদ্ধাৰ কৰিব পৰা যায় তাৰ ওপৰত ।