কাটাৰৰ মধ্যস্থতাত চলোৱা প্ৰচেষ্টাত হামাচ আৰু ইজৰাইল দুই পক্ষই এক অস্থায়ী শান্তি চুক্তি প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাৰ কথা আলজাজিৰা বাতৰি চেনেলৰ এক বাতৰিত প্ৰকাশ ।
ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱেও “শান্তি চুক্তিৰ প্ৰক্ৰিয়া আগবাঢ়ি আছে” বুলি জনায় । হামাচৰ লীডাৰৰ ভাষ্য অনুসৰি “শান্তি চুক্তি আহি আছে” । অৱশ্যে ইজৰাইলৰ জাতীয় সুৰক্ষা মন্ত্ৰী বেন-জিভিৰে এই শান্তি আলোচনাৰ পক্ষপাতি নহয় । এক সামাজিক মাধ্যমত প্ৰৰকাশ কৰা তেওঁৰ মত অনুসৰি হামাচৰ ওপৰত এই অভিযান আব্যাহত ৰাখিব লাগে ।
আনহাতে ৰাষ্ট্ৰ সংঘৰ মূৰব্বীয়ে প্ৰকাশ কৰা অনুসৰি গাজাত এগৰাকী ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰী আৰু তেওঁৰ এটি ছয় মহীয়া কেঁচুৱা,তেওঁৰ গিৰিয়েক আৰু দুজন ভাতৃৰ মৃত্যু হৈছে ।
হামাচ পৰিচালিত স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি ইজৰাইল আৰু হামাচৰ সংঘাত আৰম্ভ হোৱাৰে পৰা এই পৰ্য্যন্ত 4,600 শিশুৰ মৃত্যু হৈছে আৰু 9000ৰো অধিক শিশু আঘাতপ্ৰাপ্ত হৈছে । নিউযৰ্ক টাইমচৰ বাতৰি অনুসৰি যুদ্ধ বিধ্বস্ত গাজা শিশুৰ বাবে মৰিশালিলৈ ৰূপান্তৰিত হৈছে ।
[…] বহ দেশত উদ্দেগৰ সৃষ্টি কৰিছে । আমাৰ পূৰ্বৰ বাতৰিত এই বিষয়ে প্ৰকাশ কৰা হৈছে […]
[…] ইজৰাইলে জনায় যে সাময়িক যুদ্ধ বিৰতি পুনৰ কাৰ্যকৰী কৰাৰ বাবে হোৱা আলোচনাত […]