বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাৰ বিৰুদ্ধে চলি থকা ছাত্ৰ আন্দোলনে আজি হিংসাত্মক ৰূপ ধাৰণ কৰাত পুলিছ আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত প্ৰায় তিনিশৰো অধিক প্ৰতিবাদকাৰীৰ মৃত্যু হয় আৰু বহুজন আহত হয় । পৰিস্থিতি অৱনতি ঘটাৰ ফলত বাংলাদেশৰ আৰ্মীয়ে প্ৰধান মন্ত্ৰী শ্বেইখ হাচিনাক 45 মিনিটৰ ভিতৰত প্ৰধান মন্ত্ৰীৰ পদৰ পৰা পদ ত্যাগ কৰিবলৈ সময় বান্ধি দিয়ে । পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰাত উপায়ন্তৰ হৈ শ্বেখ হাচিনাই পদত্যাগ কৰে আৰু চুবুৰীয়া দেশ ভাৰতলৈ পলায়ণ কৰে । প্ৰতিবাদকাৰীৰ সৈতে হোৱা সংঘৰ্ষত 14 জনতকৈ অধিক আৰক্ষী যোৱানৰ মৃত্যু হৈছে ।
“তেওঁ আৰু তেওঁৰ ভগ্নীয়ে গণভবন (প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ) এৰি নিৰাপদ স্থানলৈ গৈছে।’-এক সূত্ৰই এএফপিক জনায়। বিজিনেচ টুডেৰ বাতৰিত এই কথা প্ৰকাশ ।
সোমবাৰে সমগ্ৰ বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদৰ ফলত প্ৰায় 300 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। দেশজুৰি সান্ধ্য আইন আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিবাদী শ্লোগানৰ মাজতে ঢাকা চলো পদযাত্ৰাৰ আহ্বান জনোৱা হয়।
উল্লেখযোগ্য যে আৱামী লিগৰ নেতা শ্বেখ হাছিনা ৱাজেদ[ ( জন্ম ২৮ ছেপ্টেম্বৰ ১৯৪৭) এগৰাকী বাংলাদেশী ৰাজনীতিবিদ যিয়ে ১৯৯৬ চনৰ জুন মাহৰ পৰা ২০০১ চনৰ জুলাইলৈকে আৰু পিছলৈ ২০০৯ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ আগষ্টলৈকে বাংলাদেশৰ দশম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বাংলাদেশৰ প্ৰতিষ্ঠাপক তথা প্ৰথম ৰাষ্ট্ৰপতি শ্বেইখ মুজিবুৰ ৰহমানৰ কন্যা। মুঠ ২০ বছৰতকৈও অধিক সময় কাৰ্যনিৰ্বাহ কৰা তেখেত বাংলাদেশৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী। ২০২৪ চনৰ ৫ আগষ্টত পদত্যাগ কৰাৰ পূৰ্বে তেওঁ আছিল বিশ্বৰ আটাইতকৈ দীৰ্ঘদিনীয়া মহিলা চৰকাৰৰ মুৰব্বী।