এক অতি দুখজনক ঘটনাত যোৱা দেওবাৰে অসমৰ শোণিতপুৰ জিলাত এগৰাকী আদিবাসী মহিলাক ডাইনীৰ সন্দেহত জীৱন্তে জ্বলাই হত্যা কৰাৰ খবৰ প্ৰকাশ পাইছে । পিটিআইৰ বাতৰিত প্ৰকাশ পোৱা মতে তিনিটা সন্তানৰ মাতৃ আদিবাসী মহিলা গৰাকীক দেওবাৰে সন্ধ্যা কেইজনমানলোকে ঘৰতে আহি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু জীৱন্তে জ্বলাই দিয়ে ।
বতৰিত প্ৰকাশ পোৱা মতে সংগীতা কাতি নামৰ মহিলাগৰাকীক চুবুৰীয়া সুৰজ বাঘৱাৰ নামৰ এগৰাকী লোকে তেওঁলোকৰ গাওঁ নিজ বাহবাৰী গাঁৱৰ বাহিৰৰ পৰা একাংশ লোকক আনি তেওঁলোকৰ লগ হৈ আক্ৰমণ কৰে । মদ্যপান কৰি সুৰামত্ত অৱস্থাত থকা আক্ৰমণকাৰীয়ে মহিলা গৰাকীৰ স্বামীক বান্ধি থৈ পিছত মহিলাগৰাকীৰ দেহত অগ্নি সংযোগ কৰে । এই ঘটনাত জড়িত মহিলা গৰাকীৰ একে গাৱঁৰে পাঁচজন লোকক ইতিমধ্যে পুলিছে আটক কৰিছে ।
VIDEO | A woman was attacked with sharp weapons and burnt to death on Sunday evening for allegedly practising witchcraft in Assam's Sonitpur district.
— Press Trust of India (@PTI_News) December 26, 2023
The victim, an Adivasi woman, was a mother of three children. The police have arrested five persons, all of them residents of… pic.twitter.com/KrYRfj1gQb